নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্রকল্পত উত্তেজনাময় পৰিৱেশঃ খিলঞ্জীয়াৰ ভূমিতহে কৃষি প্রকল্পৰ কাম

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: ‘ছিপাঝাৰৰ গৰুখুঁটিত অসম চৰকাৰে স্থাপন কৰিবলৈ লোৱা কৃষি প্রকল্পৰ কাম স্থবিৰ কৰিবলৈ এটা অপশক্তিয়ে অহর্নিশে প্রচেষ্টা চলাই আহিছে৷’ –এই বিস্ফোৰক অভিযোগ চৰকাৰী কৃষি সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ৷ শনিবাৰে গৰুখুঁটিৰ সমীপৰ সানোৱাত প্রকল্পৰ কাম–কাজ চলি থকা অৱস্থাতে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত বিধায়কগৰাকীয়ে এই মন্তব্য কৰাৰ লগতে খিলঞ্জীয়াৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ এই অপশক্তিটোৱে কৰা প্রচেষ্টা মষিমূৰ কৰি সমন্বয় আৰু সম্প্রীতিৰ মাজেৰে প্রকল্পৰ কাম আগবাঢ়ি যাব বুলিও সজোৰে প্রকাশ কৰে৷উল্লেখ্য যে ছিপাঝাৰৰ গৰুখুঁটি প্রকল্পস্থলীত কালি হঠাৎ সৃষ্টি হয় উত্তেজনাপূর্ণ পৰিৱেশ৷

গৰুখুঁটিৰ সমীপৰ সানোৱাত প্রকল্পৰ ৰূপায়ণকাৰী আৰু সানোৱা অঞ্চলৰ ৰাইজৰ মাজত কৃষিভূমিক লৈ সৃষ্টি হয় সংঘাত৷ আনকি প্রকল্প নির্মাণকার্যত ৰাইজে বাধা প্রদান কৰাৰ ফলত দুয়োপক্ষৰ মাজত সংঘর্ষৰো উপক্রম হয়৷ ইয়াৰ পৰিপ্রেক্ষিতত প্রকল্পৰ কাম এটা সময়ত বন্ধ ৰাখিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ এইক্ষেত্রত ক্ষুব্ধ ৰাইজৰ অভিযোগ– দীর্ঘদিন ধৰি খিলঞ্জীয়া ৰাইজে কৃষিকার্য সম্পন্ন কৰি অহা ভূমিতহে কৃষি প্রকল্পৰ কাম–কাজ ৰূপায়ণ কৰাৰ বিপৰীতে বর্তমানেও বহিৰাগত বেদখলকাৰীৰ কবলত থকা ভূমি এতিয়ালৈকে উচ্ছেদ কৰা নাই প্রশাসনে৷

আনকি ৰাইজৰ লগত আলোচনা নকৰাকৈ বলপূর্বকভাৱে কৃষিকার্য সম্পন্ন কৰা বহু ভূমিৰ খাজনা পর্যন্ত আদায় দি অহা বুলিও দাবী ৰাইজৰ৷ অৱশ্যে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পূর্বে কৃষি সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্রণলৈ আহে৷ ইয়াৰ পাছতে গৰুখুঁটি হাইস্কুলত সানোৱা ৰাইজৰ প্রতিনিধিৰ লগত বিধায়ক তথা কৃষি সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকা এক আলোচনাত মিলিত হয়৷ খিলঞ্জীয়া ৰাইজৰ স্বার্থ কোনো কাৰণতে ব্যাঘাত হ’বলৈ দিয়া নহয় বুলি পদ্ম হাজৰিকাই ৰাইজক পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে৷

ইফালে সানোৱা অঞ্চলটো ইছলাম অধ্যুষিত হোৱা বাবেই কোনো লোকে সংঘাত বিয়পোৱাৰ চেষ্টা কৰে বুলি উল্লেখ কৰে আৰু গাঁওবাসীক বিশ্বাসেৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায় অধ্যক্ষ পদ্ম হাজৰিকাই৷ সানোৱা অঞ্চলৰ খিলঞ্জীয়া ইছলামধর্মী ৰাইজৰ বিপৰীতে কোনো কাম কৰা নহয় বুলিও স্পষ্ট কৰি দি শংকৰ–আজানৰ দেশৰ সম্প্রীতিৰে প্রকল্পক আগবঢ়াই নিয়া হ’ব বুলিও উল্লেখ কৰে৷ এইক্ষেত্রত চক্র বিষয়াগৰাকীক ভূমি পৰীক্ষণৰ দায়িত্ব প্রদান কৰাৰ লগতে উক্ত লোকক প্রকল্পৰ কামত প্রত্যক্ষভাৱে জডিত কৰাবলৈ উক্ত সময়ত উপস্থিত থকা জিলা কৃষি বিষয়াগৰাকীকো নির্দেশ দিয়ে৷ একেদৰে কম দিনৰ ভিতৰতে চৰ–চাপৰিত উচ্ছেদকার্য চলাই প্রকল্পৰ কাম সম্প্রসাৰণ কৰাৰো ইংগিত দিয়ে পদ্ম হাজৰিকাই৷

ইফালে গৰুখুঁটি প্রকল্পৰ ক্ষেত্রত খিলঞ্জীয়া ৰাইজক বিশ্বাস আৰু আস্থাৰে আগবাঢ়ি আহিবলৈ পদ্ম হাজৰিকাই মুকলি আহ্বান জনায়৷ বিশেষকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশেষ পৰিকল্পনাৰে আৰম্ভ কৰা গৰুখুঁটি কৃষি প্রকল্প সঠিকভাৱে আগবঢ়াই নি আত্মসংস্থাপন আৰু উৎপাদনৰ এটা ক্ষেত্র হিচাপে গঢ় দিয়াৰ বাবে বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে৷ অৱশ্যে এইক্ষেত্রত বাধা দিব খোজা অপশক্তিকো চিনাক্ত কৰি উলিওৱা হ’ব বুলি দোহাৰে৷

You might also like