নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ উপস্থিতিত ১ ছেপ্টেম্বৰত যোগ দিব বিজেপিত

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মী আৰু সুশান্ত বৰগোহাঁইৰ পদাংক অনুসৰণ কৰি এইবাৰ বিজেপিত যোগ দিবলৈ ওলাইছে ভৱানীপুৰ সমষ্টিৰ এআইইউডিএফৰ বিধায়ক ফণী তালুকদাৰে৷ অহা ১ ছেপ্টেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব তালুকদাৰে৷ তেওঁ বিজেপিত যোগদান কৰিব বুলি চর্চা আৰম্ভ হোৱাৰে পৰা সংবাদ মাধ্যমৰ আগত অতি কৌশলী মন্তব্য কৰি অহা বিধায়ক তালুকদাৰে দেওবাৰে প্রথমবাৰৰ বাবে স্পষ্টভাৱে বিজেপিত যোগদান কৰিব বুলি প্রকাশ কৰে৷ তেওঁ কয় যে অহা ১ ছেপ্টেম্বৰত বিজেপিত যোগদান কৰিব৷

সেইদিনা দুপৰীয়া ১২ বজাৰ পৰা এক বজাৰ ভিতৰত মুখ্যমন্ত্রীৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিব৷ ইয়াৰ পৰিপ্রেক্ষিতত সমষ্টিটোত হ’বলগীয়া আসন্ন উপ–নির্বাচনত বিজেপি প্রার্থী হিচাপে তেওঁ জয়লাভ কৰিব বুলি আশা ব্যক্ত কৰি কয় যে সমষ্টিত তেওঁৰ ব্যক্তিগত ভোট আছে৷ তদুপৰি বিজেপিৰ হিন্দু ভোট আছে৷ সেই ভোটেৰেই তেওঁ উপ–নির্বাচনত জয়লাভ কৰিব৷ তিনিমহীয়া বিধায়ক হিচাপে তেওঁ নিজৰ সাফল্যৰ খতিয়ানো দাঙি ধৰি কয় যে এই সময়ছোৱাতে তেওঁ সমষ্টিটোত বাট–পথৰ বাবে ৩০ কোটি টকাৰ আবণ্টন আনিবলৈ সক্ষম হৈছে৷

You might also like