‘বৰ্তমান অসমত ডাইনেমিক চৰকাৰ চলি আছে’: প্ৰমোদ বড়ো
নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট: ‘বৰ্তমান অসমত ডাইনেমিক চৰকাৰ চলি আছে।’ আজি পুৱাৰ ভাগত প্ৰতিকূল পৰিৱশকো নেওচি বিটিআৰ প্ৰধান প্ৰমোদ বড়োই চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ৰৌমাৰীত ‘ফৰেষ্ট স্কুল’ আৰু ক্লাইমেট চেঞ্জ ৰিচাৰ্ছ চেন্টাৰ’ৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি বিটিআৰ প্ৰধান জনে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান অসমত চলি থকা মিত্ৰ জোঁটৰ চৰকাৰ খনক ভূয়সী প্ৰশংসা কৰি এইদৰে মন্তব্য কৰে।
বিটিআৰত স্থায়ী শান্তি স্থাপন আৰু দ্ৰুত উন্নয়নৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰ আৰু এবছু নেতৃত্বৰ লগতে বিটিআৰত সক্ৰিয় হৈ থকা সশস্ত্ৰ বিদ্ৰোহী সংগঠন সমূহৰ নেতৃত্বৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তিৰ দফা সমূহৰ কাৰ্যকৰিকৰণত কেন্দ্ৰীয় চৰকাৰৰ লগতে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপ তথা সহযোগিতাৰো শলাগ লয়।#