নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোৱণশিৰিৰ পানীত উটিল ঘৰ সম্পত্তিঃ ব্রহ্মপুত্রৰ বানে বুৰালে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ  লখিমপুৰৰ ঐতিহাসিক ঘুণাসুঁতিত এতিয়া জলপ্রলয়৷ যোৱানিশাৰে পৰা সোৱণশিৰি নৈৰ প্রবল বানত ঘুণাসুঁতি ডুব গৈছে৷ চৌদিশে সাগৰসদৃশ পৰিস্থিতি৷ ওখ ওখ চাংঘৰ পর্যন্ত ডুব গৈছে প্রলয়ংকৰী বানত৷ ৰাইজে ঘৰৰ সা–সম্পত্তি, পশুধন হেৰুৱাই ওখ পথ নাইবা মথাউৰিত উঠি কোনোমতে প্রাণৰক্ষা কৰিছে৷ মুকলি বিগত কেইদিনমান ধৰি হোৱা আকাশৰ তলত পথৰ ওপৰতে খাদ্য ৰান্ধি খাবলগীয়া হৈছে বন্যার্তই৷ ওখ চাংঘৰসমূহো ডুব যোৱাৰ ফলত ঘৰৰ ভিতৰত খাদ্য ৰন্ধাৰ কোনো ব্যৱস্থা নোহোৱা হৈছে৷ খাদ্য–সামগ্রী, খোৱাপানী আদিৰ তীব্র নাটনি ঘুণাসুঁতিত৷ দমকলসমূহ পানীত ডুৱ যোৱাৰ ফলত ৰাইজে এটুপি পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে৷ চৌদিশে হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে৷ অঞ্চলটোৰ বালিভেটা, নাহৰণি, কলিয়নী আদি গাঁওসমূহ বেয়াকৈ ক্ষতিগ্রস্ত হৈছে৷ ক’তো মাটি বুলিবলৈ চিন–মোকাম নাই৷ সকলো পানীৰ তলত৷ ঘুণাসুঁতিত সৃষ্টি হোৱা এনে অবর্ণনীয় পৰিস্থিতিৰ কথা গমেই নাপায় চৰকাৰ অথবা প্রশাসনে৷ বানত ককবকাই থকা অঞ্চলটোত এইপর্যন্ত প্রশাসন, জনপ্রতিনিধি আদিৰ দেখাদেখি নাই৷ বানৰ কবলত পৰা এই অঞ্চলটোৰ ৰাইজে এতিয়া তাৎক্ষণিকভাৱে তেওঁলোকক থকাৰ অস্থায়ী ব্যৱস্থা, খোৱাপানী, খাদ্য সামগ্রী দিয়াৰ আহ্বান জনাইছে৷ বেয়াকৈ ক্ষতিগ্রস্ত গাঁওসমূহত উদ্ধাৰ অভিযান চলোৱাৰো আহ্বান জনাইছে৷ চৰকাৰ অথবা প্রশাসনে এইক্ষেত্রত শীঘ্রে ব্যৱস্থা গ্রহণ নকৰিলে বানত নহ’লেও খাদ্য আৰু পানীৰ অভাৱতে ৰাইজে প্রাণত্যাগ কৰিবলীয়া অৱস্থা হ’ব৷
ভদীয়া বানৰ কবলত উজনি মাজুলীৰ ন ন অঞ্চল
দ্রুতগতিত ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে ভদীয়া বানত বুৰ গৈছে উজনি মাজুলীৰ ন ন অঞ্চল৷ মাজুলীৰ ডেৰ লক্ষ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ প্রধান ৰক্ষাকৱচ বেচামৰা–টেকেলিফুটা মথাউৰিৰ বাহিৰ ফালে বসবাস কৰা কৃষিজীৱী লোকসকল বানত প্লাৱিত হৈছে৷ প্রাপ্ত তথ্য অনুসৰি উজনি মাজুলী উন্নয়ন খণ্ডৰ লুইতপৰীয়া গাঁও পঞ্চায়তৰ অন্তর্গত পুৰণা হালধিবাৰী, লাচন গাঁও, লাচন ধূনাগুৰি, লাচন শিঙিমাৰী, লাচন বালিগাঁও, লাচন চাপৰি, চিকাৰী গাঁও, চিকাৰী বালিপট্টি, চিকাৰী ভগনীয়া, কান্ধুলীমাৰী, কপাহতলী, কাংকান চাপৰি, বাহিৰ মোৱামাৰী, বনৰীয়া চাপৰিকে ধৰি কুৰিখনৰো অধিক গাঁও বানত প্লাৱিত হোৱাৰ আশংকা কৰা হৈছে৷ ইফালে হঠাৎ বানৰ কবলত পৰা কৃষিজীৱী লোকসকলে তেওঁলোকৰ পোহনীয়া হঁাহ, কুকুৰা, গাহৰি, গৰু, ছাগলীকে ধৰি সা–সম্পত্তি আৰু নিত্য ব্যৱহার্য সামগ্রীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে৷ আনহাতে ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত চৰ–চাপৰিসমূহত বসবাস কৰা লোকসকলে দৈনন্দিন ব্যৱহার্য সামগ্রীসমূহ বজাৰ কৰি বিপদসংকুলভাৱেই টুলুঙা নাও আৰু কলৰ ভূৰেৰে ঘৰমুৱা হ’ব লগা হৈছে৷
ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে বুৰাই
পেলালে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান
নিয়মীয়া বার্তা, ছৈখোৱা, তিনিচুকীয়া ৰাজ্যত বিগত কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে মহাবাহু ব্রহ্মপুত্রৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ৷ বিগত চাৰি–পাঁচ দিন একেৰাহে অব্যাহত বৰষুণৰ পানীয়ে ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধি কৰাত জৈৱ–বৈচিত্র্যৰে ভৰপূৰ উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান জলমগ্ণ হৈ পৰিছে৷ বিশেষকৈ ৰাষ্ট্রীয় উদ্যানখনৰ মাজেদি বৈ যোৱা ডিব্রু নৈৰ বাঢ়নী পানীয়ে এই ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ৯০ শতাংশতকৈ অধিক অঞ্চল বুৰাই পেলোৱাত ৰাষ্ট্রীয় উদ্যানখনৰ জীৱকুলৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷

উল্লেখ্য যে পৃথিৱীবিখ্যাত বন–ঘৰচীয়া ঘোঁৰাৰ একমাত্র বিচৰণস্থলী হিচাপে জনাজাত ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানত হাতী, বাঘ, হৰিণ, বিভিন্ন প্রজাতিৰ চৰাইকে ধৰি ৰাজ্যিক পক্ষী দেওহঁাহৰো বিচৰণস্থলী৷ ৰাষ্ট্রীয় উদ্যানখনৰ ভিতৰভাগ ডিব্রু নৈকে ধৰি ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত উদ্যানখনত থকা এইসমূহ জীৱ–জন্তুৱে আশ্রয়স্থলৰ সন্ধান কৰিব লগা হৈছে৷ বহুতো জীৱ–জন্তু ইতিমধ্যে ওখ ঠাই বিচাৰি ৰাষ্ট্রীয় উদ্যানখনৰ দাঁতি–কাষৰীয়া বিভিন্ন অঞ্চলত প্রৱেশ কৰাৰ কথা জানিব পৰা গৈছে৷ নিশাৰ ভিতৰতে যদি বাঢ়নী পানীয়ে এই ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান আৰু অধিক বুৰাই পেলায়, তেন্তে উদ্যানখনৰ জীৱকুলৰ প্রতি চৰম ভাবুকি আহি পৰাৰ পূর্ণ সম্ভাৱনাই দেখা দিছে৷ আশ্রয়ৰ বাবে ওখ ঠাই বিচাৰি জীৱ–জন্তু জনবসতিপূর্ণ এলেকালৈ ধাৱমান হ’লে দুষৃকতিকাৰীৰ কবলতো