নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ ছেপ্টেম্বৰত প্রকাশ পাব ২৩ হাজাৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ সমগ্র দেশৰ লগতে অসমতো দেওভাৰে পণ্ডিত–গৱেষক–ভাৰতৰ ভূতপূর্ব ৰাষ্ট্রপতি সর্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো ৬০সংখ্যক শিক্ষক দিৱস ৰূপে পালন কৰা হয়৷ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ৰাজ্য চৰকাৰে কেন্দ্রীয়ভাৱে আয়োজন কৰা এই অনুষ্ঠানতে প্রয়াত অধ্যাপক–ভাষাবিদ টাবুৰাম টাইদলৈ ২০১৮ বর্ষৰ আনন্দৰাম বৰুৱা বঁটা প্রদান কৰা হয়৷

আনন্দৰাম বৰুৱা ভাষা–কলা–সংস্কৃতি সংস্থা, অসমে পালন কৰা এই বঁটা গ্রহণ কৰে স্বর্গীয় টাইদৰ সহধর্মিণী বাসন্তী টাইদে৷ সেইদৰে এই বছৰ ৰাজ্যিক পর্যায়ত নিম্ন প্রাথমিক, উচ্চ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহৰ ৩৬গৰাকী কৃতী শিক্ষকক বঁটা প্রদান কৰাৰ লগতে ৬গৰাকী শিক্ষকলৈ দীক্ষা বঁটা আৰু ৫গৰাকী শিক্ষকলৈ ডিজিটেল বেজ বঁটা প্রদান কৰা হয়৷

শিক্ষক দিৱসৰ কার্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ভাষণত কয় যে সকলো সম্পদৰ ভিতৰত ডাঙৰ সম্পদ হৈছে মানৱ সম্পদ৷ মানৱ সম্পদৰ বিকাশৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰখনে সর্বাধিক গুৰুত্ব দিছে৷ চৰকাৰখনৰ প্রথমখন বাজেটতে সর্বাধিক ধন শিক্ষাখণ্ডৰ বাবে ধার্য কৰিছে৷ ২০ হাজাৰ কোটি টকা শিক্ষাখণ্ডৰ বাবে বাজেটত ধার্য কৰি বাজেটখনৰ ২০ শতাংশ পুঁজিয়েই শিক্ষা বিভাগক দিছে৷ শিক্ষাখণ্ডৰ বাবে চৰকাৰে ইতিমধ্যে বৃহৎ পৰিকল্পনা গ্রহণ কৰিছে৷ শিক্ষাখণ্ডৰ সংস্কাৰ, নতুন যাত্রাৰ বাবে সকলোৰে সহযোগিতা বিচাৰি মন্ত্রী ডাঃ পেগুৱে কয় যে যোৱা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জনসাধাৰণক যি ১০টা আহ্বান জনাইছিল, তাৰ এটা আহ্বান হৈছে প্রত্যেকেই যেন নিজে অধ্যয়ন কৰা শিক্ষানুষ্ঠানলৈ উভতি যায়৷ সেই আহ্বান জনোৱাৰ কেইদিনমান পাছতেই মুখ্যমন্ত্রী ড০ শর্মাই বাল্যকালত নিজে অধ্যয়ন কৰা যোৰহাট বাল্য ভৱনলৈ গৈছিল৷ শিক্ষানুষ্ঠানসমূহৰ সমস্যাৰ সমাধান আৰু উন্নয়ন সাধন হ’ব লাগিলে শিক্ষক, ছাত্র–ছাত্রী, অভিভাৱক আৰু প্রাক্তন ছাত্র–ছাত্রীসকলৰ ভূমিকা থাকিব লাগিব৷

এই প্রসংগতে তেওঁ প্রত্যেক শিক্ষানুষ্ঠানৰ প্রাক্তন ছাত্র–ছাত্রীৰ সংস্থা গঠনৰ পোষকতা কৰি কয় যে তেওঁলোকে শিক্ষানুষ্ঠানখনৰ পৰিচালনা, মানৱ সম্পদ উন্নয়ন আৰু আন্তঃগাঁথনি উন্নয়নত সহযোগিতা আগবঢ়াব লাগিব৷ পৃথিৱীৰ ভিন্ন প্রান্তত বর্তমান যিসকল অসম সন্তানে শিক্ষকতা কৰি আছে, সেইসকলৰ তালিকা শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তক যুগুতাবলৈ দিয়াৰ বিষয়ে উল্লেখ কৰি মন্ত্রী ডাঃ পেগুৱে কয় যে তেওঁলোকক মাতি আনি পঢ়ি যোৱা বিদ্যালয়লৈ অহাৰ বাবে চৰকাৰে আমন্ত্রণ জনাব৷

