নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুসজাইৰ ক’ভিড ৰোগীক জিএমচিএইচলৈ স্থানান্তৰ

স্ক্রাব টাইফাছত আক্রান্ত একাংশ চিকিৎসক–নার্ছ

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ   সৰুসজাই ক্রীড়া প্রকল্পত ডিআৰডি’ৰ সহযোগত নির্মাণ কৰা ক’ভিড হাস্পতালখনত চিকিৎসাধীন ৰোগীসকলক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (জিএমচিএইচ) স্থানান্তৰ কৰা হয়৷ সাময়িকভাৱে হাস্পতালখন মেৰামতিৰ বাবে ৰোগীসকলক স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ ইফালে, ডিআৰডি’ৰ সহযোগত নির্মাণ কৰা এই হাস্পতালত কর্তব্যৰত চিকিৎসক আৰু নার্ছৰ শৰীৰত স্ক্রাব টাইফাছ নামৰ এটা ৰোগৰ সংক্রমণ ঘটাৰ বাবেও তাৎক্ষণিকভাৱে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি এটা সূত্রই সদৰী কৰিছে৷ চিকিৎসককে ধৰি মুঠ চাৰিজন স্বাস্থ্যকর্মীৰ শৰীৰত এই স্ক্রাব টাইফাছ ৰোগ ধৰা পৰিছে৷ অৱশ্যে স্ক্রাব টাইফাছ ৰোগৰ সংক্রমণ অসমত পূর্বেও ঘটিছিল বুলি প্রকাশ কৰিছে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই৷ এই ৰোগক লৈ শংকিত হোৱাৰ কোনো প্রয়োজন নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এই ৰোগৰ ঔষধ সহজলভ্য৷ এন্দুৰ বা নিগনিৰ পৰা এই ৰোগ বিয়পে৷

উল্লেখ্য যে যোৱা ১০ জুনত ডিআৰডি’ৰ সহযোগত নির্মাণ কৰা এই বিশেষ ক’ভিড হাস্পতালখন মুকলি কৰা হৈছিল৷ আইচিইউ, অক্সিজেন বিছনা, ভেণ্টিলেটৰকে ধৰি সকলো ধৰণৰ উন্নতমানৰ সা–সুবিধা এই হাস্পতালখনত সংযোগ কৰা হৈছিল৷ প্রায় ২০ কোটি টকা ব্যয় সাপেক্ষে এই হাস্পতালখন নির্মাণ কৰা হৈছিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ তত্ত্বাৱধানত ডিআৰডি’ৰ ক’ভিড হাস্পতালত ৰোগীসকলৰ চিকিৎসা চলি আছিল৷ ক্রমাগতভাৱে ৰাজ্যত ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ লগে লগে হাস্পতালসমূহত ক’ভিড ৰোগীৰ সংখ্যাও হ্রাস পাইছে৷ শেহতীয়াকৈ জিএমচিএইচত যথেষ্ট বিছনা ক’ভিড ৰোগীৰ বাবে খালী থকাৰ প্রতি লক্ষ্য ৰাখি এই ৰোগীসকলক সৰুসজাইৰ পৰা জিএমচিএইচলৈ স্থানান্তৰ কৰা হৈছে বুলিও সদৰী কৰিছে অধীক্ষক ডাঃ শর্মাই৷ একে সময়তে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই প্রকাশ কৰা অনুসৰি সৰুসজাই ক’ভিড হাস্পতালখন সাময়িকভাৱে ১৫ দিনৰ বাবে বন্ধ ৰখা হ’ব৷ এই সময়ছোৱাত হাস্পতালখনৰ মেৰামতিৰ কাম সম্পূর্ণ কৰা হ’ব৷
ৰাজ্যত ক’ৰোনাত আক্রান্ত ৪৯৯জন, মৃত্যু ৯
ক্রমাৎ ৰাজ্যত হ্রাস পাবলৈ লৈছে ক’ৰোনাৰ সংক্রমণ৷ আজিৰ দিনটোত আক্রান্ত হোৱা লোকৰ সংখ্যা হ’ল ৪৯৯জন৷ শুকুৰবাৰৰ দিনটোত ৭৫,০০৪জন লোকৰ ক’ভিড পৰীক্ষা কৰাত ৪৯৯জন লোক পজিটিভ চিনাক্ত হয়৷ আক্রান্তৰ হাৰ ০.৬৭ শতাংশ৷ আক্রান্ত হোৱাসকলৰ ১১৩জন কামৰূপ মহানগৰ জিলাৰ, ৩৮জন গোলাঘাট জিলাৰ, ৩৬জন যোৰহাট জিলাৰ আৰু ৩২জন নলবাৰী জিলাৰ৷ আনহাতে, আজি ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে ৯জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ তিনিজনকৈ গোলাঘাট আৰু কামৰূপ (মহানগৰ) জিলাৰ, দুজন ওদালগুৰি জিলাৰ আৰু এজন শিৱসাগৰ জিলাৰ৷ সংক্রমণ অব্যাহত আছে যদিও ক’ৰোনাৰ পৰা মুক্ত হৈ আজিৰ দিনটোত ৭৩৯জন লোক চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে৷ অৱশ্যে এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৬,১৮৫জন ক’ৰোনা আক্রান্ত লোক৷

You might also like