পৰাৰ আশংকা কৰিছে প্রকৃতিপ্রেমী ৰাইজে৷ বানত ককবকাবলগীয়া হোৱা এই জীৱ–জন্তুৰ নিৰাপত্তাৰ বাবে ব্যৱস্থা কৰিবলৈ বন বিভাগ তথা তিনিচুকীয়া জিলা প্রশাসনক আহ্বান জনাইছে প্রকৃতিপ্রেমী ৰাইজে৷ আনহাতে এই ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ লগতে উদ্যানখনৰ দাঁতি–কাষৰীয়া তথা ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ প্রথমখন দুৱাৰমুখ তিনিচুকীয়াৰ গুঁইজানঘাটকে ধৰি ডাঙৰীৰ সমীপৰ লাইনা, লাউপতি, ফুলবৰী ইত্যাদি গাঁৱৰ বিভিন্ন অংশটো ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে৷
জোনাইত পুনৰ চিয়াঙে ভাঙিলে
মথাউৰিঃ চিয়াং–ব্রহ্মপুত্র–লা নৈৰ বানত জলমগ্ণ বহু গাঁও
নিয়মীয়া বার্তা, জোনাই ঃ কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত চিয়াং, ব্রহ্মপুত্র আৰু লালী নৈৰ জলপৃষ্ঠ ওফন্দি বাঢ়নী পানীয়ে বুৰাই পেলাইছে জোনাই ৰাজহ চক্রৰ চিলে গাঁও পঞ্চায়তৰ নদীদ্বীপ কবু চাপৰিৰ ১নং আৰু ২নং ৱার্ড মালভোগ, শান্তিপুৰ, ৰাভা কাঠনি, সোণোৱাল কাঠনি আদি গাঁও৷ নদীদ্বীপ কবু চাপৰিৰ পৰা প্রায় ৯০গৰাকী লোকক জোনাই প্রশাসনে এছ ডি আৰ এফৰ জৰিয়তে উদ্ধাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ পাতি ৰখাৰ ব্যৱস্থা কৰিছে৷ উদ্ধাৰ কৰা লোকসকলৰ ভিতৰত দুগৰাকী গর্ভৱতী আৰু এজন অসুস্থ লোক থকা বুলি জানিব পৰা গৈছে৷ আনহাতে, জোনাইত যোৱানিশা চিয়াং নৈয়ে পুনৰ মথাউৰি ভাঙে৷ যোৱা কিছুদিনৰ পৰা চিয়াঙৰ পানী দ্রুতগতিত বাঢ়ি অহাত যোৱানিশা শান্তিপুৰত থকা মথাউৰিৰ এটা অংশ উটুৱাই নিয়াত হাহাকাৰ অৱস্থা হয় কেইবাখনো গাঁৱৰ ৰাইজৰ৷ কিছুদিন পূর্বে এই মথাউৰিটো আন ঠাইত ছিঙি গৈছিল যদিও যোৱানিশা পুনৰ আন ঠাইত চিয়াঙৰ বাঢ়নী পানীয়ে ছিঙি পেলোৱাত মালভোগ, শান্তিপুৰ, ৰাভা কাঠনি, সোণোৱাল কাঠনি আদি কেইবাখনো গাঁৱৰ ঘৰ–বাৰী সম্পূর্ণ বুৰাই পেলোৱাত ঘৰতে আবদ্ধ হৈ পৰিছে বহু পৰিয়াল৷ ঘৰৰ ভিতৰতে আবদ্ধ লোকক এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলায়৷ ছিগা মথাউৰিয়েদি চিয়াঙৰ পানী সোমাই থকাত নিশাৰ ফালে বান পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটাৰ আংশকা কৰিছে বানাক্রান্ত ৰাইজে৷ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত ওফন্দি উঠিছে জোনাইৰ নৈ, উপ–নৈসমূহ৷ চিলে নৈৰ বাঢ়নী পানীত জোনাইৰ সোণোৱাল কাটনি, চুতীয়াচুক, বেৰা সোণোৱাল, ৰাভা কাঠনি, মালভোগ, শান্তিপুৰ, অকলেণ্ড আদি কৰি ১০খনৰো অধিক গাঁৱৰ শ শ পৰিয়ালৰ ঘৰ–বাৰী বুৰ গৈ আছে পানীৰ তলত৷ কিন্তু বর্তমানলৈ এই বানপীডিত ৰাইজক পর্যাপ্ত সাহায্য নিদিয়াৰ অভিযোগ তুলিছে৷

