নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ টীম ইণ্ডিয়াৰ কেপ্টেইন নৰেন্দ্র মোদী, অসমত কেপ্টেইন ড০ হিমন্ত বিশ্ব

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: কেবিনেট মন্ত্রী ৰূপে অসমত ভৰি দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ প্রসংগত পঞ্চমুখ হৈ পৰিল সর্বানন্দ সোণোৱাল৷ অসমত মুখ্যমন্ত্রী হিচাপে ১০০ দিনীয়া কার্যকালত কৰা উন্নয়ন তথা অপৰাধ ৰোধত ড০ শর্মা সফল হোৱা বুলি মন্তব্য কৰি প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ মন্তব্য– ড্রাগ্ছৰ বিৰুদ্ধে যি নিৰন্তৰ অভিযান চলাইছে, তাৰ দ্বাৰা এই চৰকাৰখনে মানৱতাৰ ধর্ম পালন কৰিছে৷ ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত এখন সংবাদ মেলত সোণোৱালে কয় যে উত্তৰ–পূব উন্নয়নৰ ক্ষেত্রত কংগ্রেছে তেওঁলোকৰ দীর্ঘদিনীয়া শাসনকালত যদি পদক্ষেপ গ্রহণ কৰিলেহেঁতেন, অসম তথা আটাইকেইখন চুবুৰীয়া ৰাজ্য যথেষ্ট আগুৱাই গ’লহেঁতেন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা ৭টা বছৰত যিধৰণে উত্তৰ–পূবৰ যোগাযোগ ব্যৱস্থা, শিক্ষা, স্বাস্থ্য, প্রশাসন সকলো ক্ষেত্রতে উন্নয়ন সাধিলে, তাৰ বাবে সকলো শ্রেণীৰ ৰাইজে পৰিৱর্তন দেখিবলৈ পাইছে৷

মোদীৰ শাসনকালত অসমৰ মানুহে সপোন ৰচিবলৈ সক্ষম হৈছে৷ এই কথাবোৰ সম্ভৱ হৈছে প্রধানমন্ত্রীয়ে উত্তৰ–পূবৰ ওপৰত দিয়া বিশেষ গুৰুত্বৰ বাবে৷ কিন্তু কংগ্রেছৰ কার্যকালত উত্তৰ–পূবত চলিল দুর্নীতি আৰু অপশাসন৷ মাহীআইৰ দৃষ্টিৰে উত্তৰ–পূবক বহু পিছুৱাই ৰাখিলে৷ ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রত চৰকাৰ গঠনৰ পাছতেই মানুহে পৰিৱর্তনৰ দিশসমূহ বুজিব পৰা নাছিল৷ কিন্তু প্রধানমন্ত্রী মোদীয়ে সবকা সাথ সবকা বিকাশ নীতিৰ জৰিয়তে যিধৰণে সকলোৰে কল্যাণ কৰিলে, তাৰ বাবে উঠি অহা প্রজন্ম উৎসাহিত হৈছে৷ কংগ্রেছে কেৱল বিভাজনৰ নীতি চলাই আহিছিল৷ ৰাজ্যসমূহৰ মাজত আন্তৰিকতা নোহোৱা কৰি তুলিছিল৷ কিন্তু মোদীয়ে এক ভাৰত শ্রেষ্ঠ ভাৰত নীতিৰে সকলোকে গঢ় দিলে৷

ইফালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ১০০ দিন সম্পূর্ণ কৰাৰ বাবে শুভেচ্ছা জনাই সোণোৱালে কয়– যোৱা ১০০টা দিনত এই চৰকাৰখনে যি উল্লেখযোগ্য সিদ্ধান্ত গ্রহণ কৰিলে, তাৰ দ্বাৰা সাধাৰণ ৰাইজৰ মাজত আশা সজীৱ কৰি তুলিব পাৰিছে৷ নাগৰিকক কর্ম উপযোগী কৰি তোলাত সক্ষম হৈছে এই চৰকাৰখন৷ মুখ্যমন্ত্রী হিচাপে ড০ শর্মাই দিনে–নিশাই কাম কৰিছে৷ বিজেপিৰ টীম ইণ্ডিয়াৰ  কেপ্টেইন হ’ল নৰেন্দ্র মোদী আৰু অসমৰ কেপ্টেইন হ’ল ড০ হিমন্ত বিশ্ব শর্মা৷ উপ–নির্বাচনৰ প্রসংগত  সোণোৱালৰ মন্তব্য আছিল– বিজেপিয়ে উপ–নির্বাচনত আটাইকেইখন আসন দখল কৰিব৷ মাজুলীৰ প্রসংগত সোণোৱালে কয়– মাজুলীৰ ৰাইজক মই কেতিয়াও পাহৰিব নোৱাৰোঁ৷ দুবাৰকৈ মোক মাজুলীবাসীয়ে নির্বাচিত কৰিছে৷ মই মোৰ দায়িত্ব পালন কৰি যাম৷ আনহাতে শেহতীয়াকৈ কেইবাজনো কংগ্রেছী বিধায়কে বিজেপিত যোগদানৰ প্রসংগত তেওঁ কয়– কংগ্রেছ এতিয়া হতাশাগ্রস্ত হৈছে৷ কোনোৱে কংগ্রেছত থাকিব বিচৰা নাই৷ কেন্দ্রীয় চৰকাৰে সবকা সাথ সবকা বিকাশ নীতিৰে উত্তৰ–পূবৰ প্রতিটো পিছপৰা সম্প্রদায়ক আগুৱাই নিয়াৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ বাবে কংগ্রেছে ভয় খাইছে৷ কিয়নো প্রতিটো জাতি–জনগোষ্ঠীক ন্যায় প্রদান কৰা দিশটো কংগ্রেছে উপলব্ধি কৰিব নোৱাৰে৷ কংগ্রেছৰ গৰিবী হতাও শ্লোগান কার্যক্ষেত্রত কোনেও নেদেখিলে৷ সেয়েহে আজি কংগ্রেছৰ পৰা আঁতৰি যাবলৈ লৈছে সকলো৷

