দীর্ঘদিনে ঢুকি নাপালে অভিলাষী আঁচনিয়েঃ সৃজনগ্রামৰ চক্রভৌমত ধন ভাঙি, শ্রমদানেৰে পথ নির্মাণ ৰাইজৰ
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: বঙাইগাঁও জিলাৰ সৃজনগ্রাম উন্নয়ন খণ্ডৰ অন্তর্গত চক্রভৌম গাঁও পঞ্চায়তৰ প্রায়বোৰ পথেই নির্মাণৰ অভাৱত অনুপযোগী হৈ পৰিছে৷ এজাক বৰষুণতেই পথৰ অৱস্থা কদর্যময় হৈ পৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে দেশে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্যাপন কৰাৰ পাছতো উক্ত পঞ্চায়তখনৰ অন্তর্গত চক্রভৌম ৰাজহ গাঁৱৰ একাধিক পথ আজিলৈকে নির্মাণ অথবা মেৰামতি নকৰাত ৰাইজে আহ–যাহৰ ক্ষেত্রত যন্ত্রণা ভোগ কৰিব লগা হৈছে৷
যাতায়াতৰ অনুপযোগী হৈ পৰা তেনে এটা পথ আজি গাঁওবাসীয়ে মেৰামতি কৰে৷ বাৰিষা বোকা–পানীৰে ভৰি পৰা পথটো দেখিলে এনে লাগে যেন ভঁূই ৰুবলৈহে মাটি চহোৱা হৈছে৷ পথছোৱা ইমানেই শোচনীয় হয় যে বাহন চলাচল বাদেই সাধাৰণ পথচাৰীয়েও আহ–যাহ কৰিব নোৱাৰা হয়৷ ফলত গাঁওখনৰ শিক্ষার্থী আৰু ৰোগী ভীষণ সমস্যাৰ সন্মুুখীন হৈ আহিছে৷ পৰিতাপৰ বিষয় যে বহুবাৰ কোৱাৰ পাছতো পথটো নির্মাণৰ বাবে পঞ্চায়ত প্রতিনিধিসকলে আজিলৈকে কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷
অৱশেষত ক্ষুব্ধ ৰাইজে আজি পথছোৱা মেৰামতিৰ বাবে শ্রমদান কৰিবলৈ ওলাই আহে৷ অঞ্চলৰ ৰাইজে গাঁঠিৰ ধন ভাঙি কদর্যময় পথছোৱাত ইটাৰ টুকুৰা পেলাই কিছু পৰিমাণে সুচল কৰি লয় যদিও কিছুদিন পাছতেই বেয়া হ’ব বুলি ৰাইজে মন্তব্য কৰিছে৷