বিজেপিৰ আশীর্বাদ যাত্রাত ভাস্কৰ বৰুৱাঃ ভূপেন বৰাৰ ধমক
নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মী আৰু থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ বিজেপিত যোগদানৰ পাছতে সোমবাৰে পুনৰ আন এজন কংগ্রেছী বিধায়কে বিজেপিত যোগদানৰ সম্ভাৱনাক লৈ সৃষ্টি হ’ল তীব্র চর্চা৷ বিজেপিত যোগদানৰ সম্ভাৱনাক লৈ সৃষ্টি হোৱা এনে চর্চাক অধিক গতি দিলে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই৷
উল্লেখ্য যে প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক লৈ ৰাজ্যিক বিজেপিয়ে তিনিদিনীয়া কার্যসূচীৰে চলাই থকা আশীর্বাদ যাত্রাৰ বাবে সোমবাৰে যোৰহাট জিলাৰ পুথিভঁৰালত অনুষ্ঠিত হয় এক বিশেষ দলীয় কার্যসূচী৷ বিজেপিৰ এই কার্যসূচীত সকলোকে আচৰিত কৰি উপস্থিত থাকিল তিতাবৰৰ কংগ্রেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱা৷ উপস্থিত থকাই নহয়, তিতাবৰৰ বিধায়কগৰাকীয়ে কেন্দ্রীয় মন্ত্রী সোণোৱালক ফুলাম গামোচাৰে সম্বর্ধনা জনোৱাৰ লগতে বিজেপিৰ নেতৃত্বৰ সৈতে মঞ্চতো কিছু সময় উপস্থিত থাকি সর্বানন্দ সোণোৱালৰ ভাষণ শুনে৷
ভাস্কৰজ্যোতি বৰুৱাৰ এনে উপস্থিতিক লৈ বিজেপিৰ ভিতৰচ’ৰাত সৃষ্টি হোৱা তৎপৰতাৰ সমান্তৰালভাৱে পুনৰ আন এজন কংগ্রেছী বিধায়ক বিজেপিত যোগদান কৰিব বুলি সোমবাৰে সমগ্র দিনটোতে বিশেষ চর্চা চলে৷ অৱশ্যে এনে চর্চাৰ মাজতে আচম্বিতে সোণোৱালৰ অন্তিম দিনৰ কার্যসূচীৰ পৰা হঠাতে মঞ্চ ত্যাগ কৰে ভাস্কৰজ্যোতি বৰুৱাই৷ কংগ্রেছী বিধায়কগৰাকীয়ে এনেদৰে বিজেপিৰ দলীয় কার্যসূচীত উপস্থিত থকাৰ খবৰ পায়ে ভাস্কৰজ্যোতি বৰুৱাক ফোনযোগে ধমক দিয়ে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই৷ কার্যতঃ সভাপতিৰ ধমকৰ পাছতে মঞ্চ এৰা ভাস্কৰজ্যোতি বৰুৱাই সাংবাদিকৰ আগত প্রকাশ কৰা মতে যোৰহাট জিলাৰ উপায়ুক্তৰ আমন্ত্রণক্রমেহে উক্ত সভাত উপস্থিত আছিল তেওঁ৷ সেয়া বিজেপিৰ দলীয় সভা বুলি অৱগত নাছিল৷ বিধায়ক বৰুৱাই কয়– কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীয়ে যোৰহাট জিলাত এখন সভা অনুষ্ঠিত কৰিব বুলি জিলা উপায়ুক্তই মোক অৱগত কৰিছিল আৰু উক্ত সভালৈ নিমন্ত্রণ দিছিল৷