উল্লেখ্য যে জন আশীর্বাদ যাত্রাৰ বাবে তিনিদিনীয়া কার্যসূচীৰে শনিবাৰে পুৱাৰ ভাগত গুৱাহাটীত উপস্থিত হয় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল৷ শনিবাৰে পুৱা প্রায় ৯.২০ বজাত বিমানবন্দৰত অৱতৰণৰ পাছতেই ভি আই পি কক্ষত কেন্দ্রীয় মন্ত্রীগৰাকীক ৰাজ্য চৰকাৰৰ হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উষ্ম আদৰণি জনায়৷ মুখ্যমন্ত্রীৰ লগতে সোণোৱালক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক অজয় জামৱাল, সাংসদ তথা ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কামাখ্যাপ্রসাদ তাছা, পল্লৱলোচন দাস, কুইন ওজা, তপন দাস আৰু বিধায়ক হেমাংগ ঠাকুৰীয়ায়ো সম্বর্ধনা জনায় সোণোৱালক৷ প্রায় ৪০ মিনিট সময় ধৰি ভি আই পি লঞ্জতেই মুখ্যমন্ত্রী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ সৈতে ৰাজ্য তথা দল সম্পর্কে বিস্তৃত আলোচনা কৰে৷

কেন্দ্রীয় মন্ত্রীগৰাকীৰ আগমনক লৈ ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা বিশেষ আদৰণী কার্যসূচী অনুসৰি বিমানবন্দৰৰ পৰা ওলোৱাৰ পাছতেই সর্বানন্দ সোণোৱালক গায়ন–বায়ন, জনগোষ্ঠীয় নৃত্য, বিহু আদিৰে কার্যকর্তাসকলে বিশেষভাৱে সম্বর্ধনা জনায়৷ বিমানবনদৰৰ বাকৰিত স্থাপন কৰা অস্থায়ী মঞ্চত ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সর্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ভাগৱত গীতা আৰু তুলসীৰ পুলিৰে সম্ভাষণ জনোৱাৰ পাছতেই কেন্দ্রীয় মন্ত্রীগৰাকীক লৈ আৰম্ভ হয় জন আশীর্বাদ যাত্রাৰ প্রথম কার্যসূচী৷ ভাৰত মাতা কী জয়, প্রধানমন্ত্রী নৰেন্দ্র মোদী জিন্দাবদ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ধ্বনিৰে কার্যকর্তাসকলে কেন্দ্রীয় মন্ত্রীগৰাকীক আগুৱাই নিয়ে আজাৰাস্থিত ৰাজহুৱা সভাগৃহলৈ৷ এই সভাগৃহতে বিজেপিৰ ৰাণী মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় আশীর্বাদ যাত্রাৰ কার্যসূচী৷

সভাগৃহৰ প্রাংগণত এটা বকুল গছৰ পুলি ৰোপণ কৰি কার্যসূচীৰ শুভাৰম্ভ কৰা সোণোৱালে কার্যকর্তাসকলক উদ্দেশ্যি কয়– বিজেপিয়ে দেশত মূল্যবোধৰ আধাৰত এখন শক্তিশালী সমাজ গঢ়াৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ উত্তৰ–পূবৰ প্রতি ইতিবাচক দৃষ্টিভংগীৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রথমবাৰৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ পৰা ৫জনক কেন্দ্রীয় মন্ত্রীসভাত স্থান দিছে৷ এন ই হ’ল– নিউ ইঞ্জিন ফৰ মডার্ন ইণ্ডিয়া গ্র’থ৷ ২০১৪ চনত প্রধানমন্ত্রী হিচাপে মোদীয়ে দায়িত্বভাৰ গ্রহণৰ পাছত বিৰামহীনভাৱে কাম কৰি অহাৰ বাবে আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত দেশৰ ভাবমূর্তি উজ্জ্বল হৈছে৷ ২০১৪ চনৰ আগত কংগ্রেছ দলৰ শাসনৰ ভাৰত আৰু ২০১৪ চনৰ পাছৰ ভাৰতখন তুলনা কৰিলেই ওলাই পৰিব কংগ্রেছ দলে কিদৰে দেশখন শাসন কৰিছিল৷ আজাৰাৰ এই কার্যকর্তা সভাৰ পাছতেই কেন্দ্রীয় মন্ত্রী সোণোৱালে শনিবাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধিস্থলত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বীৰ লাচিত বৰফুকনৰ প্রতিমূর্তিৰ সমুখতো শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

শনিবাৰে প্রাক্তন মুখ্যমন্ত্রীগৰাকীক জন আশীর্বাদ যাত্রাৰ প্রথম দিনাৰ কার্যসূচীত সংগ দিয়ে কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্রী বিমল বৰা, বিধায়ক নৱ দলে, সাংসদ দিলীপ কুমাৰ শইকীয়া, তপন গগৈ, কুইন ওজা আদিকে কৰি কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাই৷

You might also like