নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ চৰকাৰী প্রভাৱ দেখুৱাই সোঁৱে–বাঁৱে লুণ্ঠন চলোৱা সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ–সচিব চাইবুৰ ৰহমানৰ পর্বতসম সম্পত্তিৰ তথ্য উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই৷ আৰক্ষীৰ জিম্মাত থকা এইজন ধনকুবেৰে হঠাতে শুকুৰবাৰে অসুস্থ হৈ পৰাৰ নাটক ৰচনা কৰে৷ যোৱাকেইদিন বিভিন্ন অসুস্থতাৰ কাৰণ দেখুৱাই অহা চাইবুৰ ৰহমানে চিকিৎসালয়ত ভর্তি কৰোৱাৰ বাবে তদন্তকাৰী সংস্থাটোক হেঁচা দি আছিল৷ শুকুৰবাৰে পুনৰ পুৱাৰ ভাগতে অসুস্থ হৈ পৰা বুলি অৱগত কৰাত মহানগৰীৰ মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়৷ কিন্তু এই স্বাস্থ্য পৰীক্ষাতে চাইবুৰ ৰহমানৰ বিশেষ শাৰীৰিক অসুস্থতা নথকাটো স্পষ্ট হৈ পৰে৷ সেয়েহে স্বাস্থ্য পৰীক্ষা কৰিয়েই পুনৰ চৰকাৰী বিষয়াজনক লৈ যোৱা হয় পাণবজাৰ আৰক্ষী থানাৰ লকআপলৈ৷ আৰক্ষী সূত্রে প্রকাশ কৰা অনুসৰি অহা ৩০ আগষ্টলৈ আৰক্ষীৰ জিম্মাত থকা চাইবুৰক পুনৰ আন এসপ্তাহৰ বাবে নিজৰ জিম্মাত বিচাৰিব৷
ইফালে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই ৰাজ্যৰ বিভিন্ন স্থানত থকা চাইবুৰৰ সম্পত্তিৰ তথ্য উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ তদন্তকাৰী সংস্থাটোৱে প্রকাশ কৰা মতে, বিগত তিনিটা দিনত চলোৱা অভিযানত ধনকুবেৰজনৰ ২৪টা বেংক একাউণ্টৰ ধনৰ লেনদেনৰ তথ্য উদ্ধাৰ হোৱাৰ লগতে এ চি এছ বিষয়াজনে তেওঁৰ কণমানি পুত্রৰ নামতো কেইবাটাও একাউণ্টত জমা ৰাখিছে লক্ষ লক্ষ টকা৷ সেয়াই নহয়, সম্পত্তি তথা নগদ ধনৰ উৎস দেখুৱাবলৈ এইজন দুর্নীতিগ্রস্ত বিষয়াই শেহতীয়াকৈ বিভিন্ন স্থানত থকা তেওঁৰ মাটি বিক্রীৰ প্রক্রিয়া আৰম্ভ কৰিছিল৷ তদন্তকাৰী দলে লাভ কৰা তথ্য অনুসৰি হাতীগাঁও, পাঞ্জাবাৰী আৰু জালুকবাৰীত থকা মাটি বিক্রীৰ বাবেও প্রস্তুতি চলাইছিল৷ আনকি ধনৰ উৎস দেখুৱাবলৈ বিক্রী কৰিছিল এখন বিলাসী গাড়ী৷
লক্ষণীয় দিশটো হ’ল যে দুই হাতেৰে লুণ্ঠন চলোৱা চাইবুৰ ৰহমানে সদ্যসমাপ্ত নির্বাচনত তেওঁৰ পত্নীক সৰুক্ষেত্রী সমষ্টিৰ পৰা প্রতিনিধিত্বত নমাইছিল৷ লুণ্ঠন কৰা কোটি কোটি টকা ব্যয় কৰাৰ পথ নেদেখি নির্বাচনত উৰুৱাবলৈ পত্নীক এ আই ইউ ডি এফৰ টিকট যোগাৰ কৰি দিয়া চাইবুৰ ৰহমানে সমষ্টিটোত আগতীয়াকৈ ব্যয় কৰিছিল কেইবাকোটি টকা৷ লক্ষণীয়ভাৱে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা পত্নী মীনাক্ষি ৰহমানৰ নির্বাচনী শ্লোগান আছিল– আমাক নালাগে টকা, নালাগে কোনো অট্টালিকা, লাগে মাথোঁ সন্মান আৰু লাগে কর্মসংস্থাপন৷ এই শ্লোগানেৰে ভোট কিনিবলৈ তৎপৰতা চলোৱা চাইবুৰ ৰহমানে পত্নীৰ নির্বাচনী ব্যয়ৰ নামত উৰুৱাই দিছিল ১০ কোটি টকাৰো অধিক ধন৷
দক্ষিণ শালমাৰা–মানকাচৰত্ কোটি কোটি টকা সংগ্রহ কৰিছিল চাইবুৰে
মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে আয় আৰু সম্পত্তিৰ বিশাল অসংগতিৰ অভিযোগত দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ প্রাক্তন অতিৰিক্ত উপায়ুক্ত আৰু বর্তমান সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ–সঞ্চালক হিচাপে কর্মৰত চাইবুৰ ৰহমান চৰকাৰী মাটিৰ মাফিয়াৰাজ হিচাপে তেওঁ জিলাখনৰ জনমানসত পৰিচিত৷ চৰকাৰে গঠন কৰি দিয়া লেণ্ড এভচাইছৰী ব’ড আৰু স্থানীয় এচাম দালালৰ সহযোগত ব্রহ্মপুত্রৰ গৰাখহনীয়াত ভেটি–মাটি হেৰুওৱা ভূমিহীন লোকৰ পুনৰ সংস্থাপনৰ নামত তেওঁ চৰকাৰী মাটি আবণ্টন দিয়াৰ ক্ষেত্রত পর্বতসম দুর্নীতি সংঘটিত কৰিছিল৷ জিলাখনৰ সদৰ হাটশিঙিমাৰীকে আদি কৰি বিভিন্ন অঞ্চলত খিলঞ্জীয়া মানুহৰ দখলত থকা খাচ মাটি অধিগ্রহণ কৰি তাৰ পৰা তেওঁলোকক উচ্ছেদ কৰি লাখ লাখ টকাৰ বিনিময়ত ধনী ব্যক্তি, ঠিকাদাৰ, চাকৰিয়াল, বিভিন্ন ৰাজনৈতিক দলৰ আত্মীয়, বণিয়া শ্রেণীৰ মানুহক ভূমিহীন সজাই মাটি আবণ্টন দিছিল৷ প্রায় ৭০ শতাংশ দেশী, কোচ, হাজং, গাৰো, ৰাজবংশী আদি খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলৰ জনগাঁথনিক প্রভাৱিত কৰাৰ কাৰণেও ষড়যন্ত্রমূলকভাৱে চাইবুৰ ৰহমানে এনে কার্যত লিপ্ত হৈছিল৷ জিলা প্রশাসনৰ এক বৃহৎ অংশ এই কার্যত জড়িত হৈ পৰিছিল৷ এনে দুর্নীতিৰ বিৰুদ্ধে মাত মাতিব খোজা যিকোনো ব্যক্তি–সংগঠনক ভাবুকি দি দমন কৰি ৰখা হৈছিল৷