এই অনুষ্ঠানত মন্ত্রী ডাঃ পেগুৱে ৰাজ্যখনত প্রায় ২৩ হাজাৰ শিক্ষক পদৰ নিযুক্তি প্রক্রিয়া চৰকাৰে আৰম্ভ কৰিবলৈ লোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে অহা ৯ ছেপ্টেম্বৰত এই পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ পাব৷ শিক্ষক নিযুক্তিৰ প্রক্রিয়া অতি স্বচ্ছ কৰাৰ কাৰণে, কোনোধৰণৰ স্বজন–তোষণ বা অন্য ধৰণৰ হস্তক্ষেপৰ যাতে কোনোধৰণৰ অৱকাশ নাথাকে আৰু মেধা, যোগ্যতাৰ ভিত্তিত শিক্ষক নিযুক্তি হয়, সেইটো বিভাগে নিশ্চিত কৰিব বিচাৰিছে৷ পূর্বৰ শিক্ষামন্ত্রী তথা বর্তমানৰ মুখ্যমন্ত্রী ড০ শর্মাই এইক্ষেত্রত সফলতাৰে কৰি যোৱা পদক্ষেপৰ আধাৰতে বর্তমানৰ চৰকাৰে নিযুক্তি প্রক্রিয়া চলাব৷ এইবাৰৰ নিযুক্তি প্রক্রিয়া স্বচ্ছ হোৱাৰ লগতে খৰতকীয়া হ’ব৷ সেইদৰে ৰাজ্যখনৰ মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিকত বহু শিক্ষক পদ খালী হৈ থকাৰ বিষয়ে উল্লেখ কৰি কয় যে বিভিন্ন কাৰণ আৰু প্রতিবন্ধকতাৰ বাবে সেই পদসমূহ খালী হৈ আছে৷ এটা এটাকৈ সেই কাৰণ আৰু প্রতিবন্ধকতাসমূহ নাইকিয়া কৰাৰ বাবে বিভাগে ব্যৱস্থা হাতত লৈছে৷

তেওঁ আৰু কয় যে নাবার্ডৰ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত শিক্ষা বিভাগে বৃহৎ ধনৰ অংশ লাভ কৰিছে৷ সেই ধনেৰে ৭৫ বছৰ অতিক্রম কৰা ৰাজ্যৰ ২০৯খন ঐতিহ্যমণ্ডিত বিদ্যালয়লৈ প্রত্যেককে আন্তঃগাঁথনি উন্নয়নৰ বাবে তিনি কোটি টকাকৈ প্রদান কৰিব৷ ইতিমধ্যে ডি পি আৰৰ কাম সম্পূর্ণ হৈছে৷ একেদৰে প্রাথমিক শ্রেণীৰ পৰা মাধ্যমিক শ্রেণী থকা ২,৫০০খন বিদ্যালয়কো আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০ লাখকৈ টকা প্রদান কৰা হ’ব৷ ইয়াৰো প্রাক্কলনৰ কাম আৰম্ভ হৈছে৷ তদুপৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ১৫ বিত্তীয় আয়োগৰ পৰা লাভ কৰা ধনেৰেও শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়ন কৰা হ’ব বুলি তেওঁ প্রকাশ কৰে৷ আজিৰ এই অনুষ্ঠানতে শিক্ষামন্ত্রী ডাঃ পেগুৱে টকিঅ’ অলিম্পিকত পদক অর্জন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক সমগ্র শিক্ষা অভিযানৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিয়াৰ কথা প্রকাশ কৰে৷

ভাষণত তেওঁ বর্তমানৰ চৰকাৰখনে শিক্ষাখণ্ডৰ সংস্কাৰৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয় যে ইতিমধ্যে চৰকাৰে বুৰঞ্জী আৰু ভূগোল বিষয় দুটা প্রৱর্তন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই দুটা বিষয়ত জ্ঞান আহৰণ নকৰিলে ক’ৰবাত নহয় ক’ৰবাত শিক্ষা অসমাপ্ত হৈ থাকে৷ সেইদৰে প্রাথমিক আৰু মাধ্যমিক শিক্ষাত বিজ্ঞান, অংক আৰু ইংৰাজীৰ বাবে ফলাফল ভাল নোহোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবেও শিক্ষা বিভাগে বিশেষ অভিযান চলাব৷ তাৰ বাবে প্রয়োজন হোৱা পুঁজি অসম চৰকাৰে যোগান ধৰিব৷ একেদৰে উচ্চ শিক্ষাৰ ক্ষেত্রত যিহেতু ইংৰাজী জনাটো অত্যন্ত প্রয়োজনীয়, সেয়ে ইংৰাজী আৰু অসমীয়া ভাষাৰ মিশ্রণেৰে মাধ্যমিক পর্যায়ত শিক্ষাদানৰ চিন্তা কৰা হৈছে৷ মাধ্যমিক শিক্ষা সংস্কাৰৰ বাবে কমিটীও গঠন কৰা হৈছে৷

