নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফৰে মিত্রতা ভংগ বিপিএফক স্থিতি স্পষ্ট কৰাৰ আহ্বান

দিছপুৰত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠক

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ অৱশেষত সকলো চর্চা, জল্পনা–কল্পনাৰ অৱসান ঘটাই সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতা ভংগৰ সিদ্ধান্ত ল’লে প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে৷ আজি অসম বিধানসভাৰ কংগ্রেছ বিধায়িনী দলৰ কার্যালয়ত অনুষ্ঠিত ক’ৰ কমিটীৰ বৈঠকে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলকো মহাজোঁটত অংশীদাৰ হৈ থাকিবনে নাই সেই সম্পর্কত লিখিতভাৱে ৰাজহুৱাকৈ জনোৱাৰ আহ্বান জনায়৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত ক’ৰ কমিটীৰ বৈঠকে এক প্রস্তাৱযোগে এ আই ইউ এফৰে মিত্রতা ছেদৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই সম্পর্কত গ্রহণ কৰা প্রস্তাৱটোত কোৱা হৈছে– মহাজোঁটৰ অন্যতম অংশীদাৰ এ আই ইউ ডি এফ দলৰ বর্তমান কার্যকলাপে আমাক হতভম্ব কৰিছে৷ এ আই ইউ ডি এফ দলৰ কিছু নেতাই অনাহকতে ব্যক্তিগত স্বার্থত বিজেপি দল আৰু মুখ্যমন্ত্রীক যিদৰে ৰাজহুৱাভাৱে প্রশংসা কৰি আছে, তাৰ ফলত জনমানসত কংগ্রেছ দলৰ ভাবমূর্তি যথেষ্ট ম্লান হৈছে৷

এই সম্পর্কত পুংখানুপুংখভাৱে দীঘলীয়া আলোচনাৰ অন্তত এ আই ইউ ডি এফ দলক মহাজোঁটৰ অংশীদাৰ কৰি নৰখাটো সর্বসন্মতিমর্মে একমত পোষণ কৰে আৰু আজি প্রদেশ কংগ্রেছৰ নীতি নির্ধাৰণ কমিটীয়ে নিখিল ভাৰত কংগ্রেছ কমিটীলৈ এ আই ইউ ডি এফ দলক মহাজোঁটৰ অংশীদাৰৰ পৰা অব্যাহতি দিবলৈ প্রস্তাৱ আগবঢ়ায়৷ সেইদৰে বি পি এফ সম্পর্কত গ্রহণ কৰা প্রস্তাৱটোত কয় যে বর্তমান বি পি এফ দলৰ কার্যকলাপে বিজেপি দলৰ মিত্রজোঁটৰ চৰকাৰক যথেষ্ট সহায় কৰিছে৷ বি পি এফ দলে মহাজোঁটৰ অংশীদাৰ হৈ থকাৰ ক্ষেত্রত যিহেতু অনীহা প্রকাশ কৰিছে, সেয়েহে বি পি এফৰ পৰা স্পষ্টকৈ মতামত জনাৰ বাবে আজিৰ সভাই প্রদেশ কংগ্রেছৰ সভাপতিক সম্পূর্ণ দায়িত্ব দিয়ে আৰু এইক্ষেত্রত ঊর্ধ্বতন কর্তৃপক্ষক প্রস্তাৱ আগবঢ়াবলৈ দায়িত্ব অর্পণ কৰে৷ এই সন্দর্ভত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই বি পি এফৰ পৰা তেওঁলোকৰ স্থিতি লিখিতভাৱে ৰাজহুৱাকৈ প্রকাশ কৰাৰ বাবে আহ্বান জনায়৷ আনহাতে, আজিৰ ক’ৰ কমিটীৰ বৈঠকে আসন্ন উপ–নির্বাচন সম্পর্কতো বিস্তৃতভাৱে আলোচনা কৰি উপ–নির্বাচনৰ প্রার্থী বাছনিকে ধৰি নির্বাচনী ৰণকৌশল প্রস্তুত কৰাৰ বাবে প্রদেশ কংগ্রেছৰ সভাপতি, তিনিগৰাকী কার্যকৰী সভাপতি, কংগ্রেছ বিধায়িনী দলৰ নেতা, উপ–দলপতি, জ্যেষ্ঠ কংগ্রেছ নেতা বসন্ত দাস আৰু প্রণতি ফুকনক লৈ আঠজনীয়া কমিটী এখন গঠন কৰি দিয়ে৷

ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়া আৰু ডিমা হাছাওৰ দুর্বৃত্তই হত্যা কৰা ব্যক্তিকেইগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি এক মিনিট মৌন প্রার্থনাৰে  ক’ৰ কমিটীৰ বৈঠকখন অনুষ্ঠিত হয়৷ বৈঠকে চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদ, বিজেপিয়ে নির্বাচনৰ সময়ত নিবনুৱাক দিয়া প্রতিশ্রুতি পূৰণ নকৰা, বানপানী সমস্যাৰ ক্ষেত্রত বর্তমানৰ চৰকাৰৰ উদাসীনতা, চাহ জনগোষ্ঠীৰ মজুৰি বৃদ্ধিৰ নামত প্রতাৰণা, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত প্রতাৰণা আদি বিষয়ক লৈ বর্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে প্রস্তাৱ গ্রহণ কৰে৷ অচিৰেই সেই সমস্যাসমূহ সমাধান নহ’লে কংগ্রেছে ব্যাপক গণ আন্দোলন কৰাৰো সিদ্ধান্ত গ্রহণ কৰে৷ ইপিনে, ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈৰ শেহতীয়া ভূমিকাক লৈও ৰাজ্যৰ কংগ্রেছ নেতৃত্ব ক্ষুণ্ণ হৈ পৰিছে৷

সাংসদ গৌৰৱ গগৈ আৰু প্রদ্যুৎ বৰদলৈয়ে ৰিপুণ বৰা মুখ্যমন্ত্রী হোৱাটো নিবিচৰাৰ বাবেই কংগ্রেছ আৰু ৰাইজৰ দলৰ মিত্রতাত বাধা দিছিল বুলি অখিল গগৈয়ে কৰা বিস্ফোৰক অভিযোগ সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে অখিল গগৈয়ে মিছা কথা কৈছে৷ কোনটো দলে কিমান আসন বিচাৰিব লাগে সেই সম্পর্কত ক্ষমতা বা অর্হতা সম্পর্কে জানিব লাগে৷ দলটোৰ প্রতিজন নেতাৰ লগত যদি অখিল গগৈয়ে ফেপেৰি পাতি লয়, তেন্তে দলটোৱে কেনেকৈ তেওঁৰ লগত মিত্রতা কৰিব বুলি প্রশ্ণ কৰি বৰাই কয় যে যোৱা নির্বাচনৰ সময়ত অখিল গগৈয়ে কিমান আসন বিচাৰিছিল সকলোৱে জানে৷ প্রদেশ কংগ্রেছক এজন মানুহে চার্টিফিকেট দিব নেকি বুলি প্রশ্ণ কৰি তেওঁ আৰু কয় যে বেয়া কাম কৰিলে লাখ লাখ মানুহে বেয়া বুলি ক’ব৷ ভাল কাম কৰিলে লাখ লাখ মানুহে ভাল কৰা বুলি ক’ব৷ বিজেপিৰ বি টীম কোন অসমৰ ৰাইজে দেখি থাকিব৷ অসমৰ ৰাইজ ৰাজনৈতিকভাৱে পৰিপক্ব৷ সেইদৰে বিৰোধী দলপতি দেৱব্রত শইকীয়াই অখিল গগৈৰ মন্তব্য সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি কয় যে অখিলে কোৱাৰ দৰে কংগ্রেছ মিঞাৰ দল নহয়, অসমীয়াৰ দল৷ মিঞা–ননমিঞা সকলো কংগ্রেছত আছে৷
প্রয়োজনত আমাৰ দলৰ অক্সিজেন লৈছিলঃ  আমিনুল ইছলাম
কংগ্রেছে এ আই ইউ ডি এফৰে মিত্রতা ছেদৰ বাবে সাজু হোৱাৰ লগে লগে বিগ ব্রাদাৰৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে আজমলৰ দল৷ এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সংগঠন) তথা মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে আজি ধুবুৰীৰ আৱর্ত ভৱনত এখন সংবাদ মেলত কংগ্রেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কৰি কয় যে কংগ্রেছে মিত্রতা ভংগ কৰিলে আমাৰ ক’ব লগা নাই৷ কিন্তু প্রয়োজন হোৱাত কংগ্রেছে এ আই ইউ ডি এফৰ অক্সিজেন লৈছিল৷ এতিয়া তেওঁলোকক এ আই ইউ ডি এফৰ অক্সিজেন নালাগিলে ক’ব লগা নাই৷ অনাগত দিনত দেখা যাব৷ সঁচা অর্থত ক’ব লাগিলে কংগ্রেছ দলে অকলে বিজেপিক বলে পৰা অৱস্থাত নাই৷ তদুপৰি মহাজোঁট গঠন হৈছিল এ আই চি চিৰ নেতা জিতেন্দ্র সিং, ৰাহুল গান্ধীৰ লগত কথা–বতৰা হোৱাৰ পাছতহে৷ কংগ্রেছৰ বিৰুদ্ধাচৰণ কৰিয়েই মহাজোঁট গঠন হৈছিল৷ কিন্তু পৰৱর্তী পর্যায়ত শত্রুৰ মাজতো বিশ্লেষণ কৰি এ আই ইউ ডি এফে কংগ্রেছতকৈ বিজেপি বেছি ভয়াৱহ বুলি বিবেচনা কৰিয়েই কংগ্রেছৰ সৈতে মিত্রতা কৰিছে৷

