নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–নাগালেণ্ড সীমান্তত আৰক্ষীৰ সফল অভিযানঃ ৮ কোটিৰ হেৰ’ইনসহ ধৃত মৰিগাঁৱৰ সূৰুয আলী

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ বিগত সময়ছোৱাত চুবুৰীয়া ৰাজ্যৰ পৰা অসমৰ ভিন্ন প্রান্তৰ লগতে বহিঃৰাজ্যলৈ নিষিদ্ধ ড্রাগ্ছ সৰবৰাহ কৰাৰ বাবে অন্যতম কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰা কার্বি আংলং জিলাৰ ৰাষ্ট্রীয় ঘাইপথসমূহত জিলা আৰক্ষীয়ে ব্যাপক নিশ্ছিদ্র অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্য জব্দ কৰিবলৈ সক্ষম হোৱাৰ পাছতো আৰক্ষীৰ চকুত ধূলি দি নিতৌ ন ন উপায়েৰে নিষিদ্ধ ড্রাগ্ছ সৰবৰাহৰ সকলো চেষ্টা অব্যাহত ৰাখিছে অপৰাধী চক্রই৷ এনে পৰিস্থিতিৰ পৰিপ্রেক্ষিতত অসম–নাগালেণ্ড সীমান্তৱর্তী এলেকাত কার্বি আংলং জিলাৰ আৰক্ষীয়ে দেওবাৰে নিচেই পুৱাৰ ভাগতে বুজন পৰিমাণৰ হেৰ’ইনসহ এজন ড্রাগ্ছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে৷

এই সন্দর্ভত আৰক্ষী সূত্রে লাভ কৰা তথ্য অনুসৰি, এক বিশেষ সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰে নিচেই পুৱাতে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা বোকাজান আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া মণি চমুৱা, খটখটি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া মৌবলিক ব্রহ্ম, উপ–পৰিদর্শক চৰণ মোহন চেতিয়া, নিতুল শইকীয়া আৰু সহকাৰী উপ–পৰিদর্শক অৰুণ নাথৰ সহযোগিতাত আৰক্ষী আৰু কমাণ্ডো বাহিনীৰ এটা দলে ড্রাগ্ছবিৰোধী অভিযান আৰম্ভ কৰে৷

উক্ত অভিযানত দেওবাৰে পুৱা প্রায় ৬.৩০ বজাত খটখটি থানাৰ অন্তর্গত বালিজান ফৰেষ্ট গেট তিনিআলিত অভিযানকাৰী দলটোৱে এন এল–০৭ এফ এ–২৪৮২ নম্বৰৰ এখন অ’টোৰিক্সা জব্দ কৰি তালাচী চলায়৷ জব্দ হোৱা অ’টোৰিক্সাখনৰ পৰা অভিযানকাৰী দলটোৱে ৭৮টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত প্রায় এক কিলোগ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ হোৱা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰমূল্য কমেও প্রায় ৮ কোটি টকা বুলি অনুমান কৰা হৈছে৷

এই সন্দর্ভত আৰক্ষীয়ে এটা ড্রাগ্ছ সৰবৰাহকাৰীকো গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীটো মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তর্গত তাঁতীকটা পথাৰ নিৱাসী সূৰুয আলী (৪০) বুলি চিনাক্ত কৰা হৈছে৷

You might also like