মাত্র ২০,০০০ টকা দি আৰম্ভ কৰক এই ব্যৱসায়, প্রতি মাহে আয় কৰিব ৪ লাখ টকা !
হাতত যদি কম টকা আছে আৰু আপুনি ব্যৱসায়ত নামিবলৈ আগ্ৰহি তেন্তে এই খবৰটো শেষলৈকে পঢ়ক। কিয়নো খুব কম টকাত এই ব্যৱসায়টো আৰম্ভ কৰি যথেষ্ট ধন উপাৰ্জন কৰাৰ সুযোগ আপোনাৰ হাতত আছে৷
আপুনি লেমন ঘাঁহৰ খেতি কৰি বহু টকা উপাৰ্জন কৰিব পাৰে৷ এই খেতিৰ বাবে আপুনি প্ৰতি মাহে ১৫,০০০ ৰ পৰা ২০,০০০ টকা খৰচ কৰি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে৷
তেলৰ বজাৰত লেমন ঘাঁহ তেলৰ যথেষ্ট চাহিদা আছে৷ লেমন ঘাঁহ তেল প্ৰসাধন, চাবোন, তেল আৰু ঔষধ নিৰ্মাণকাৰী কোম্পানীবোৰে ব্যৱহাৰ কৰে৷ এই খেতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল খৰাং প্ৰভাৱিত অঞ্চলতো ইয়াক কৰিব পৰা যায়৷ আপুনি মাত্ৰ এক হেক্টৰ মাটিৰ পৰা বছৰি প্ৰায় ৪ লাখ টকা উপাৰ্জন কৰিব পাৰে৷
লেমন ঘাঁহৰ খেতি কৰাৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে ফেব্ৰুৱাৰীৰ পৰা জুলাই মাহ৷ এবাৰ লেমন ঘাঁহ ৰোপণ কৰাৰ পিছত শস্য ৬-৭ বাৰ চপোৱা হয়৷ এবছৰত এডোখৰ মাটিৰ পৰা প্ৰায় ৩ৰ পৰা ৫ লিটাৰ তেল আহৰণ কৰা হয়৷ ইয়াক প্ৰায় ১,০০০ টকাৰ পৰা ১৫০০ টকালৈ বিক্ৰী কৰা হয়৷ প্ৰায় ৩ৰ পৰা ৫ মাহৰ ভিতৰত প্ৰায় ৫ টন ঘাঁহ উপলব্ধ হয় ৷
এই খেতি মাত্ৰ ১৫ ৰ পৰা ২০,০০০ টকাত আৰম্ভ কৰিব পাৰি৷ কিন্তু আপোনাৰ বাজেট যদি অলপ বেছি, তেতিয়া আপুনি প্ৰথমেই যন্ত্ৰৰ ব্যৱহাৰ কৰিব পাৰে৷ মেচিন ছেট আপৰ মূল্য ২ৰ পৰা ২.৫ লাখ টকা হ’ব পাৰে৷
লেমন ঘাঁহৰ খেতিয়ে অতি শীঘ্ৰেই ভাল উপাৰ্জন কৰিব পাৰে৷ এক কুইণ্টল লেমন ঘাঁহৰ পৰা ১ লিটাৰ তেল ওলাই৷ বজাৰত এই ১ লিটাৰ তেলৰ মূল্য হৈছে ১,০০০ ৰ পৰা ১৫০০ টকা৷