নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নির্বাচনৰ পূর্বৰ পৰিস্থিতি সলনি হৈছে বাবেই লোৱা হৈছে মিত্রতা ছেদৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ যোৱা বিধানসভা নির্বাচনৰ সময়ত সেই সময়ৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কংগ্রেছ দলে এ আই ইউ ডি এফৰে বুজাবুজি কৰিছিল৷ আজি পৰিস্থিতি সলনি হৈছে৷ সেই অনুসৰি প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীয়ে সিদ্ধান্ত সলনি কৰিছে৷ –এই মন্তব্য কংগ্রেছ দলৰ জ্যেষ্ঠ নেতা এ আই চি চিৰ সাধাৰণ সম্পাদক, চি ডব্লিউ চিৰ সদস্য, প্রাক্তন কেন্দ্রীয় মন্ত্রী মুকুল ৱাছনিকৰ৷

আজি গুৱাহাটী আয়োজিত এখন সংবাদ মেলত কংগ্রেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে দল কাৰ সৈতে চলিব, সেই সম্পর্কত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে৷ যোৱা বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত মহাজোঁট গঠনৰ সময়ত প্রদেশ কংগ্রেছৰ নেতৃত্বৰ লগতে সর্বভাৰতীয় নেতৃত্বও উপস্থিত আছিল৷ সেই মহাজোঁট গঠনৰ সময়ত এ আই চি চিৰ প্রতিনিধি হিচাপে তেৱোঁ উপস্থিত আছিল৷ বিৰোধীৰ ভোট বিভাজন ৰোধৰ বাবে সেই সময়ত মহাজোঁট গঠন কৰা হৈছিল৷ কিন্তু আজি পৰিস্থিতি সলনি হৈছে৷ ৰাজনীতি হৈছে বোৱতী পানীৰ দৰে৷ ক’তো আবদ্ধ হৈ নাথাকে৷ সেইমতে ৰাজনীতিত সময়ে সময়ে কৌশল ৰচনা কৰা হয়৷ মহাজোঁটৰ ভৱিষ্যৎ প্রসংগত ৱাছনিকে কয় যে কাইলৈ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া নতুন দিল্লীলৈ গৈ এই বিষয়ত প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক, এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙৰে আলোচনাত মিলিত হ’ব৷

আনহাতে ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে কালি দিল্লীত ৱাছনিকক সাক্ষাৎ কৰাৰ প্রসংগত তেওঁ কয় যে সেই সাক্ষাৎ আছিল সম্পূর্ণ সৌজন্যমূলক৷ সেই সাক্ষাতৰ সময়ত অখিল গগৈয়ে চাহ বা কফী একাপো খোৱা নাই৷ কেৱল পানীহে খাইছে৷ সেইদৰে এন চি পি, তৃণমূল কগ্রেছকে ধৰি বিভিন্ন দলে শেহতীয়াভাৱে কংগ্রেছক পৰামর্শ দিবলৈ আৰম্ভ কৰা সন্দর্ভত ৱাছনিকে কয় যে সকলো ৰাজনৈতিক দলৰে পৰামর্শ দিয়াৰ অধিকাৰ আছে৷ কংগ্রেছ দল দেশৰ ভিতৰতে আটাইতকৈ পুৰণা দল৷ কংগ্রেছে পুনৰ জনাদেশ লাভ কৰিবলৈ সক্ষম হ’ব৷ ইফালে এ আই ইউ ডি এফৰে মিত্রতা ছেদৰ প্রসংগত সংবাদ মেলখনত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে আগৰ ব্যৱসায়ৰ শিথিলতা প্রত্যাহাৰ কৰাত এ আই ইউ ডি এফে মুখ্যমন্ত্রীক দেশৰ ভিতৰতে সর্বশ্রেষ্ঠ মুখ্যমন্ত্রী হিচাপে অভিহিত কৰি প্রশংসা কৰে৷ সেইদৰে এ আই ইউ ডি এফৰ নেতাই তালিবানৰ সমর্থনত ছ’চিয়েল মিডিয়াত পোষ্ট দিয়াত কগ্রেছৰ তৰফৰ পৰা তেনে নেতাৰ বিৰুদ্ধে দৃষ্টান্তমূলক শস্তি দিয়াৰ দাবী কৰিছিল৷

