সোণোৱাল–ড০ শর্মাৰ উপস্থিতিত এইচচিএছএলৰ সৈতে বুজাবুজিৰ চুক্তি
নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্রাধিকৰণ আৰু হুগলী কোচিন শ্বিপয়ার্ড লিমিটেডৰ মাজত বৃহস্পতিবাৰে গুৱাহাটী পাণ্ডুত নতুন জাহাজ মেৰামতি প্রকল্প স্থাপনৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ মন্ত্রালয়ৰ মন্ত্রী সর্বানন্দ সোণোৱাল৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এক্ট ইষ্ট পলিচীৰ অধীনত অঞ্চলটোৰ অর্থনৈতিক বিকাশৰ লক্ষ্যৰে বৃহৎ মালবাহী জাহাজ চলাচলৰ বাবে আজি এই প্রকল্পটো স্থাপনৰ চুক্তি স্বাক্ষৰ কৰা হৈছে৷ আজি সম্পন্ন হোৱা বুজাবুজি চুক্তি অনুসৰি প্রকল্পটোৰ আর্হি প্রস্তুত আৰু ৰূপায়ণ উচ্চ মানসম্পন্ন হোৱাটো সুনিশ্চিত কৰা হৈছে৷ মাদ্রাজৰ ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানে প্রকল্পটোৰ বাবে প্রয়োজনীয় সহযোগিতা আগবঢ়াব৷
শ্লিপৱে’ বুলি জনাজাত এই প্রকল্প অসম চৰকাৰে প্রদান কৰা ৩.৬৭ একৰ ভূমিত স্থাপন কৰা হ’ব৷ আনহাতে, ইয়াৰ কাম ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত সম্পূর্ণ হৈ উঠিব বুলি আশা কৰা হৈছে৷ প্রকল্পটোত আনুমানিক ব্যয় হ’ব ৭৫ কোটি টকা৷ এই উপলক্ষে আজি আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– অসমৰ নদীসমূহত সম্প্রীতি প্রায় ২০০খন জাহাজ চলাচল কৰি আছে৷ এই জাহাজসমূহৰ মেৰামতিৰ প্রয়োজন হ’লে কলকাতালৈ লৈ যাবলগীয়া হয়৷ কিন্তু পাণ্ডুত এই প্রকল্প সাজু হৈ উঠিলে এই খণ্ডটোৰ বাবে এক ডাঙৰ সকাহ ৰূপে বিবেচিত হ’ব, যি জাহাজ মেৰামতিৰ সময় আৰু ধন দুয়োটাই ৰাহি কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো
উল্লেখ কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূবৰ পথ, ৰে’লপথ, জলপথ, বায়ুপথ আৰু ইণ্টাৰনেট সংযোগৰ বিকাশৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে৷ বাংলাদেশৰ মংলা আৰু চিতাগং বন্দৰক ৰাজ্যখনৰ জলপথৰ সৈতে এই ব্যৱস্থাৰ দ্বাৰা সংযোগ কৰা হ’ব আৰু এই পদক্ষেপে ৰাজ্যখনৰ বাবে বৈদেশিক–বাণিজ্য বিশাল সুযোগ মুকলি কৰিব৷ মুখ্যমন্ত্রীয়ে গুৱাহাটীৰ পাণ্ডুত শ্লিপৱে’ স্থাপনৰ সিদ্ধান্তৰ বাবে তথা এই স্থানত এটা অত্যাধুনিক সন্মিলন কেন্দ্র নির্মাণৰ ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্রীয়ে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রী সোণোৱালে কয়– বিবিআইএন আৰু আছিয়ান দেশসমূহৰ এক্ট ইষ্ট পলিচীৰ জৰিয়তে উত্তৰ–পূবলৈ চপাই অনা হৈছে৷ পাণ্ডুত জাহাজ মেৰামতিৰ সুবিধাই অসমত অর্থনৈতিক গাঁঠনিত এক গুৰুত্বপূর্ণ মাত্রা প্রদান কৰিব৷ ৰাজ্যৰ নদীসমূহে উত্তৰ–পূবৰ বিকাশত ইন্ধন যোগাব৷ আজিৰ অনুষ্ঠানত উদ্যোগ–পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলমার্গ দপ্তৰৰ ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰ, সাংসদ কুইন ওজাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