এতিয়াও অসমত বিজেপিক প্রতিহত কৰিবলৈ মহাজোঁটৰ প্রয়োজনীয়তা থকাৰ কথা উল্লেখ কৰে৷ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈকো ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে অখিল গগৈৰ কোনো স্থিতি নাই৷ অখিল গগৈয়ে নদীবান্ধ, কৃষকৰ ভূমি, উচ্ছেদ আদি বিভিন্ন বিষয়ক লৈ আন্দোলন কৰি থকা দেখিছোঁ৷ কিন্তু এটা আন্দোলন চলি থকাৰ মাজতে আন এটা আন্দোলন অখিল গগৈয়ে আৰম্ভ কৰে৷ অখিল গগৈৰ ফিনিছিং নাই৷ তেওঁ অখিল গগৈক বিজেপিৰ এজেণ্ট বুলি অভিহিত কৰি কয় যে বিজেপিয়ে মহাজোঁট ভংগৰ বাবে অখিল গগৈক সুমুৱাই দিছে আৰু কংগ্রেছে সেই ট্রেকত ভৰি দিছে৷ অখিল গগৈক কংগ্রেছৰ কিছুমান নেতাই এ আই ইউ ডি এফৰ বিৰুদ্ধাচৰণ কৰাত ব্যৱহাৰ কৰিছে বুলিও সন্দেহ হয়৷ আনহাতে, ভৱানীপুৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক ফণী তালুকদাৰে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ ওলোৱা প্রসংগটো তেওঁ কয় যে তালুকদাৰক বিজেপিত যোগদান কৰিবলৈ বাধ্য কৰোৱা হৈছে৷ তেওঁক বিভিন্ন ধৰণে হেঁচা দি বিজেপিত যোগদান কৰাব বিচৰা হৈছে৷ ইপিনে, কংগ্রেছে এ আই ইউ ডি এফৰে মিত্রতা ছেদ কৰিলে আসন্ন উপ–নির্বাচনত এ আই ইউ ডি এফ দলে গোসাঁইগাঁও, তামুলপুৰৰ উপৰি ভৱানীপুৰ সমষ্টিতো নিজাববীয়াকৈ প্রার্থিত্ব দিব বুলি জানিবলৈ দিয়ে৷

You might also like