নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুলধৰ শইকীয়ালৈ ড০ ময়িদুল ইছলাম বড়া বঁটা

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট:  বিলাতৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰা প্রথমগৰাকী অসমীয়া, অসম সাহিত্য সভাৰ ১৯৪০ চনৰ সভাপতি তথা ঢাকা বিশ্ববিদ্যালয়ৰ ভাৰপ্রাপ্ত উপাচার্য ড০ ময়িদুল ইছলাম বড়াৰ স্মৃতিত প্রৱর্তন কৰা ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা–২০২১ৰ বাবে নির্বাচিত হৈছে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া৷

অৰুণোদয় সাহিত্য সভা আৰু ড০ ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ সোমবাৰে অনুষ্ঠিত এখন যুটীয়া সভাত এই বঁটাৰ বাবে ড০ কুলধৰ শইকীয়াক নির্বাচিত কৰা হয়৷ গৱেষক তথা সাহিত্যিক কুলধৰ শইকীয়াই অসমীয়া ভাষা–সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই আহিছে৷ ৰঙিয়া হাইস্কুলৰ পৰা কৃতিত্বানুসাৰে মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হৈ তেওঁ কটন মহাবিদ্যালয়ৰ পৰা প্রাক্ বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীর্ণ হয়৷ দিল্লীৰ ৰামজাহ কলেজৰ পৰা অর্থনীতি বিভাগত স্নাতক ডিগ্রী লাভ কৰি দিল্লী স্কুল অৱ ইকন’মিৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰি কুলধৰ শইকীয়াই হিন্দু কলেজৰ কিছুদিন অর্থনীতিৰ প্রবক্তা হিচাপে অধ্যাপনা কৰিছিল৷

তাৰ পাছত কুলধৰ শইকীয়াই আমেৰিকাৰ পেন্সিলভেনিয়া ৰাজ্যিক বিশ্ববিদ্যালয়ত সন্মানীয় ফুলব্রাইট সদস্য হিচাপে ‘নেতৃত্ব আৰু সম্পদ ব্যৱস্থাপনা’ বিষয়ত গৱেষণা কার্য সম্পন্ন কৰে৷ ইয়াৰ পাছতে গুৱাহাটীৰ ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ পৰা ‘অপৰাধ আৰু উন্নয়ন’ বিষয়ত ডক্টৰেট ডিগ্রী লাভ কৰে৷ ৱাশ্বিংটন চহৰত বিশ্ব বেংকৰ পৰামর্শদাতা হিচাপে কিছুদিন কার্যনির্বাহ কৰা বিদ্বানগৰাকীয়ে ১৯৮৫ চনত আই পি এছ বিষয়া ৰূপে মনোনীত হৈ অসম–মেঘালয় কেডাৰৰ বিষয়া ৰূপে অসম আৰক্ষীত যোগদান কৰে৷ তিনিটা দশক ধৰি আৰক্ষী বিষয়া হিচাপে কাম কৰা কুলধৰ শইকীয়াই দুবাৰকৈ ৰাষ্ট্রপতিৰ আৰক্ষী পদক লাভ কৰাৰ পাছত ২০১৯ চনত আৰক্ষী সঞ্চালকপ্রধান হিচাপে অৱসৰ গ্রহণ কৰে৷

অতি ব্যস্ততাপূর্ণ অসম আৰক্ষীৰ শীর্ষ দায়িত্বত কার্যনির্বাহ কৰাৰ সমান্তৰালভাৱে সাহিত্য চর্চা অব্যাহত ৰাখি ৪০খনৰো অধিক অমূল্য গ্রন্থ ৰচনাৰে অসমীয়া সাহিত্যলৈ উল্লেখনীয় অৱদান আগবঢ়াইছে৷ তেওঁৰ অমূল্য গ্রন্থ আকাশৰ ছবি আৰু অন্যান্য গল্পৰ বাবে ২০১৫ চনত এইগৰাকী সাহিত্যিকে লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা৷ ২০০০ চনত ‘কথা’ বঁটাৰে সন্মানিত বিশিষ্ট কথাশিল্পীগৰাকীয়ে ‘আখৰাত মই আৰু অন্যান্য’ শীর্ষক গল্প সংকলনৰ বাবে তেওঁ মুনীন বৰকটকী বঁটা লাভ কৰিছিল৷ তেওঁৰ দ্বাৰা ৰচিত গ্রহান্তৰ, আড্ডা, হোষ্টেলৰ এলার্ম ঘড়ী, মাথোঁ গল্প, ব্রেকিং নিউজ, অট্টালিকাৰ ভেম, গল্পৰ আঁৰৰ মানুহ, প্রিয় মানুহৰ দৰে দুকুৰিৰো অধিক গ্রন্থ ৰচনাৰ লগতে ‘নির্জন দ্বীপত এদিন’ নামৰ উপন্যাস ৰচনাৰে তেওঁ অসমীয়া ভাষা–সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিবলৈ সক্ষম হৈছে৷ এই স্বনামধন্য সাহিত্যিকগৰাকীক ড০ ময়িদুল ইছলাম বড়াৰ জন্মবার্ষিকী উপলক্ষত অহা ২২ ছেপ্টেম্বৰত শিৱসাগৰত ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা–২০২১ আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ব বুলি স্মৃতিৰক্ষা সমিতিৰ সভাপতি প্রেম গগৈয়ে জানিবলৈ দিছে৷

You might also like