নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ১ নম্বৰ অতিথিশালা হ’ব কইনাধৰাৰ গেষ্ট হাউছ

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈয়ে চৰকাৰী বাসভৱন হিচাপে ব্যৱহাৰ কৰা কইনাধৰা অতিথিশালা ৰাজ্যৰ এক নম্বৰ অতিথিশালালৈ ৰূপান্তৰিত কৰা হ’ব৷ আজি এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বুধবাৰে সন্ধিয়া কইনাধৰা অতিথিশালাত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰা সন্দর্ভত সংবাদ মাধ্যমে সোধা এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘কইনাধৰা অতিথিশালা হিচাপেই নির্মাণ কৰা হৈছিল৷ সেইটো পৰৱর্তী সময়ত অতিথিশালাৰ পৰা প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ বাসভৱনলৈ ৰূপান্তৰ কৰা হৈছিল৷

পুনৰ এই কইনাধৰা অতিথিশালাটো এক নম্বৰ অতিথিশালালৈ ৰূপান্তৰ কৰিব বিচৰা হৈছে৷ যাতে প্রধানমন্ত্রী, গৃহমন্ত্রী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তথা ন্যায়াধীশসকল আহিলে ইয়াত থকাৰ ব্যৱস্থা কৰিব পৰা যায়৷’ ইপিনে, ব্রহ্মপুত্রৰ পাৰত নির্মাণ কৰি থকা আন এটা অতিথিশালা ২০২২ চনৰ ডিচেম্বৰৰ পূর্বে নির্মাণকার্য সম্পূর্ণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ অৱশ্যে ব্রহ্মপুত্র অতিথিশালাটো চৰকাৰী কামত ব্যৱহাৰ কৰিব পাৰিব বুলি কেন্দ্রীয় মন্ত্রী তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অনুমতি প্রদান কৰিছে বুলি প্রকাশ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ তৎসত্ত্বেও ব্রহ্মপুত্র অতিথিশালাটোতে অসমলৈ আহিলে প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সোণোৱালে ব্যৱহাৰ কৰিব বুলিও স্পষ্ট কৰি দিয়ে ড০ শর্মাই৷ ইয়াৰ বাবে সকলো ধৰণৰ সা–সুবিধা ব্রহ্মপুত্র অতিথিশালাত সোণোৱালৰ বাবে উপলব্ধ হ’ব৷

You might also like