মহাকাশলৈ চীনে প্রেৰণ কৰিব সুবিশাল ‘টাইটানিক যান’
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ এইবাৰ মহাকাশলৈ প্রেৰণ কৰা হ’ব টাইটানিক৷ মহাকাশ যান বুলি ক’ব নোৱাৰি৷ ক’বলৈ গ’লে এই বিশালাকায় টাইটানিক হ’ব এখন ‘মহাকাশ জাহাজ’৷ এই মহাকাশ জাহাজে পৃথিৱীক প্রদক্ষিণ কৰিব বিভিন্ন কক্ষপথত৷ বিশালাকায় এই টাইটানিক মহাকাশ জাহাজ নির্মাণ কৰি আছে চীনে৷
শেহতীয়াকৈ মহাকাশ গৱেষণাৰ ক্ষেত্রত এটাৰ পিছত এটাকৈ চমৎকাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা চীনৰ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ে এই মেগা প্রকল্পৰ আঁচনি গ্রহণ কৰিছে৷ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ৰ অধীনত থকা নেচনেল নেচাৰেল ছায়েঞ্চ ফাউণ্ডেচন অব চাইনাই এই প্রকল্পৰ নামত ধন বিনিয়োগ কৰিছে৷ সংস্থাটোৰ মতে এই মহাকাশ যানখনৰ দৈর্ঘ্য হ’ব ০.৬ মাইল অথবা ১ কিলোমিটাৰ৷ সংস্থাটোৰ তৰফৰ পৰা এই প্রকল্পৰ প্রস্তাৱ তেওঁলোকৰ ৱেবছাইটতো প্রকাশ কৰা হৈছে৷
বর্তমানলৈ বিশ্বৰ কোনো দেশে ইমান বিশাল আকাৰৰ যান মহাকাশলৈ পঠিয়াবলৈ সক্ষম হোৱা নাই৷ বিশেষজ্ঞসকলৰ মতে এই মহাকাশ যান চীনে প্রেৰণ কৰিবলৈ প্রস্তাৱ গ্রহণ কৰা বিষয়টো অভিলাষী হিচাপে চিহ্ণিত হৈছে৷ মহাকাশত থকা বিভিন্ন ধৰণৰ সম্পদৰ সন্ধান, উত্তোলন, বিশ্ব ব্রহ্মাণ্ডৰ বিভিন্ন ৰহস্যৰ তথ্য সংগ্রহ কৰিবলৈ এই সুবিশাল মহাকাশ যান প্রেৰণ কৰাৰ চিন্তা–চর্চা চলোৱা হৈছে৷ এই প্রকল্পৰ কার্যকাৰিতা সন্দর্ভত উপলব্ধি কৰিবলৈ আগন্তুক পাঁচ বছৰ ধৰি চলোৱা হ’ব গৱেষণা৷
তাৰ বাবে ইতিমধ্যে চীনৰ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ে ডেৰ কোটি য়ুৱান মুকলি কৰি দিছে৷ অর্থাৎ প্রায় ২৩ লাখ মার্কিন ডলাৰ এই প্রকল্প কার্যকাৰিতা সন্দর্ভত জানিবলৈ মুকলি কৰি দিছে বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ে৷ এক কল্পবিজ্ঞানৰ কাহিনী যেন লাগিলেও ইয়াৰ বাস্তৱিকতা সন্দর্ভত কোনোধৰণৰ সন্দেহ নাই বুলি উল্লেখ কৰি আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ প্রাক্তন মুৰব্বী প্রযুক্তিবিদ মেছন পেকে৷ মেছন পেক হৈছে বর্তমান কর্নেল বিশ্ববিদ্যালয়ৰ এৰ’ স্পেচ ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক৷