নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰংজুলিত আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আহত কুখ্যাত অপৰাধী অমৰ থাপা

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ কঠোৰ অভিযান৷ যোৱানিশা গোৱালপাৰা জিলাৰ ৰংজুলিৰ বেলপাৰা গাঁৱত সংঘতিত এক এনকাউণ্টাৰৰ ঘটনাই ৰংজুলি অঞ্চলৰ লগতে জিলাখনত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ৰংজুলিৰ বেলপাৰাত বাহৰ পাতি সহযোগীৰ সৈতে এক অপহৰণৰ পৰকল্পনা কৰি আছিল দুর্ধর্ষ অপৰাধী অমৰ থাপাই৷ আৰক্ষীয়ে গোপন সূত্রৰ পৰা তথ্য লাভ কৰি গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকা আৰু ৰংজুলি থানাৰ অ’ চি দীপু বৰাৰ নেতৃত্বত অভিযান চলায়৷ অভিযানত বেলপাৰা গাঁৱৰ জুবুৰী ৰাভা নামৰ এগৰাকী মহিলাৰ ঘৰত আশ্রয় লৈ থকা কুখ্যাত অপৰাধী অমৰ থাপাক গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰে অমৰ থাপাক৷ দুর্ধর্ষ অপৰাধী অমৰ থাপাই কেইজনমান অপৰাধীক লগত লৈ অপহৰণৰ পৰিকল্পনা ৰচিছিল যদিও আৰক্ষীয়ে অভিযান চলাই অপহৰণকাৰী গেঙৰ তিনি সদস্য ক্রমে অমৰ থাপা, সমীৰণ ৰাভা, দীপজ্যোতি ৰাভাক আটক কৰে৷ ইয়াৰে সমীৰণ ৰাভা আৰু দীপজ্যোতি ৰাভাৰ ঘৰ বেলপাৰা গাঁৱতে৷ জানিব পৰা মতে, দুর্ধর্ষ অমৰ থাপাই পানী খোৱাৰ ছলনাৰে পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে তেওঁৰ ভৰিত লক্ষ্য কৰি গুলীচলনা কৰে৷ নিশাই আহত অমৰ থাপাক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ উল্লেখ্য যে পূর্বেও অমৰ থাপাই বহু অপৰাধৰ লগত জডিত বুলি জানিব পৰা গৈছে৷ অমৰ থাপাৰ পৰা আৰক্ষীয়ে তিনি জজাই সক্রিয় গুলীসহ এটা ৯ এম এম পিষ্টল আৰু চাৰিশ নিচাজাতীয় ‘য়াবা’ টেবলেট জব্দ কৰিছে৷ আনহাতে নিশা গাঁৱৰ মাজত আৰক্ষীয়ে গুলীচালনা কৰিব লগা হোৱা ঘটনাই তীব্র আতংকিত কৰি তুলিছে বেলপাৰাৰ সাধাৰণ গঞা ৰাইজক৷ আনহাতে আজি আবেলি গোৱালপাৰাৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে ঘটনাস্থলী পৰিদর্শন কৰি সাংবাদিকক জানিবলৈ দিয়া অনুসৰি কালি দুপৰীয়াৰ পৰাই এই গেংটোক ধৰিবলৈ অভিযান চলাইছিল আৰক্ষীয়ে৷
ধিঙত পুনৰ সংঘটিত আৰক্ষী আৰু দুর্বৃত্তৰ মাজত গুলীয়াগুলী, কুখ্যাত অপৰাধী আহত
ধিঙত পুনৰ সংঘটিত হৈছে আৰক্ষীৰে গুলীয়াগুলীৰ ঘটনা৷ ধিং আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় এজন কুখ্যাত অপৰাধী৷ যোৱানিশা ধিং আৰক্ষীয়ে চৰাঞ্চলৰ দুর্ধর্ষ মাতব্বৰ, ড্রাগ্ছ মাফিয়া তথা ভূ–মাফিয়া নুৰ হুছেইনক কৰায়ত্ত কৰিছিল৷ নুৰ হুছেইনক আটক কৰি নিশাই পিষ্টল বিচাৰি আৰু অন্য কেইজনমান অপৰাধীৰ বিৰুদ্ধে অভিযান চলায়৷ অভিযান সামৰি উভতি আহি থকাৰ সময়তেই এন্ধাৰৰ সুযোগ লৈ ধিঙৰ এক নং কান্দুলীমাৰীত কেইজনমান দুর্বৃত্তই হঠাৎ পিষ্টলেৰে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ প্রত্যুত্তৰত দুর্বৃত্তলৈ লক্ষ্য কৰি ধিং আৰক্ষীয়েও গুলীচালনা কৰিবলৈ বাধ্য হয়৷ দুয়োপক্ষৰ গুলীয়াগুলীৰ মাজতেই গুলীবিদ্ধ হয় আৰক্ষীৰ জিম্মাত থকা নুৰ হুছেইন নামৰ কুখ্যাত অপৰাধীটো৷ ভৰিত গুলীবিদ্ধ নুৰ হুছেইনক ধিং আৰক্ষীয়ে ততাতৈয়াকৈ ধিং এফ আৰ ইউত ভর্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে নিশাই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়৷ উল্লেখ্য যে যোৱা দেওবাৰে ভূ–মাফিয়া তথা দুর্ধর্ষ অপৰাধী নুৰ হুছেইনৰ নেতৃতত ২০–২৫জনীয়া অস্ত্রধাৰী দলে একে অঞ্চলৰে উৰজত আলীকে ধৰি ৮জন লোকক আক্রমণ কৰি গুৰুতৰভাৱে আঘাত কৰিছিল৷ নুৰ হুছেইনে উৰজত আলীৰ ভৰিত পিষ্টলেৰে গুলীয়াইছিল৷ এই আক্রমণত উৰজত আলীসহ কেইবাজনো বর্তমানেও চিকিৎসাধীন অৱস্থাত আছে৷ ঘটনাৰ বুজ ল’বলৈ সিদিনাখনেই ঘটনাস্থলীত উপস্থিত হৈছিল নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্র৷ এই ঘটনাৰ পাছতেই উৰজত আলীৰ পৰিয়ালে ধিং আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ৷

You might also like