কিন্তু এ আই ইউ ডি এফে শ্ব’কজ দিয়েই দায়িত্ব সামৰে৷ বি পি এফ দলে দুটা কাৰণত মহাজোঁটত নথকাৰ কথা কৈছে৷ এই বিষয়বোৰ সম্পর্কত প্রদেশ কংগ্রেছৰ প্রতিবেদন কাইলৈ হাইকমাণ্ডক দাখিল কৰা হ’ব৷ সভাপতি বৰাই আৰু কয় যে কংগ্রেছে সৰু সৰু ৰাজনৈতিক দলৰ লগত সম্পর্ক কৰিব বিচাৰিছে৷ ইপিনে ৬৭ বছৰত গঢ় লৈ উঠা দেশৰ ৰাজহুৱা সম্পদসমূহ বর্তমানৰ মোদী চৰকাৰে ‘ক্লীয়াৰেন্স চেল’ৰ জৰিয়তে বিক্রী কৰিবলৈ ওলোৱাৰ অভিযোগ কৰি ৱাছনিকে কয় যে মোদী চৰকাৰে ৬ লাখ কোটি টকাত ২৭ হাজাৰ কিলোমিটাৰ ৰাষ্ট্রীয় ঘাইপথ, শক্তি উৎপাদনৰ ৬ হাজাৰ মেগাৱাট আৰু ২৮ হাজাৰ কিলোমিটাৰ দৈর্ঘ্যৰ শক্তি বিতৰণৰ লাইন, ৮ হাজাৰ কিলোমিটাৰ দৈর্ঘ্যৰ গেছ পাইপলাইন, ২১০ লাখ মেট্রিকটন খাদ্য শস্যৰ ভাণ্ডাৰ, ২.৮৬ লাখ কিলোমিটাৰ টেলিকম ফাইবাৰ আৰু ১৫ হাজাৰ টেলিকম টাৱাৰ, গুৱাহাটী বিমানবন্দৰকে ধৰি ২৫টা বিমানবন্দৰ, ৯টা বন্দৰ, ৭৬১টা খনন খণ্ড, ২খন ৰাষ্ট্রীয় ষ্টেডিয়াম, ১.৫২ লাখ কোটি টকাৰ ৰে’ললাইন বিক্রী কৰিবলৈ ওলাইছে৷ মোদীয়ে নিজৰ ব্যক্তিগত বন্ধুৰ হাতত এই সম্পদসমূহ গতাই দিয়াৰ প্রস্তুতি চলাইছে৷ ইয়াৰ ফলত অহা ৩০–৫০ বছৰলৈ বন্ধকীত থকা ৰাজহুৱা সম্পদৰ পৰা হোৱা উপার্জন ৰাষ্ট্র আৰু ভৱিষ্যৎ প্রজন্মৰ বাবে মজুত নাথাকিব৷ অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্রেণীৰ সংৰক্ষিত সংস্থাপনৰ সুবিধা আৰু অনুন্নত এলেকাসমূহত উন্নয়নৰ নামত পুঁজি ব্যয় সম্পূর্ণৰূপে বন্ধ হৈ যাব৷
বিজেপিৰ বিৰুদ্ধে বৃহত্তম ঐক্য
গঢ়ি তোলাৰ আহ্বান ৫ ৰাজনৈতিক দলৰ
বিজেপিৰ বিৰুদ্ধে ৰাজ্যখনত বৃহত্তম ঐক্য গঢ়ি তোলাৰ আহ্বান জনাইছে চি পি আই, চি পি আই (এম), চি পি আই (এম এল), আঞ্চলিক গণমর্চা আৰু আৰ জে ডি দলে৷ এক যুটীয়া বিবৃতিত দলকেইটাই কয় যে বিজেপিৰ সাম্প্রদায়িক আৰু স্বৈৰতান্ত্রিক কর্মকাণ্ডৰ বিৰুদ্ধে ৰাজ্যখনত তীব্র প্রতিবাদ গঢ়ি তোলাৰ প্রয়োজন৷ ইয়াৰ বাবে ৰাজ্যখনৰ সমূহ সাম্প্রদায়িকতাবিৰোধী ৰাজনৈতিক দলক ঐক্য শক্তিশালী আৰু সম্প্রসাৰিত কৰাৰ আহ্বান জনায়৷

You might also like