নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল গগৈৰে ভূপেন বৰাৰ ‘মন মিলিলে’ও কংগ্রেছৰ জ্যেষ্ঠ নেতাই নিবিচাৰে মিত্রতা

ৰাইজৰ দলৰে মিত্রতাক লৈ কংগ্রেছত মতবিৰোধ

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ আসন্ন ৬ বিধানসভা সমষ্টিৰ উপ–নির্বাচনত ৰাইজৰ দলৰে মিত্রতাক লৈ কংগ্রেছত সৃষ্টি হৈছে মতবিৰোধ৷ শাসক দল বিজেপিক প্রত্যাহ্বান জনোৱাৰ বাবে ৰাইজৰ দলৰে মিত্রতা কৰাৰ ক্ষেত্রত অখিল গগৈৰ সৈতে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ মন মিলিলেও দলৰ গৰিষ্ঠসংখ্যকেই সেই মিত্রতাৰ পক্ষপাতী নহয়৷ যোৱা ২৩ আগষ্টৰ নিশা শিৱসাগৰত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰে সৈতে এখন বৈঠকত মিলিত হয়৷ বৈঠকত আসন্ন উপ–নির্বাচনত তেওঁলোক একেলগে অৱতীর্ণ হোৱাৰ পোষকতা কৰে আৰু দুয়োগৰাকী নেতাৰে চিন্তাধাৰা মিলি যায় যদিও মিত্রতাপাশত আবদ্ধ হোৱা সম্পর্কত কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে৷ ৰাইজৰ দলে থাওৰা অথবা মৰিয়নিৰ ভিতৰত যিকোনো এটা সমষ্টি বিচাৰে৷ অখিল গগৈয়ে সেই বিষয়ে ইতিমধ্যে স্পষ্ট কৰি দি কৈছে যে উক্ত সমষ্টি দুটাত তেওঁলোকৰ সবল স্থিতি আছে৷ সেয়ে যিকোনা এটা সমষ্টি পালে আনবোৰ সমষ্টিত তেওঁলোকে কংগ্রেছৰ সৈতে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে নির্বাচনী যুঁজত অৱতীর্ণ হ’ব৷

প্রদেশ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, ব্যক্তিগতভাৱে ভূপেন বৰা ৰাইজৰ দলৰে মিত্রতাৰ পক্ষপাতী যদিও কংগ্রেছৰ গৰিষ্ঠসংখ্যকেই অখিল গগৈৰে মিত্রতাৰ দুর্ঘোৰ বিৰোধী৷ প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ সদস্য জ্যেষ্ঠ নেতা শৰৎ বৰকটকীয়ে ইতিপূর্বে অখিল গগৈৰে কংগ্রেছৰ মিত্রতাৰ মুকলি বিৰোধিতা কৰিছে৷ বৰকটকীৰ স্পষ্ট মন্তব্য– অখিল গগৈৰে মিত্রতা কৰিলে কংগ্রেছ শেষ হৈ যাব৷ অখিল গগৈয়ে কংগ্রেছক গ্রাস কৰিব৷ সেয়ে তেওঁ সেই মিত্রতাৰ বিৰোধিতা কৰিছে আৰু অনাগত দিনত দলৰ ক’ৰ কমিটীত সেই বিষয়ে উত্থাপন কৰি অখিল গগৈৰে মিত্রতাৰ বিৰুদ্ধাচৰণ কৰিলে৷ আনহাতে, থাওৰা সমষ্টিৰ বাবে কংগ্রেছৰ চাৰিগৰাকী প্রার্থিত্বৰ দাবীদাৰ ওলাইছে৷ মৰিয়নি সমষ্টিৰ ক্ষেত্রতো প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি ৰাণা গোস্বামীকে ধৰি একাংশই প্রার্থিত্ব বিচাৰিছে৷ এনে অৱস্থাত উক্ত সমষ্টি দুটা ৰাইজৰ দলক এৰি দিয়াৰ ক্ষেত্রতো বিভিন্ন প্রশ্ণৰ অৱতাৰণা হৈছে৷

বুধবাৰে থাওৰাত উপস্থিত হৈ প্রদেশ কংগ্রেছৰ সভাপতি বৰাই সমষ্টিটোত চাৰিগৰাকীকৈ দলীয় প্রার্থী ওলোৱাৰ বিষয়ে প্রকাশ কৰি সমষ্টিবাসীক প্রতাৰণা কৰা সুশান্ত বৰগোহাঁইক আসন্ন উপ–নির্বাচনত প্রত্যুত্তৰ দিয়াৰ আহ্বান জনায়৷ ইপিনে মিত্রদল কংগ্রেছৰ শেহতীয়া ভূমিকাক লৈ ক্ষুণ্ণ হৈ পৰিছে এ আই ইউ ডি এফ৷ কংগ্রেছৰ জ্যেষ্ঠ নেতা শৰৎ বৰকটকী, প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থকে ধৰি একাংশই এ আই ইউ ডি এফ সম্পর্কত তির্যক মন্তব্য কৰি অহাৰ পৰিপ্রেক্ষিততে ক্ষুণ্ণ হৈ পৰিছে মিত্রদলটো৷ এ আই ইউ ডি এফৰ কেন্দ্রীয় সাধাৰণ সম্পাদক তথা দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি কয় যে তেওঁলোকে মিত্রতা নিবিচাৰিলে মিত্রতা ভংগ কৰি দিয়ক৷ কিন্তু এ আই ইউ ডি এফক অনাহকত আক্রমণ নকৰিব৷ কংগ্রেছৰ সৈতে মিত্রতাত নথকা অৱস্থাতো ২০১১ চনত এ আই ইউ ডি এফে ১৮টা সমষ্টিত জয়লাভ কৰিছিল৷ এইবাৰ এ আই ইউ ডি এফৰ সৈতে কংগ্রেছে মিত্রতা নকৰিলে তেওঁলোকৰ আসনৰ সংখ্যা এককৰ ঘৰলৈ নামিলহেঁতেন৷ মহাজোঁটত থাকি কংগ্রেছে বিগ ব্রাদাৰৰ ধর্ম পালনত ব্যর্থ হৈছে বুলিও তেওঁ গুৰুতৰ অভিযোগ কৰে৷ সেইদৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈকো সমালোচনা কৰি তেওঁ কয় যে সময়ে সময়ে অখিল গগৈৰ স্থিতি সলনি হৈ থাকে৷ সেয়ে তেনে নেতাক এ আই ইউ ডি এফে বিশ্বাস নকৰে৷

You might also like