নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ওৰাং’ৰ সৈতে জড়িত এটা জনগোষ্ঠীৰ আৱেগ

ওৰাং ৰাষ্ট্রীয় উদ্যানৰ নাম সলনিত কংগ্রেছৰ আপত্তিক সমালোচনা মুখ্যমন্ত্রীৰ

 নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ এশ বছৰৰ পিছত পছত যদি অসমত কংগ্রেছ দল ক্ষমতালৈ আহে, তেন্তে কংগ্রেছে বহু আঁচনি ৰাজীৱ গান্ধীৰ নামেৰে নামকৰণ কৰাৰ সুবিধা পাব৷বহু ৰাস্তা, ষ্টেডিয়াম ৰাজীৱ গান্ধীৰ নামেৰে নামকৰণ কৰিব পাৰিব তেতিয়া৷ কিন্তু ওৰাং শব্দটোৰ লগত এক জনগোষ্ঠীৰ আৱেগ জডিত আছে৷ গতিকে ওৰাং শব্দটো সলনি কৰাৰ চিন্তা কৰিলে ৰাজীৱ গান্ধীৰ আত্মায়ো হয়তো শান্তি নাপাব৷ এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

বৃহস্পতিবাৰে  চতিয়াত মুখ্যমন্ত্রীগৰাকীয়ে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কংগ্রেছ ক্ষমতালৈ আহিলে ওৰাং ৰাষ্ট্রীয় উদ্যানৰ নাম পুনৰ ৰাজীৱ গান্ধী ৰাষ্ট্রীয় উদ্যান নামেৰে নামকৰণ কৰা হ’ব বুলি কৰা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি এইদৰে কয়৷ ইফালে কন্যকাত ৰাইজৰ উদ্দেশি দিয়া ভাষণত মুখ্যমন্ত্রীগৰাকীয়ে জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ গৰাখহনীয়া প্রতিৰোধৰ বাবে আগন্তুক খৰালিৰ সময়ছোৱাতে স্থায়ী বান্ধৰ কাম কৰা হ’ব বুলি জানিবলৈ দিয়ে৷
ওৰাং ৰাষ্ট্রীয় উদ্যানৰ নাম সলনিক লৈ গৌৰৱ গগৈৰ বিৰোধিতাক উভতি ধৰিলে ৰাজ্যিক বিজেপিয়ে
ওৰাং ৰাষ্ট্রীয় উদ্যানৰ প্রকৃত নাম পুনৰ প্রতিষ্ঠা কৰাৰ বাবে শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে গ্রহণ কৰা সিদ্ধান্ত কংগ্রেছ সাংসদ গৌৰৱ গগৈ আৰু ৰিপুণ বৰাই বিৰোধিতা কৰা ঘটনাক উভতি ধৰিলে ৰাজ্যিক বিজেপিয়ে৷ গৌৰৱ গগৈক কটাক্ষ কৰি শাসকীয় দলটোৰ মুখপাত্র পবিত্র মার্ঘেৰিটাৰ মন্তব্য– ‘হঠাৎ সাংসদ’ গৌৰৱ গগৈৰ মিঞাপ্রীতি আৰু পৰিয়াল বন্দনা অতি স্বাভাৱিক৷ বংশানুক্রম উত্তৰাধিকাৰী সূত্রে ৰাজনৈতিক নেতা হোৱা গৌৰৱ গগৈৰ দৰে ব্যক্তিৰ পৰা বিশেষ আশা কৰিব নোৱাৰি৷ উল্লেখ্য যে যোৱা বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে ৰাজীৱ গান্ধী ৰাষ্ট্রীয় উদ্যানৰ নাম সলনি কৰি ওৰাং ৰাষ্ট্রীয় উদ্যান হিচাপে নামকৰণৰ সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেটত এই সিদ্ধান্তৰ বিৰোধিতা কৰি সাংসদ গৌৰৱ গগৈয়ে কালি প্রতিক্রিয়া প্রকাশ কৰি কয় যে ৰাজ্যত পৰৱর্তী কংগ্রেছ গঠন হ’ব আৰু প্রথমদিনাই ওৰাং ৰাষ্ট্রীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধী নাম আঁতৰোৱাৰ সিদ্ধান্ত বাতিল কৰা হ’ব৷

গৌৰৱ গগৈৰ এই বক্তব্যক উভতি ধৰি বৃহস্পতিবাৰে পবিত্র মার্ঘেৰিটাই কয় যে– কংগ্রেছ দলে পৰা হ’লে ছোনিয়া গান্ধী তাজমহল, ‘ৰাজীৱ গান্ধী কুতুবমিনাৰ আদি নামকৰণ কৰিলেহেঁতেন৷ এনে নামকৰণ দেশবাসীয়ে যিদৰে নিবিচাৰে, শতাব্দীপ্রাচীন কাজিৰঙা, মানাহ বা ওৰাঙৰ নামো ভূতপূর্ব প্রয়াত প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ নামত হোৱাটো অসমবাসীয়ে কেতিয়াও নিবিচাৰে৷ ইফালে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰায়ো ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এনে সিদ্ধান্তৰে প্রতিশোধপৰায়ণ ফেচিষ্ট ৰূপটোহে প্রকাশ পাইছে বুলি মন্তব্য কৰিছে৷ এই প্রসংগতো ৰাজ্যিক বিজেপিৰ প্রতিক্রিয়া– পূর্বে কংগ্রেছে বলপূর্বকভাৱে কৰা এই দুষ্কার্যৰ বিৰোধিতা কেৱল আদিবাসী বা চাহ জনগোষ্ঠীয় সমাজেই নহয়, বৃহত্তৰ অসমীয়া সমাজে কৰি আহিছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেটে অৱশেষত জনগণে বিচৰা সিদ্ধান্ত গ্রহণ কৰি এক ঐতিহাসিক ভুলৰ শুধৰণি কৰিলে৷

You might also like