নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ভাঙিব চাইবুৰৰ বেংকৰ লকাৰ

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ প্রায় প্রতিদিনেই বৃদ্ধি পাবলৈ লৈছে কলংকিত এচিএছ বিষয়া চাইবুৰ ৰহমানৰ সম্পত্তিৰ তালিকা৷ ৰাজ্যৰ বিভিন্ন জিলাত কার্যনির্বাহ কৰি থকা অৱস্থাত সোঁৱে–বাঁৱে সম্পত্তি গোটোৱা ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ–সচিব চাইবুৰ ৰহমানৰ প্রতিদিনে ওলাই থকা সম্পত্তি দেখি স্তম্ভিত হৈ পৰিছে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখা৷ যোৱা ৬টা দিন আৰক্ষীৰ জিম্মাত থকাৰ পিছত  বিশেষ আদালতত হাজিৰ কৰোৱা চাইবুৰক ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে৷

যোৱা সময়ছোৱাত তদাৰকী শাখাই ধনকুবেৰজনৰ সম্পত্তিৰ তথ্য বিচাৰি গুৱাহাটী মহানগৰীৰ লগতে বৰপেটা জিলাত চলোৱা অভিযানত উদ্ধাৰ হোৱা তথ্যই কার্যতঃ বিপাঙতহে পেলাইছে তদন্তকাৰী সংস্থাটোক৷ প্রথম অৱস্থাত চাইবুৰৰ ৮৯ স্থানত ভূমি থকা বুলি তথ্য লাভ কৰিছিল যদিও শেহতীয়া অভিযানত দুর্নীতিগ্রস্ত বিষয়াজনৰ ১০৮ স্থানত মাটি থকাৰ তথ্য উদ্ধাৰ হৈছে৷ তদন্তকাৰী সংস্থাটোৰ এগৰাকী বিষয়াই প্রকাশ কৰা মতে, মাটি ক্রয়–বিক্রয়ৰ ব্যৱসায়ত নামি কোটি কোটি টকা সংগ্রহ কৰা চাইবুৰ ৰহমানে গুৱাহাটী মহানগৰীতে ১৬টা স্থানত ভূমি ক্রয় কৰিছিল৷ বিষয়াজনৰ বিৰুদ্ধে যোৱা এপ্রিল মাহত আৰম্ভ কৰা তদন্তৰ সময়তে গুৱাহাটীত থকা চাৰি–পাঁচ স্থানৰ ভূমি বিক্রী কৰিবলৈ সক্ষম হৈছিল৷ অর্থাৎ এতিয়াও মহানগৰীৰ ১০–১২টা স্থানত চাইবুৰৰ মাটি আছে৷ যোৱা জুন–জুলাই মাহতো মহানগৰীৰ মাটি বিক্রী কৰিছিল চাইবুৰে৷

তদন্তকাৰী সংস্থাটোৰ বিষয়াজনে প্রকাশ কৰা আন এক তথ্য অনুসৰি সর্বাধিক ভূমি চাইবুৰৰ প্রথমা পত্নীৰ নামতে আছে৷ শেহতীয়াকৈ হাতীগাঁৱৰ সিজুবাৰীত অভিযান চলোৱাৰ সময়ত চাইবুৰৰ ব্যৱসায়ী সংগী আক্কাছ আলীৰ বাসগৃহৰ পৰা ভূমি ক্রয়–বিক্রয়ৰ ১৪খন দলিল উদ্ধাৰ কৰা হৈছে৷ গতিকে মহানগৰীত চাইবুৰৰ ভূমিৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে৷ ইফালে, চাইবুৰৰ প্রথমা পত্নীৰ নামত থকা এছ বি আইৰ লকাৰ এটা শেহতীয়াকৈ তদন্তকাৰী সংস্থাৰ হাতত পৰিছে৷ উক্ত লকাৰটোৰ পাছৱর্ড পাহৰি যোৱাৰ নাটক কৰি চাইবুৰে তদন্তকাৰী সংস্থাক বিপথে পৰিচালিত কৰি আছে যদিও আজি উক্ত লকাৰটো তদাৰকী শাখাই ভাঙিব৷ তদন্তকাৰী সংস্থাটোৱে প্রকাশ কৰা অনুসৰি উক্ত লকাৰত চাইবুৰে আ–লংকাৰৰ লগতে মাটিৰ দলিল জমা ৰখাৰ সম্ভাৱনা আছে৷

ইফালে চাইবুৰ ৰহমানৰ দ্বিতীয় পত্নী মীনাক্ষি ৰহমানে সদ্যসমাপ্ত নির্বাচনত ১২ লাখ টকা ব্যয় কৰা বুলি বিষয়াজনে যি তথ্য দাঙি ধৰিছে, তাৰ বিপৰীতে সৰুক্ষেত্রী সমষ্টিত মীনাক্ষি ৰহমানে প্রায় ৪৬ কোটি টকা ব্যয় কৰাৰ এক তথ্য লাভ কৰিছে তদাৰকী শাখাই৷ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানক্ দিয়া অনুদান, গাড়ীৰ ব্যয়, নির্বাচনী অন্যান্য খৰচসমূহ প্রত্যক্ষ কৰিলে কোনো কাৰণতে ৫০ কোটি টকাৰ কম হ’ব নোৱাৰে বুলি একপ্রকাৰ নিশ্চিত হৈছে তদাৰকী শাখা৷

উল্লেখ্য যে প্রতিদিনে উদ্ধাৰ হোৱা চাইবুৰৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে তদাৰকী শাখাই আদালতত আবেদন দাখিল কৰাৰো প্রস্তুতি চলাইছে৷ সমান্তৰালভাৱে ইতিমধ্যে চাইবুৰে বিক্রী কৰা অথবা ক্রয় কৰা ভূমিৰ প্রকৃত মূল্য উদ্ধাৰৰ বাবেও তদন্ত আৰম্ভ কৰিছে৷

You might also like