নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ পেৰালিম্পিকৰ সামৰণিঃ ১৯টা পদকেৰে ২৪ সংখ্যক স্থানত ভাৰত

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ টকিঅ’ অলিম্পিকত ভাৰতীয় এথলিটসকলে ঐতিহাসিক প্রদর্শনেৰে দেশবাসীক গর্বিত কৰাৰ পিছত এইবাৰ টকিঅ’ পেৰালিম্পিকত সর্বশ্রেষ্ঠ প্রদর্শন দাঙি ধৰিছে ভাৰতৰ দিব্যাংগ খেলুৱৈসকলে৷ মুঠ ৫৪গৰাকী খেলুৱৈৰে পেৰালিম্পিকত অংশ লোৱা ভাৰতীয় দলটোৱে ১৯টা পদকেৰে ২৪সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

দেওবাৰে সামৰণি পৰা মেগা ইভেণ্টখনৰ অন্তিম দিনা ভাৰতলৈ দুটাকৈ পদক কঢ়িয়াই আনে প্রতিভাৱান দিব্যাংগ বেডমিণ্টন খেলুৱৈ কৃষ্ণ নাগৰ আৰু সুহাস য়াথিৰাজে৷

উল্লেখ্য যে ২০১৬ৰ ৰিঅ’ পেৰালিম্পিকত ভাৰতে ১৯গৰাকী এথলিটৰে প্রতিদ্বন্দ্বিতা আগবঢ়াই চাৰিটা পদক অর্জন কৰিছিল৷ কিন্তু এইবাৰ পেৰালিম্পিকত চমকপ্রদ উত্থানেৰে ভাৰতে ৫টা স্বর্ণ, ৮টা ৰূপ আৰু ৬টা ব্রঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰে দুগৰাকী খেলুৱৈয়ে ব্যক্তিগত ইভেণ্টত দুটাকৈ পদক লাভ কৰিছে৷ তেওঁলোক হ’ল শ্বুটাৰ অৱনী লেখাৰা আৰু সিংহৰাজ আধানা৷ ১৯ বছৰীয়া লাখাৰাই ভাৰতৰ প্রথমগৰাকী মহিলা এথলিট হিচাপে ১০ মিটাৰ এয়াৰ ৰাইফলত স্বর্ণ জয়ৰ পিছত ৫০ মিটাৰ ৰাইফল ৩ পজিচনত ব্রঞ্জৰ পদক অর্জন কৰে৷

ইফালে, আধানাই ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্রঞ্জ আৰু ৫০ মিটাৰ পিষ্টল ইভেণ্টত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ প্রতিযোগিতাখনত স্বর্ণজয় কৰা পাঁচগৰাকী খেলুৱৈ হ’ল শ্বুটাৰ অৱনী লেখাৰা, শ্বাটলাৰ প্রমোদ ভগত, কৃষ্ণ নাগৰ, জেভলিন থ্র’ৱাৰ সুমিত আণ্টিল আৰু শ্বুটাৰ মনীষ নৰৱাল৷

ইফালে, টকিঅ’ পেৰালিম্পিকত ঐতিহাসিক প্রদর্শনেৰে দেশবাসীক গর্বিত কৰা দিব্যাংগ খেলুৱৈসকলক অভিনন্দন জনাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ দিব্যাংগ খেলুৱৈসকলৰ উৎকৃষ্ট প্রদর্শন সমগ্র দেশৰ বাবে প্রেৰণাৰ প্রতীক হৈ ৰ’ব বুলি প্রধানমন্ত্রীয়ে  উল্লেখ কৰিছে৷ কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰেও খেলুৱৈসকলক ভূয়সী প্রশংসা কৰি কয় যে ভাৰতীয় পেৰালিম্পিয়ানৰ চমকপ্রদ উত্থানে দেশৰ ক্রীড়াজগতত এক নতুন যুগৰ সূচনা কৰিছে৷

You might also like