মই বিজেপিত যোগদানৰ কথা ভবা নাই আৰু নাভাবোঃ সাংসদ আব্দুল খালেক
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ শাসনাধিষ্ট চৰকাৰৰ ১০০ দিনত সকলো উন্নয়নৰ কাম কাজ নিৰ্ণয় কৰিব নোৱাৰি আৰু বৰপেটাত এক শ দিনত চৰকাৰৰ উন্নয়নৰ কাম দেখা নাই বুলি বৰপেটাৰ সাংসদ আব্দুল খালেকে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শাসনত গুৰুত্ব দিয়া ভাল আছিল কিন্তু সেইটো নকৰি কেৱল মেৰুকৰণ ৰাজনীতি কৰি থকাৰ কথা উল্লেখ কৰে। আনহাতে এক শ দিনৰ ভিতৰত অসম মিজোৰাম সীমান্তৰ যি ঘটনা সংঘটিত হৈছে সেয়া ৰাজ্য খনৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা বুলি মতপোষণ কৰে সাংসদ গৰাকীয়ে।
ইফালে কংগ্ৰেছী বিধায়ক, প্ৰাক্তন মন্ত্ৰী, সাংসদৰ দল ত্যাগ সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে, যি কেইজন ইতিমধ্যে গৈছে আৰু নাযায় বুলি কোৱাৰ লগতে সাংসদ গৰাকীয়ে বিজেপি লৈ যোৱাৰ সম্ভাৱনা আছে নেকি? সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সাংসদ আব্দুল খালেকে মিচিকিয়া হাহিঁ মাৰি কয় যে মই বিজেপিত যোগদানৰ কথা কোনো দিন ভবা নাই আৰু নাভাবো।
ইফালে বেঁকী নৈৰ তীব্ৰ খহনীয়া সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ২৮৮ কৌটি টকাৰ প্ৰস্তাৱ পঠাইছিল যদিও কাৰিকৰী অসুবিধাৰ বাবে সেয়া হৈ উঠা নাই। অৱশ্যে পুনৰ চেষ্টা কৰি থকা হৈছে। অচিৰেই বিজ্ঞান সন্মত ভাৱে বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ধন আৱন্টন পোৱাৰ সম্ভাৱনা আছে।