নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীজানত দুই কোটি টকাৰ ড্রাগ্ছ জব্দ; গ্ৰেপ্তাৰ ২

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: কার্বি আংলং জিলাৰ অসম–নাগালেণ্ড সীমান্তৱর্তী লাহৰীজানত আজি আৰক্ষীয়ে এখন যাত্রীবাহী বাছত তালাচী চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্রাগ্ছসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ এই সন্দর্ভত আৰক্ষী সূত্রে লাভ কৰা তথ্য অনুসৰি এক গোপন সূত্রৰ ভিত্তিত লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্রাপ্ত বিষয়া মনোজ্জ্বল গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লাহৰীজান টহলদাৰী চকীৰ সন্মুখত তালাচী অভিযান আৰম্ভ কৰে৷

উক্ত অভিযানত সোমবাৰে দিনৰ প্রায় ১২.৩০ বজাত এ এছ–০৯ চি–৬০৫৪ নম্বৰৰ যাত্রীবাহী বাছখনত তালাচী চলাই বাছখনৰ ১৭ আৰু ১৮ নম্বৰ আসনৰ তলত দুটা পলিথিনৰ বেগত লুকুৱাই ৰখা অৱস্থাত এক কিলোগ্রাম মৰফিন জব্দ কৰিবলৈ সক্ষম হয়৷ মাৰাত্মক ড্রাগ্ছখিনি সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে দুজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ধৃত সৰবৰাহকাৰী দুটা ক্রমে বিহাৰৰ পূব চম্পাৰণ জিলাৰ ৰাজেপুৰৰ সঞ্জীত কুমাৰ (২৭) আৰু নাগালেণ্ডৰ পশ্চিম ডিমাপুৰ জিলাৰ অন্তর্গত জেলিয়াংৰং নিৱাসী আনন্দ ৰায় বুলি চিনাক্ত কৰা হৈছে৷ জব্দ হোৱা ড্রাগ্ছখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰ মূল্য কমেও দুই কোটি টকা বুলি অনুমান কৰা হৈছে৷

You might also like