আৰক্ষীৰ দাবী– যৌন নির্যাতন চলাই হত্যা, ৰাইজৰ সন্দেহ নৰবলি
নিয়মীবা বাৰ্তা ২৬ আগষ্টঃ একৈশ শতিকাত বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ চৰম উত্থানৰ সময়তে অর্থনৈতিক অনগ্রসৰতা, কুসংস্কাৰ তথা অন্ধবিশ্বাসৰ কৰাল গ্রাস চাহ জনগোষ্ঠীয় ৰাইজৰ একাংশই আজিও উপাস্য দেৱ–দেৱীক সন্তুষ্ট কৰিবলৈ নৰবলি দিয়াৰ দৰে আদিম প্রথা অব্যাহত ৰখা ঘটনাই শেহতীয়াকৈ সমগ্র চৰাইদেউ জিলাক জোকাৰি গৈছে৷ মাত্র দহ দিনৰ অন্তৰত দুটাকৈ ফুলকুমলীয়া শিশুক অন্ধবিশ্বাসৰ বশৱর্তী হৈ এচাম মানৱৰূপী দানৱে বলি দি অতি নির্মমভাৱে হত্যা কৰা ঘটনাই জিলাখনৰ সচেতন মহলক চিন্তিত কৰি তুলিছে৷
উল্লেখ্য যে টিঙালীবাম চাহ বাগিচাৰ ১৩নং শ্রমিক লাইনৰ বাসিন্দা তথা অস্থায়ী শ্রমিক মংলু তাঁতী আৰু তিলেশ্বৰী তাঁতীৰ সাতবছৰীয়া তৃতীয় কন্যা আলিয়াৰ ক্ষত–বিক্ষত মৃতদেহ যোৱা ২৩ আগষ্টত পূর্ণিমাৰ দিনা সন্ধিয়া বাগিচাখনৰ ভিতৰত এক নির্জন স্থানত উদ্ধাৰ হৈছিল৷ ঘটনাৰ ৪৮ ঘণ্টা উকলি যোৱাৰ পাছত আজি বিয়লি ঘটনাটোত জডিত থকাৰ সন্দেহত সোণাৰি আৰক্ষীয়ে দুজন যুৱকক গ্রেপ্তাৰ কৰিছে৷ আটকাধীন যুৱক দুজন টিঙালীবাম চাহ বাগিচাৰে শ্রমিক ৰোহণ গোৱালা (২২) আৰু বাদলু প্রজা (২৮) বুলি প্রকাশ পাইছে৷ আটকাধীন যুৱক দুজনক সোণাৰি আৰক্ষীয়ে মাৰাথন জেৰা চলোৱাৰ অন্তত আজি সন্ধিয়া চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমৰ আগত হাজিৰ কৰায়৷
আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, আটকাধীন দুই যুৱকে শিশু কন্যাটিক প্রথমে যৌন নির্যাতন চলায় আৰু ধৰা পৰাৰ ভয়তে ডিঙিত ৰেপি হত্যা কৰে৷ অৱশ্যে আৰক্ষীয়ে আটকাধীন দুই যুৱকক হত্যাৰ সৈতে জডিত বুলি দাবী কৰিলেও আটকাধীন যুৱক দুজন সন্দর্ভত সন্দেহৰ অৱকাশ ৰৈ গৈছে৷ উল্লেখ্য যে সোণাৰি আৰক্ষী থানাৰ টিঙালীবাম চাহ বাগিচাৰ ১৩নং লাইনৰ মংলু তাঁতী আৰু তিলেশ্বৰী তাঁতীৰ সাত বছৰীয়া কন্যা তথা প্রথম শ্রেণীৰ ছাত্রী আলিয়া তাঁতী যোৱা ২৩ আগষ্টৰ বিয়লি ঘৰৰ পৰা আন কেইটামান শিশুৰ সৈতে খৰি বিচাৰি যোৱাৰ পৰাই সন্ধানহীন হৈ পৰিছিল আৰু উক্ত দিনাই সন্ধিয়ালৈ কন্যা শিশুটিৰ ডিঙি কটা মৃতদেহ বাগিচাখনৰ ১৪নং খণ্ডৰ এটা নলাত উদ্ধাৰ হৈছিল৷ ছাত্রীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ সমীপত এখন কালী থান আৰু শ্মশান থকালৈ চাই ছাত্রীগৰাকী নৰবলিৰ চিকাৰ হোৱা বুলি সন্দেহ কৰা হৈছিল৷ সোণাৰি আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি প্রথমে বিভ্রান্তিত পৰিছিল আৰু আজি বাগিচাখনৰে দুজন যুৱকক আটক কৰি সংবাদ মাধ্যমৰ আগত হাজিৰ কৰায়৷
ঘটনা সন্দর্ভত আলিয়াৰ মাতৃ তিলেশ্বৰী তাঁতীয়ে ‘নিয়মীয়া বার্তা’ক জনায় যে আন দিনাৰ দৰে উক্ত দিনাও তেওঁ বাগিচাত পাত ছিঙা কার্যত ব্যস্ত আছিল৷ সন্ধিয়া কামৰ পৰা ঘূৰি আহি গম পায় যে আলিয়া ঘৰত নাই৷ পাছত স্থানীয় ৰাইজৰ স’তে বিচাৰ–খোঁচাৰ কৰি বাগিচাৰ মাজত কন্যাৰ নিঠৰ দেহটো উদ্ধাৰ কৰা হয়৷ শিশুটিৰ মৃতদেহত থকা আঘাতৰ চিন আৰু সমীপতে থকা এখন কালী গোঁসানীৰ থানৰ বাবেই স্থানীয় লোকৰ মাজত নৰবলিৰ সন্দেহ প্রবল হৈ পৰিছিল৷ ঘটনাটোৰ সৈতে জডিত বুলি সন্দেহ কৰি দুজন যুৱকক আজি আৰক্ষীয়ে আটক কৰিলেও কণমানি আলিয়াৰ ডিঙিত চোকা অস্ত্রৰ আঘাতৰ চিন আৰু মৃতদেহ উদ্ধাৰৰ স্থানৰ পাৰিপার্শ্বিক অৱস্থাই স্থানীয় চাহ শ্রমিকৰ মনত সন্দেহ সৃষ্টি কৰিছে৷ অন্ধবিশ্বাসৰ বলি হৈ নৃশংস ধর্মান্ধই নৰবলি দিয়া বুলিয়ে বহুতৰে মনত সন্দেহ ঘনীভূত হয়৷ মন কৰিবলগীয়া যে আলিয়াৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা নাতিদূৰত আছে এখন কালী থান৷ একাংশ চাহ শ্রমিকে সন্দেহ কৰিছে যে অন্ধবিশ্বাসৰ বলি হোৱা কোনো ধর্মান্ধ লোকে কণমানি আলিয়াক কালী থানলৈ নিয়ে আৰু তাতেই গোসাঁনীক উচর্গা দিয়াৰ নামত শিশুটিৰ ডিঙিত তিনিবাৰ ৰেপ দি হত্যা কৰাৰ পাছত মৃতদেহ বাগিচাৰ মাজত পেলাই থয় আঁতৰি যায়৷ অৱশ্যে আন একাংশ স্থানীয় লোকে এয়া নৰবলিৰ ঘটনা নহয় বুলিও দাবী কৰিছে৷