নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি টিহুৰ ক’ভিড চিকিৎসালয়ৰ পৰা পলাল কয়দী
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: নলবাৰী জিলাৰ টিহুৰ মাখিবাহাস্থিত মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা ক’ভিড আক্রান্ত দুই কয়দীয়ে পলায়ন কৰা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্রাপ্ত তথ্য মতে, নলবাৰী জিলা কাৰাগাৰ কর্তৃপক্ষই যোৱা ২০ আগষ্টত ক’ভিডত আক্রান্ত ১৪জন কয়দীক চিকিৎসলয়খনত ভর্তি কৰে৷ ইয়াৰে ভিতৰত বাইহাটাৰ ৰাজীৱ শর্মা (২২) আৰু নলবাৰীৰ বৰকুৰাৰ ছাহিল আহমেদ (১৯) নামৰ কয়দী দুজনে যোৱানিশা নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি চিকিৎসালয়খনৰ পৰা পলায়ন কৰে৷ পলায়ন কৰা ক’ভিড আক্রান্ত কয়দী দুগৰাকীৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে ব্যাপক অভিযান আৰম্ভ কৰিছে৷ বাতৰি লিখা পর্যন্ত কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই৷