সেইমর্মে এই সভাত উপস্থিত আছিলোঁ৷ পাছত এই সভাখন বিজেপিৰ দলীয় সভা বুলি জ্ঞাত হোৱাত মই আঁতৰি আহিলোঁ৷ কোনো কাৰণতে মই কংগ্রেছ এৰি বিজেপিলৈ যোৱাৰ সম্ভাৱনা নাই৷ এতিয়াও মোৰ লগত আছে প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ আত্মা৷ তিতাবৰ সমষ্টিবাসী ৰাইজ আৰু প্রয়াত তৰুণ গগৈৰ আত্মাক মই কেতিয়াও প্রতাৰণা কৰিব নোৱাৰোঁ৷ ভাস্কৰজ্যোতি বৰুৱাৰ এনে মন্তব্যৰ বিপৰীতে বিজেপিৰ শীর্ষ একাংশ নেতৃত্বই প্রকাশ কৰা মতে যোৰহাটত বিজেপিৰ দলীয় সভা অনুষ্ঠিত হোৱাৰ বিষয়টো দীর্ঘদিনীয়া প্রস্তুতি আছিল৷ গতিকে এইখন দলীয় সভা নে চৰকাৰী সভা, সকলোৱে অৱগত আছিল৷ ভাস্কৰজ্যোতি বৰুৱাই সৎভাব দেখুৱাই এই সভাত উপস্থিত আছিল আৰু বিজেপিয়ে তেওঁক সভাত আদৰণি জনাইছিল৷ ইফালে, সমগ্র ঘটনাটো সন্দর্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই প্রকাশ কৰা মতে, বিজেপিত যোগদানৰ বাবে ভাস্কৰজ্যোতি বৰুৱাৰ সৈতে কোনোধৰণৰ কথা–বতৰা অনুষ্ঠিত হোৱা নাই৷ কিন্তু বিজেপিৰ দুই–তিনিজন বিধায়কৰ সৈতে আমাৰ যোগাযোগ অব্যাহত আছে৷ অচিৰেই এইকেইজন বিধায়কে কংগ্রেছ এৰি বিজেপিত যোগদান কৰিব৷
মন কৰিবলগীয়া যে বিজেপিৰ জন আশীর্বাদ যাত্রাৰ অন্তিম দিনটোত আজি যোৰহাট জিলাত দলীয় কার্যকর্তা আৰু স্থানীয় লোকৰ সৈতে বার্তালাপত মিলিত হ’ল কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল৷ আজিৰ প্রথম কার্যসূচী যোৰহাট জিলাৰ পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হয়৷ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে এই প্রেক্ষাগৃহতে বিপুলভাৱে আদৰণি জনায়৷ ভাষণ প্রসংগত সোণোৱালে কয় যে উত্তৰ–পূব হৈছে ভাৰতৰ উন্নয়নৰ ইঞ্জিন৷ কংগ্রেছৰ দীঘলীয়া শাসনকালত এই কথা উপলব্ধি কৰা নাছিল আৰু উত্তৰ–পূবক চিনাকি কৰাই দিয়াৰ কথা নাভাবিলে৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই কথা ভালদৰে বুজি পালে আৰু উত্তৰ–পূবক উন্নয়নৰ ইঞ্জিন কৰিবলৈ প্রচেষ্টা চলালে৷ আৰু যাৰ বাবে উত্তৰ–পূবৰ পৰা পাঁচজনক কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত কৰিছে৷ প্রধানমন্ত্রীজনৰ প্রচেষ্টাতে আজি দেশৰ স্থান বিশ্বত বহু ওপৰলৈ গ’ল বুলিও সোণোৱালে মন্তব্য কৰে৷
আনহাতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মাত্র এশ দিনীয়া কার্যকালত ৰাজ্যত উন্নয়নৰ ধাৰা আৰম্ভ হোৱা বুলিও তেওঁ মন্তব্য কৰে৷ সভাত যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাচা, ৰাজ্য চৰকাৰৰ মন্ত্রী যোগেন মহন, বিধায়ক হিতেন্দ্র নাথ গোস্বামী, ভবেন্দ্র নাথ ভৰালী আদিয়ে অংশগ্রহণ কৰে৷