নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডঃ শনিবাৰে আক্রান্ত ৬৪০, মৃত্যু ১৫, আক্রান্তৰ হাৰ ০.৭৭ শতাংশ

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: অসমত ক’ভিডৰ সংক্রমণ অব্যাহত আছে৷ শনিবাৰৰ দিনটোত নতুনকৈ ৬৪০জন লোক ক’ভিডত আক্রান্ত হয়৷ সেইদৰে শনিবাৰৰ দিনটোত ১৫জন ক’ভিড ৰোগীৰ মৃত্যু হয়৷

ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি, শনিবাৰে ৰাজ্যখনত ৮২,৭২৯জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়৷ ইয়াৰে ৬৪০জন লোকৰ দেহত পজিটিভ ধৰা পৰে৷ শনিবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত ১২৬জন কামৰূপ (মেট্র’), ৫০জন গোলাঘাট, ৩৯জন বৰপেটা, ৩৫জন ডিব্রুগড় জিলাৰ৷ শনিবাৰৰ দিনটোত ৰাজ্যখনত আক্রান্তৰ হাৰ ০.৭৭ শতাংশ৷

আনহাতে, ক’ভিডত আক্রান্ত হৈ শনিবাৰে নলবাৰীত ৪জন, বৰপেটাত ২জন, ধুবুৰী–ডিব্রুগড়–গোল্ (মেট্র’)–কামৰূপ–লখিমপুৰ কার্বি আংলঙত এজনকৈ মুঠ ১৫জন লোকৰ মৃত্যু হয়৷

ইপিনে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত শনিবাৰে ৬৫৮জন লোকক হাস্পাতলৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৬,৮৭৭জন৷ অসমত এতিয়া সুস্থতাৰ হাৰ ৯৭.৬৪ শতাংশ৷

You might also like