নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুভৱী চিকিৎসক আৰু অসমৰ স্বাস্থ্য ব্যৱস্থা

-ডাঃ অমিয় কুমাৰ শর্মা

“Primum non nocere” অর্থাৎ, চিকিৎসা প্রদানৰ প্রাথমিক উদ্দেশ্য হ’ল ৰোগীক আৰোগ্য কৰা৷ কোনো ধৰণৰ সকাহ দিব নোৱাৰিলেও যাতে চিকিৎসাৰ ফলত ৰোগীজনৰ স্বাস্থ্যৰ কোনো ক্ষতি নহয়, তাৰে শপত লৈ এজন চিকিৎসক চিকিৎসা বৃত্তিত প্রবৃত্ত হয়৷
সেয়া আছিল ১৯৮৪–৮৫ চনৰ কথা, চিকিৎসা বিজ্ঞানৰ স্নাতক হৈয়ে কিছুদিন ছুটী পাই মোৰ সম্পর্কীয় খুৰা এজনৰ সৈতে চুবুৰীয়া ভূটান ৰাষ্ট্রৰ চানদ্রুপ জংখাৰলৈ ফুৰিবলৈ গৈছিলোঁ৷ তাতে থকা ভূটানৰ চিকিৎসালয় এখনত মোৰ এজন অগ্রজ চিকিৎসকে সেৱা আগবঢ়াই আছিল৷ তাৰে সুযোগতে চিকিৎসালয় আৰু মিতিৰ দর্শন কৰোঁতে ডাঙৰকৈ লিপিবদ্ধ কৰাDoctor শব্দটোৰ ভাঙনিটো দেখি এক অনাবিল আনন্দ অনুভৱ কৰিছিলো৷ যদিও প্রাচীন গ্রীচ শব্দdocere বা শিক্ষকৰ পৰাইdoctor শব্দটো উদ্ভৱ হোৱা বুলি শুনিছিলোঁ৷ এনেদৰেDoctor শব্দটোৰmneumonicৰ সহায়ত কৰা ব্যাখ্যা দেখি অভিভূত হৈছিলোঁ৷ অসমীয়ালৈ অনূদিত হ’লে হয়তো এনেকুৱা হ’ব –D অর্থাৎDedicated বা আত্ম–উৎসর্গিত,O অর্থাৎObjective বা বস্তুবাদী,C অর্থাৎconversant বা নিপুণ,T অর্থাৎTireless বা অক্লান্ত,O অর্থাৎObservant বা পর্যবেক্ষণশীল আৰু শেহতR অর্থাৎReputable বা খ্যাতমান৷ সঁচাকৈ চিকিৎসক এজন উপৰিউক্ত কেউটা গুণৰ অধিকাৰী হোৱা সম্ভৱনে? হয়তো এজন সফল চিকিৎসক হ’বলৈ হ’লে এই আটাইবোৰ গুণৰ অধিকাৰী হোৱাৰ প্রয়াস নিশ্চয় বাঞ্ছনীয়৷
চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্রমৰ ছাত্র–ছাত্রীসকলৰ বাবেSir Dominic Corriganৰ নামটো বিশেষভাৱে পৰিচিত৷ তেওঁৰ নামৰ সৈতে চিকিৎসা বিজ্ঞানৰ কেইবাটও উদ্ভাৱনা জড়িত হৈ আছে যদিওCorrigan pulse যাৰ অন্য নামCollapsing pulse বাCorrigan signটো প্রায় সকলোৰে জ্ঞাত৷ আজি তেখেতক স্মৰণ কৰাৰ কাৰণ হ’ল তেখেতৰ চিকিৎসক সম্পর্কীয় এক মহান উক্তি, যাৰ আৱশ্যকতা আজিৰ দিনত বাৰুকৈয়ে অনুভৱ কৰা হৈছে৷ সেই উক্তি হ’ল –”The trouble with doctor is not that they don’t know enough, but that they don’t see enough.” Corrigan (1853) জ্ঞানৰ দীনতাতকৈ পর্যাপ্ত নিৰীক্ষণৰ অভাৱহে চিকিৎসকসকলৰ বাবে এক ডাঙৰ প্রত্যাহ্বান৷ ইয়াৰ যথার্থতাই এজন চিকিৎসকক সৎ আৰু সংবেদনশীল হোৱাৰ উপৰি সঠিকভাৱে ৰোগ চিকিৎসাত সহায় কৰে৷ কিন্তু দেখা গৈছে