নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলাৰ ভিতৰতে একেটা বিভাগৰ কনিষ্ঠ অভিযন্তা পর্যন্ত বিষয়া বদলিৰ কর্তৃত্ব উপায়ুক্তক

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ লোকনির্মাণ বিভাগত কাম–কাজ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি আজি অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে লোকনির্মাণ (গৃহ) বিভাগত নতুনকৈ ৮টা চার্কোল, ২০টা সংমণ্ডল আৰু ২৮টা উপ–সংমণ্ডল গঠনৰ প্রস্তাৱত অনুমোদন জনায়৷ ইয়াৰ বাবে বিভাগটোত ৮০৪টা কাৰিকৰী পদ সৃষ্টিতো কেবিনেটে অনুমোদন জনায়৷ কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সংবাদ মাধ্যমক কয় যে বর্তমান লোকনির্মাণ (গৃহ) বিভাগত ৫টা চার্কোল অর্থাৎ অধীক্ষক অভিযন্তাৰ কার্যালয় আছে৷ বিভাগটোত কামৰ হেঁচা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত নতুনকৈ আৰু ৮টা চার্কোল গঠন কৰি সেই সংখ্যা ১৩টালৈ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে৷ একেদৰে বিভাগটোত বর্তমান ১৭টা সংমণ্ডল আছে৷ নতুনকৈ আৰু ২০টা সংমণ্ডল গঠন কৰি এই সংখ্যা ৩৭টালৈ বৃদ্ধি কৰা হ’ব৷ সেইদৰে ৪৯টা উপ–সংমণ্ডল থকা বিভাগটোত নতুনকৈ আৰু ২৮টা উপ–সংমণ্ডল স্থাপন কৰি সেই সংখ্যা ৭৭টালৈ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে৷ মন্ত্রী মহন্তই জানিবলৈ দিয়া মতে, একৰ পৰা দুখন জিলাৰ মাজত একোটা চার্কোল, এটাৰ পৰা দুটা বিধানসভা সমষ্টি সামৰি একোটাকৈ উপ–সংমণ্ডল আৰু তিনিৰ পৰা চাৰিটা বিধানসভা সমষ্টি সামৰি একোটাকৈ সংমণ্ডল গঠন কৰা হ’ব৷

বিভাগটোৰ ইলেক্ট্রিকেল চার্কোল সম্পর্কত মন্ত্রী মহন্তই কয় যে বর্তমান মাত্র এটা চার্কোল আছে৷ এতিয়া আৰু চাৰিটা চার্কোল বৃদ্ধিৰ চিন্তা কৰা হৈছে৷ সেইদৰে সংমণ্ডল ৫ৰ পৰা ৮টা, উপ–সংমণ্ডল ১৪ৰ পৰা ১৭টা বৃদ্ধিৰ চিন্তা কৰা হৈছে৷ অৱশ্যে বিভাগৰ ইলেক্ট্রিকেল উইংটো মূল বিভাগৰ সৈতে অনাৰো বিষয়টো বিবেচনাধীন হৈ আছে৷ মন্ত্রী মহন্তই সদৰী কৰা অনুসৰি লোকনির্মাণ (গৃহ) বিভাগত এটা অতিৰিক্ত মুখ্য অভিযন্তা (চিভিল), ১০টা অধীক্ষক অভিযন্তা (চিভিল), ৫টা অধীক্ষক অভিযন্তা (ইলেক্ট্রিকেল), ২৫টা কার্যবাহী অভিযন্তা (চিভিল), ৯টা কার্যবাহী অভিযন্তা (ইলেক্ট্রিকেল), ৬৩টা সহকাৰী কার্যবাহী অভিযন্তা (চিভিল), ৩১টা সহকাৰী কার্যবাহী অভিযন্তা (ইলেক্ট্রিকেল), ১৯২টা সহকাৰী অভিযন্তা (চিভিল), ৬৬টা সহকাৰী অভিযন্তা (ইলেক্ট্রিকেল), ৩১২টা কনিষ্ঠ অভিযন্তা (চিভিল), ৯০টা কনিষ্ঠ অভিযন্তা (ইলেক্ট্রিকেল) মুঠ ৮০৪টা কাৰিকৰী পদ সৃষ্টিত আজি কেবিনেটে অনুমোদন জনায়৷ ইপিনে জনস্বাস্থ্য কাৰিকৰী বিভাগত তিনিটা নতুন সংমণ্ডল সৃষ্টি কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷

এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে কয় যে ২০১৬ চনতে জিলা ঘোষণা কৰা মাজুলী আৰু দক্ষিণ শালমাৰা–মানকাচৰ জিলাত আজিলৈকে বিভাগটোৰ কোনো সংমণ্ডল গঠন হোৱা নাই৷ সেইদৰে নৱগঠিত বজালী জিলাতো বিভাগৰ কোনো সংমণ্ডল নাই৷ আজিৰ কেবিনেটে মাজুলী, দক্ষিণ শালমাৰা–মানকাচৰ আৰু বজালীত তিনিটা সংমণ্ডল স্থাপনৰ প্রস্তাৱৰ প্রতি অনুমোদন জনায়৷ মাজুলীৰ সংমণ্ডলটো কমলাবাৰীত, দক্ষিণ শালমাৰা–মানকাচৰৰ্ সংমণ্ডলটো হাটশিঙিমাৰীত আৰু বজালীৰ সংমণ্ডলটো পাঠশালাত স্থাপন হ’ব বুজি জানিবলৈ দি মন্ত্রী দাসে কয় যে এতিয়া বিভাগৰ এছ ডি অ’ অফিচৰ পৰাই ডিভিজনৰ কাম–কাজ আৰম্ভ কৰা হ’ব৷ ইয়াৰ ফলত জল জীৱন মিছনৰ কাম–কাজৰ গতি বৃদ্ধি হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে৷

আনহাতে, এই কেবিনেটে জনসেৱাৰ স্বার্থত আৰু চৰকাৰী কার্যসূচী আৰু কাম–কাজৰ সুষম ৰূাপয়ণৰ বাবে কর্মচাৰীসকলক উপযুক্তভাৱে নিয়োজিত কৰাৰ স্বার্থত সংশ্লিষ্ট বিভাগৰ মুৰব্বীৰ সৈতে আলোচনা সাপেক্ষে কনিষ্ঠ অভিযন্তা পদৰ পর্যায়লৈকে জিলাৰ চৰকাৰী বিভাগৰ কর্মচাৰীসকলক সংশ্লিষ্ট জিলাৰ ভিতৰতে বদলি কৰাৰ কর্তৃত্ব জিলা উপায়ুক্তক প্রদান কৰে৷ সেইদৰে ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগক বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱর্তন বিভাগ হিচাপে নামকৰণ কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ একেদৰে বি টি এ ডিৰ বান পৰিস্থিতিৰ পর্যালোচনা আৰু পৰিস্থিতি নিৰীক্ষণৰ বাবে আজিৰ কেবিনেটে মন্ত্রী যোগেন মহন আৰু উর্খাও গৌৰা ব্রহ্মক দায়িত্ব অর্পণ কৰে আৰু কাইলৈ তেওঁলোকক সংশ্লিষ্ট স্থানলৈ যোৱাৰ পৰামর্শ দিয়ে৷
অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন
৩ ছেপ্টেম্বৰ ক্রীড়া দিৱস হিচাপে উদ্যাপনৰ সিদ্ধান্ত
ৰাজ্যৰ ক্রীড়া খণ্ড সম্পর্কত আজি অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে প্রতিবছৰে ৩ ছেপ্টেম্বৰত   অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোক ক্রীড়া দিৱস হিচাপে উদ্যাপন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ সেইদৰে আজিৰ কেবিনেটে ক্রীড়া পেন্সনৰ পৰিমাণ বর্তমানৰ ৮ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেইদৰে ক্রীড়াবিদসকললৈ আগবঢ়োৱা এককালীন আর্থিক সাহায্যৰ পৰিমাণ ৫০ হাজাৰ টকা নির্ধাৰণ কৰে৷ আনহাতে ৰাষ্ট্রীয় চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, কমনৱেল্থ গেমছ আৰু অলিম্পিকত পদক অর্জন কৰা খেলুৱৈসকলক প্রতিমাহে ১০ হাজাৰ টকাকৈ জীৱনজোৰা পেন্সন প্রদানৰ বাবে আজিৰ কেবিনেটে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷

You might also like