কেন্দ্রীয় জল পৰিবহণৰ সৈতে নুমলীগড় শোধনাগাৰৰ বুজাবুজি চুক্তি
অসম চুক্তিৰ আধাৰত প্রতিষ্ঠিত নুমলীগড় শোধনাগাৰ আৰু কেন্দ্রীয় জল পৰিবহণ বিভাগৰ আজি এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ এই চুক্তিৰ জৰিয়তে নুমলীগড় শোধনাগাৰৰ সম্প্রসাৰণৰ ক্ষেত্রত সুগম হৈ পৰিব জলপথ৷ বিশেষকৈ নুমলীগড় শোধনাগাৰৰ সম্প্রসাৰণ হ’লে বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা শোধানাগাৰটোলৈ যোগান হ’ব সামগ্রী৷ গধুৰ যন্ত্রপাতি সৰবৰাহৰ লক্ষ্যৰে আজি নুমলীগড় শোধনাগাৰে জল পৰিবহণ বিভাগৰ সৈতে এই চুক্তিত উপনীত হয়৷ এই চুক্তি সম্পাদিত অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে কেন্দ্রীয় বন্দৰ, জাহাজ, জলপথ আৰু আয়ুষ মন্ত্রালয়ৰ মন্ত্রী সর্বানন্দ সোণোৱাল৷ আজি পুৱাৰ ভাগত হেলিকপ্ঢাৰেৰে আহি নুমলীগড়স্থিত ৰাষ্ট্রীয় প্রযুক্তি গৱেষণা প্রতিষ্ঠানৰ হেলিপেডত অৱতৰণ কৰা মন্ত্রীগৰাকীয়ে বুজাবুজি চুক্তিৰ জৰিয়তে নুমলীগড় শোধনাগাৰ বিশেষভাৱে লাভান্বিবত হ’ব বুলিও মন্তব্য কৰে৷
এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্রী অতুল বৰা, বিধায়ক বিশ্বজিৎ ফুকন, ভৱেন ভৰালী, আভ্যন্তৰীণ জলপথ প্রাধিকৰণৰ কাৰিকৰী সদস্য আশুতোষ গৌতম নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক সৈমেন্দ্র কুমাৰ বৰুৱা, কাৰিকৰী সঞ্চালক ভাস্কৰজ্যোতি ফুকন আৰু শোধনাগাৰটোৰ বিত্তীয় সঞ্চালক আই মিত্রা৷ উল্লেখ্য যে নুমলীগড় শোধনাগাৰে বর্তমান ৩ মেট্রিকটন শোধন ক্ষমতা ৯ মেট্রিকটনলৈ বৃদ্ধি কৰাৰ কাম চলাই আছে৷ এই সম্প্রসাৰিত প্রকল্পটোৰ বাবে বিদেশৰ লগতে দেশৰ অন্য ৰাজ্যৰ পৰাও বৃহৎ পৰিমাণৰ যন্ত্রপাতি শোধনাগাৰটোলৈ অনা হ’ব৷ এই সঁজুলিবোৰ আনিবৰ বাবে নুমলীগড় শোধনাগাৰে ব্রহ্মপুত্র আৰু ধনশিৰি নদীৰ জলপথ ব্যৱহাৰ কৰিব৷ ইয়াৰ বাবে আনকি দেশৰ পশ্চিমাঞ্চলৰ মুখ্য বন্দৰবোৰক উত্তৰ–পূবৰ সৈতে সংযোগ কৰিবলৈ সাগৰ আৰু নদী পথবোৰ ব্যৱহাৰ কৰিব বুলি নুমলীগড় শোধনাগাৰ কর্তৃপক্ষই জানিবলৈ দিছে৷ ইয়াৰ পূর্বে আজিৰ এই বুজাবুজি চুক্তি অনুষ্ঠানত উপস্থিত থকা কেন্দ্রীয় মন্ত্রী সোণোৱালক নুমলীগড় শোধনাগাৰ আৰু আভ্যন্তৰীণ জলপথ প্রাধিকৰণৰ দ্বাৰা একোটাকৈ সচিত্র উপস্থাপনেৰে এই জলপথৰ সবিশেষ দাঙি ধৰা হয়৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আজি নুমলীগড় ৰৌদুৱাৰ গাঁৱত ধনশিৰি নদীত থকা শোধনাগাৰৰ নদী বন্দৰটো পৰিদর্শন কৰে৷