যে আজি এক শ্রেণীৰ চিকিৎসকে ৰোগী এজনক সূক্ষ্মভাৱে শাৰীৰিকভাৱে পৰীক্ষা–নিৰীক্ষা কৰাৰ সলনি কেৱল Investigation) অনুসন্ধানৰ ৰিপ’টৰ ওপৰত নির্ভৰশীল৷ অথচ উল্লেখিত উক্তিৰ দৰে চিকিৎসকসকলে যদি অকণমান সময় ৰোগীজন নিৰীক্ষণৰ বাবে খৰচ কৰে, তেন্তে বহুতো জটিল ৰোগৰ লক্ষণ চকুত ধৰা পৰে৷ দুর্ভাগ্যৰ কথা যে কিছুসংখ্যক চিকিৎসকৰ হাতত ৰোগী অনুপাতে সময়ৰ অভাৱ৷ আনকি চিকিৎসালয়ত ভর্তি হোৱা ৰোগীৰ ক্ষেত্রতো কিছুসংখ্যক চিকিৎসকে ক্ষন্তেক সময় ৰোগীজনক দূৰৰ পৰাই নিৰীক্ষণ কৰি নিজৰ দায়িত্ব সামৰে৷ ইয়াৰ পৰিণতি যে অতি ভয়াৱহ হ’ব পাৰে, তাৰ বিষয়ে ৰোগী বা অভিভাৱক বেছিভাগ ক্ষেত্রত জ্ঞাত নহয়৷ বিশেষকৈ চিকিৎসালয়ৰ আইচিইউত যেতিয়া ৰোগীজন চিকিৎসাৰত হৈ থাকে, তেন্তে একমাত্র নেদেখাজনৰ ওপৰত নির্ভৰ কৰাৰ বিনে অন্য গতি নাই৷
ৰোগী এজন চিকিৎসাৰ বাবে যেতিয়া চিকিৎসকৰ ওচৰলৈ আহে, তেতিয়া সম্পূর্ণ আস্থা আৰু বিশ্বাস লৈহে চিকিৎসালয়ত উপস্থিত হয়৷ তাতে যদি ৰোগীজন নিজেই চিকিৎসকজনৰ পৰিচিত হয়, তেন্তে তেওঁৰ দায়বদ্ধতা অধিক বৃদ্ধি পায়৷ সময়ৰ সীমাবদ্ধতা বা ব্যস্ততা সত্ত্বেও চিকিৎসাৰ ক্ষেত্রত ৰোগীৰ আপোনজনৰ লগত আলোচনা কৰা বা সন্মতি গ্রহণ কৰা চিকিৎসা বৃত্তিৰ প্রাথমিক প্রয়োজন৷ অতি পৰিতাপৰ কথা যে এনেকুৱা এক দায়িত্বজ্ঞানহীনতা আৰু চৰম অৱজ্ঞাৰ ফলত বহুতো ৰোগীৰ জীৱন দুর্বিষহ হৈ পৰে৷ আজি এই লেখকৰে সহধর্মিণী প্রায় দুমাহৰো অধিক সময় এপলো ইন্দ্রপ্রস্থ চিকিৎসালয়ত মৃত্যুৰ স’তে যুদ্ধ কৰি এতিয়াও অপেক্ষাৰত বৃক্ক অকামিলাৰ পৰা মুক্ত এক জীৱনলৈ৷ এক অপ্রত্যাশিত দানৱৰ আক্রমণত আক্রান্ত হৈ গুৱাহাটী চহৰৰ এখন স্বনামধন্য ব্যক্তিগত চিকিৎসালয়ত বহু আশাৰে ভর্তি কৰা হৈছিল যোৱা ৮ ডিচেম্বৰৰ ৰাতি প্রায় ৮.৩০ বজাত৷ মূৰত পোৱা আঘাতসমূহো এনেকুৱা ভয়াৱহ নাছিল যে কিবা অস্ত্রোপচাৰৰ প্রয়োজন হ’ব৷ তথাপি যিহেতু কিছু জটিলতা চিটি স্কেনত ধৰা পৰিছিল, সেয়েহে ৰাতিটো আইচিইউৰ ভিতৰত নিৰীক্ষণ কৰা প্রয়োজন অনুভৱ কৰি তেওঁক প্রাথমিক ক’ভিড পৰীক্ষাৰ বাবে প্রায় ৬ ঘণ্টা সময় এটা ৱার্ডত ভর্তি কৰোৱা হয়৷ তাৰ পিছত ৰাতি প্রায় ২ বজাত নিউৰো আইচিইউলৈ লৈ যোৱা হয়৷