উক্ত কমিটীয়ে কম দিনৰ ভিতৰতে প্রতিবেদন দাখিল কৰিব৷ সেইদৰে যোৱা তিনি ছেপ্টেম্বৰত বিশ্ববিদ্যালয়সমূহ উপাচার্য আৰু স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অধ্যক্ষসকলক লৈ উচ্চ শিক্ষা সংস্কাৰৰ বাবে তেওঁ এখন বৈঠকত মিলিত হোৱাৰ বিষয়েও উল্লেখ কৰে৷ সর্বশিক্ষা আৰু ৰাষ্ট্রীয় মাধ্যমিক শিক্ষা অভিযানক সামৰি গঠন কৰা সমগ্র শিক্ষা অভিযানৰ বৈঠক এখনো অচিৰেই মুখ্যমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব৷ শিক্ষাখণ্ডৰ সংস্কাৰ হিচাপে ৰাজ্যিক শিক্ষা আয়োগ এখনো মুখ্যমন্ত্রীৰ অধ্যক্ষতাত গঠন কৰাৰ বিষয়ে প্রকাশ কৰি মন্ত্রী ডাঃ পেগুৱে কয় যে শিক্ষকৰ প্রশিক্ষণত চৰকাৰে যথেষ্ট গুৰুত্ব দিছে৷ সেই অনুসৰি বিভাগে শিক্ষকৰ অবিৰত প্রশিক্ষণ কার্যসূচী গ্রহণ কৰিব৷ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ নেতৃত্বত সম্প্রতি চলি থকা ডিজিটেল ডেস্ক মাধ্যমৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বহু শিক্ষকে এই মাধ্যমৰ জৰিয়তে ছাত্র–ছাত্রীসকলক উদ্ভাৱনীমূলকভাৱে অনলাইন শিক্ষাদান কৰি আহিছে৷ অনাগত দিনত ইয়াৰ সম্প্রসাৰণ ঘটোৱা হ’ব৷ নতুন প্রযুক্তিৰ সেৱা আয়ত্ত কৰিব লাগিব৷ ইয়াৰ বাবে প্রত্যেক শিক্ষানুষ্ঠানতে কম্পিউটাৰ লাইব্রেৰী স্থাপন কৰা হ’ব৷ যি ২,৫০০খন বিদ্যালয়ক ৫০ লাখকৈ টকা প্রদান কৰা হ’ব, সেই ধনেৰে প্রথমতে স্মার্ট ক্লাছৰুম স্থাপন আৰু কম্পিউটাৰ লেবৰেটৰী স্থাপন কৰা হ’ব৷ ইয়াৰ বাবে নতুন শিক্ষক নিযুক্তি দিয়া নহয়৷ বর্তমানৰ শিক্ষকসকলেই কম্পিউটাৰ শিকি সেই বিষয়ে আয়ত্ত কৰিব লাগিব৷

অনুষ্ঠানত ভাষণৰ আৰম্ভণিতে শিক্ষামন্ত্রী ডাঃ পেগুৱে প্রয়াত অধ্যাপক, ভাষাবিদ টাবুৰাম টাইদ আৰু প্রয়াত সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিক স্মৰণ কৰি দুয়োগৰাকী বৰেণ্য ব্যক্তিকে শ্রদ্ধাঞ্জলি জনায়৷  এই অনুষ্ঠানত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি ৰাজ্যখনৰ সর্বাংগীণ উন্নয়নৰ ক্ষেত্রত শিক্ষাখণ্ডৰ প্রত্যাহ্বান আৰু শিক্ষক সমাজৰ দায়িত্বৰ ওপৰত আলোকপাত কৰি সকলোলৈকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে৷ অনুষ্ঠানত শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননীগোপাল মহন্তয়ো শিক্ষক দিৱসৰ ওপৰত বক্তব্য আগবঢ়ায়৷

আনহাতে আজিৰ এই অনুষ্ঠানত ক’ভিড প্রট’কলৰ প্রতি লক্ষ্য ৰাখি শিক্ষামন্ত্রী ডাঃ পেগুৱে প্রতিগৰাকী কৃতী শিক্ষকক মঞ্চত বঁটা প্রদানৰ পৰিৱর্তে মাত্র চাৰিগৰাকীকহে বঁটা প্রদান কৰাক কেন্দ্র কৰি অনুষ্ঠানৰ শেষৰ পাছত এক হুলস্থূলীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ শিক্ষামন্ত্রীয়ে মঞ্চত বঁটা প্রদান নকৰা শিক্ষকসকলে তেওঁলোকক অপমান কৰা বুলি গুৰুতৰ অভিযোগ কৰে৷

অৱশ্যে শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তৰ হস্তক্ষেপত পৰিস্থিতিৰ শাম কাটে৷ এই সম্পর্কত পাছত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে  শিক্ষক দিৱসৰ কেন্দ্রীয় মূল অনুষ্ঠানত ৰাজ্যিক বঁটাৰ বাবে মনোনীত কিছুসংখ্যক শিক্ষাগুৰুক মঞ্চত সন্মান প্রদান কৰা হৈছিল৷ বাকীসকলক পৰৱর্তী সময়ত একেখন মঞ্চতে শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তই বঁটা প্রদান কৰে৷ সকলো কৃতী শিক্ষকক মূল অনুষ্ঠানত বঁটা প্রদান নকৰাত মনত আঘাত পোৱাৰ বাবে দুখ প্রকাশ কৰিছোঁ৷ ভৱিষ্যতে এনে নহয়৷

You might also like