ইফালে, কালিৰে পৰা দ্রুতগতিত বৃদ্ধি পোৱা ব্রহ্মপুত্র আৰু লালী নৈৰ বাঢ়নী পানীয়ে মেচাকি চৰাঞ্চলটোৰ মেচাকি ৰাভা, মেচাকি বডো, মেচাকি বর্মন, বর্মন তিনিআলি, মোহনামুখ গোৱালা, মিলনপুৰ, ছিংগাপুৰ, মুকলি পথাৰ, লামাজান, ৰুমৈৰুমৈ, কয়লাআলি মিচিং, কাংকান, কয়লাআলি বর্মন, আন’ চাপৰি, কয়লাআলি জয়পুৰ, কেকন দিখাৰী, কয়লাআলি বিষ্ণুপুৰ, ৰামসিং ৰাভা, ৰামসিং বডো, ৰামসিং গোৱালা,বুডিয়া চাপৰি, সীতাৰাম চাপৰি, জাউঘুলি মিচিং, জাউঘুলি বডো, দদেৰে আদি গাঁওসমূহ বুৰাই পেলায়৷ বানৰ কবলত মেচাকি চাপৰিৰ বাট–পথসমূহ সম্পূর্ণ বুৰ যোৱাৰ ফলত বানপীডিত ৰাইজৰ যাতায়াত ব্যৱস্থা শোচনীয় হৈ পৰিছে৷ আনহাতে পথ, পথাৰসমূহ জলমগ্ণ হৈ পৰাত কালিৰে পৰা গৰু, ম’হ, গাহৰি, ছাগলী, হাঁহ কুকুৰা আদি পশুধনৰ মাজত তীব্র খাদ্য সংকটে দেখা দিছে৷ ব্রহ্মপুত্র আৰু লালী নৈৰ বক্ষত অৱস্থিত ক্ষুদ্র নদীদ্বীপ মেচাকি চাপৰি বহিঃজগতৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ ইপিনে, লালী নৈৰ জলপৃষ্ঠ ক্রমাৎ বৃদ্ধি পোৱাৰ ফলত নৈখনৰ বাঢ়নী পানীয়ে ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ বগৰীগুৰী অঞ্চলৰ বদলপুৰ বর্মন, ১নং বদলপুৰ, ২নং বদলপুৰ, মধ্যপুৰ, তাকাবাৰী, ১নং বিষ্ণুপুৰ, ২নং বিষ্ণুপুৰ, ১নং মলান, ২নং মলান, খাগ্রাবাৰী, মলান মাল’, নলাপাৰা, ১নং বগৰীগুৰি, ২নং বগৰীগুৰি, বুঢ়ীসুঁতি কছাৰী, বুঢ়ীসুঁতি বাঙালী, দমকল, গয়লা গাঁও, খেৰণি, উলুৱনী, জামুগুৰি, পাখ্রীগুৰি, ১নং কর্ণপুৰ, ২নং কর্ণপুৰ আদি গাঁও প্লাৱিত হৈছে৷ লালী নৈৰ বাঢ়নী পানীয়ে বৈকুণ্ঠপুৰ বগৰীগুৰি সংযোগী পি এম জি এছ ৱাই পথৰ বগৰীগুৰি বজাৰ, পাটিয়া নলা, উত্তম নলা অংশত বুৰাই পেলোৱাৰ ফলত বৃহত্তৰ বগৰীগুৰি অঞ্চলৰ বানপীডিত ৰাইজৰ যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে৷ ইফালে জোনাই ৰাজহ চক্রৰ বৰং অঞ্চলৰ মাঝিআলি, মুনমুন চাপৰি, মিলন নগৰ, চিত্রনগৰ, তল মামৰ, তল মাঝি, কাংকান চাপৰি আদি গাঁও জলমগ্ণ কৰি পেলাইছে লালী নৈৰ বাঢ়নী পানীয়ে৷ ব্রহ্মপুত্র আৰু লালী নৈৰ বানত বানাক্রান্ত ৰাইজক উপযুক্ত বান সাহায্য যোগান ধৰিবলৈ ইউ বি পি অ’ৰ ধেমাজি জিলা সমিতি, এবছুৰ ধেমাজি জিলা সমিতি, ধেমাজি জিলা ৰাভা ছাত্র সন্থা, ধেমাজি জিলা আবৌফে চৰকাৰ, প্রশাসনক দাবী জনাইছে৷

 

You might also like