সেইখিনিতে লাগিল অথন্তৰ৷ বিশেষজ্ঞ চিকিৎসকৰ পৰামর্শ মতে ৰোগীক চিকিৎসা বিধি প্রদান কৰা হ’ল প্রট’কল অনুসৰি কিছুদিন এণ্টিবায়’টিক বা অন্যান্য দৰব৷ যদিও এনেকুৱা ধৰণৰ দৰবসমূহ সাধাৰণতে জটিল ৰোগীৰ ক্ষেত্রতহে প্রয়োগ কৰা হয়, তৎসত্ত্বেও কিন্তু বহু ক্ষেত্রত তেনেবোৰ দৰবকে অন্ধ অনুকৰণ কৰি সর্বসাধাৰণ ৰোগীৰ দেহতো প্রয়োগ কৰা দেখা যায়৷ যিবোৰ দৰব প্রয়োগ কৰাৰ সময়ত কিছুমান সাৱধানতা অৱলম্বন কৰা এজন চিকিৎসকৰ প্রয়োজন, তাৰ অভাৱ অতিকৈ অনুভৱ হ’বলৈ অধিক অপেক্ষা কৰিব লগা নহ’ল৷ যোৱা ৩১ জানুৱাৰীত ‘নিয়মীয়া বার্তা’ত প্রকাশিত পৃষ্ঠাত ড০ পৱন কুমাৰ চহৰীয়াই লিখা ‘বিজ্ঞান আৰু বিজ্ঞানীৰ সততা’ নামৰ লেখাটোৰ তাৎপর্য উল্লেখযোগ্য৷ বিশেষকৈ চিকিৎসাৰ লগত জড়িত বিষয় এটাৰ লগত বিজ্ঞানীৰ সততা আৰু বিশ্বাস যে অতীব প্রয়োজন, তাক কেৱল ভুক্তভোগীজনেহে অনুভৱ কৰিব পাৰে৷ তদুপৰি আৰম্ভণিতে উল্লেখ কৰাৰ দৰে যদি চিকিৎসকজন দাম্ভিক বা সর্বজান্তা প্রকৃতিৰ হয়, তেন্তে ৰোগীৰ পৰিণতি কি হ’ব কোৱা টান৷
সমগ্র এই ধৰণৰ বিষয়টোৱে আজি চিকিৎসা ব্যৱস্থাৰ পয়ালগা আৰু নিঃকিনতাকে উদঙাইছে৷ এইখিনিতেই উল্লেখ কৰা প্রয়োজন যে চিকিৎসকসকলৰ সৰহসংখ্যকেই আজি অতি নিষ্ঠা আৰু অধিক সংবেদনশীলতাৰে চিকিৎসা সেৱা প্রদান কৰি আহিছে৷ এই লেখাৰ উদ্দেশ্য তেনেবোৰ মানৱদৰদী আৰু চিকিৎসকক ক্ষুণ্ণ বা হেও কৰা নহয়৷ আজি কিছুমান ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ব্যৱসায়িক মনোবৃত্তি এনেকুৱা এক পর্যায় পাইছে যে তেনেবোৰ চিকিৎসালয়ৰ বাবে ৰোগীৰ জীৱনৰ মূল্য একেবাৰেই তুচ্ছ৷ সামগ্রিকভাৱে হয়তো অসমত স্বাস্থ্য ব্যৱস্থাৰ আজি অধিক উন্নতি পৰিলক্ষিত হৈছে৷ বহুকেইখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লগতে চৰকাৰী আৰু ব্যক্তিগত খণ্ডত বহুকেইখন চিকিৎসালয়ত অত্যাধুনিক চিকিৎসাৰ সা–সুবিধাও উপলব্ধ হৈছে৷ এয়া ৰাজ্যবাসীৰ বাবে সুখবৰ৷ কিন্তু অতি পৰিতাপৰ কথা যে আজি সমাজত অনুভৱী চিকিৎসকৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে৷ ইয়াৰ কাৰণে সমাজ আৰু চৰকাৰ সমানেই দায়ী৷ এক, সামাজিক মূল্যবোধৰ অভাৱ আৰু দ্বিতীয়তে, দ্রুতগতিত বৃদ্ধি পোৱা সম্পদ আহৰণৰ অনর্গল প্রতিযোগিতাৰ লগতে, বজাৰমুখী অর্থাৱস্থা আৰু বিপণনৰ উৎকর্ষই সর্বকালৰ বাবে অশনি সংকেত কঢ়িয়াই ফুৰিছে৷ যেতিয়ালৈ এনেকুৱা বিপদসমূহে আপোনজনক স্পর্শ নকৰে, তেতিয়ালৈ নেদেখাৰ ভাও জোৰা অথবা বোবা হৈ থকাটো আজি বেছিভাগ লোকৰে পছন্দ৷ কিন্তু আজি নিজে এজন চিকিৎসক হিচাপে এনেবোৰ ভয়াৱহতাৰ বিষয়ে সোঁৱৰাই দিয়াৰ প্রয়োজন বাৰুকৈয়ে অনুভৱ কৰিছোঁ৷ (আগলৈ)

You might also like