আগষ্ট মাহলৈ ২১০০ কোটি টকা বিদ্যুৎ মাচুল অনাদায়
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ উপভোক্তাৰ বিল অনাদায়ৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হোৱা এ পি ডি চি এলে শেহতীয়াকৈ মাচুল আদায়ক লৈ পুনৰ পিছহুঁহকিবলগীয়া হৈছে৷ প্রতিমাহে প্রায় ২০০ কোটি টকাকৈ লোকচানৰ সন্মুখীন হৈ থকা শক্তি বিভাগটোক টনকিয়াল কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উদ্যোগত বিল আদায়ক লৈ কেইবাটাও পদক্ষেপ গ্রহণ কৰা হৈছিল৷ বিশেষকৈ চৰকাৰী কর্মচাৰীক বিল আদায় নিদিলে দৰমহা বন্ধ কৰি ৰাখিব বুলি ৰাজ্য চৰকাৰে নির্দেশ জাৰি কৰি উপভোক্তাৰ বিল আদায় নিয়মীয়া কৰাৰ ব্যৱস্থা গ্রহণ কৰিছিল যদিও একাংশ গ্রাহকৰ মাচুল আদায় কৰিব পৰা নাই এ পি ডি চি এলে৷ বিদ্যুৎ বিতৰক সংস্থাটোৰ এক সূত্রই প্রকাশ কৰা অনুসৰি যোৱা আগষ্ট মাহলৈকে এ পি ডি চি এলে অনাদায় হৈ থকা ২,১০০ কোটি টকা আদায় কৰিবলৈ সক্ষম নহ’ল৷
অর্থাৎ আগষ্ট মাহলৈকে অনাদায় হৈ থকা মাচুলৰ পৰিমাণ ২,১০০ কোটি টকা৷ ইয়াৰে ঘৰুৱা উপভোক্তাই আদায় দিবলৈ বাকী আছে ১,৭০০ কোটি টকা৷ আনহাতে, বিভিন্ন আইনী মেৰপেঁচ আৰু অন্যান্য কাৰণত অনাদায় হৈ আছে প্রায় ৪০০ কোটি টকা৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি এ পি ডি চি এলৰ অন্তর্গত ৯২ শতাংশ গ্রাহকে সময় মতে এতিয়াও বিল আদায় নিদিয়ে৷ জুলাইৰ শেষভাগলৈ এ পি ডি চি এলৰ মাচুলৰ বাবদ পাবলগীয়া ধন আছিল ২,০৮৬ কোটি টকা৷ আনহাতে, আগষ্টৰ শেষভাগত অনাদায় হৈ থকা বিদ্যুৎ মাচুলৰ পৰিমাণ ২,১০০ কোটি টকা৷ আনহাতে, ছেপ্ঢেম্বৰ মাহৰ প্রথম সপ্তাহলৈ এই পৰিমাণ ২,৩৫২ কোটি টকা হৈছেগৈ৷ পৰিতাপৰ বিষয় এয়ে যে চৰকাৰৰ নির্দেশনাৰ পাছতো একাংশ ঘৰুৱা গ্রাহকে বিভিন্ন অজুহাতত এতিয়াও আদায় দিয়া নাই বিদ্যুৎ মাচুল৷ অৱশ্যে পূর্বতকৈ চৰকাৰী কর্মচাৰীৰ বিল আদায়ৰ পৰিমাণ বৃদ্ধি পাইছে যদিও ব্যক্তিগত প্রতিষ্ঠান বা ব্যৱসায়িক জড়িত ৫০ শতাংশতকৈও অধিক গ্রাহকে এতিয়াও সময়মতে আদায় দিয়া নাই বিদ্যুৎ মাচুল৷
যাৰ বাবে প্রতিমাহতে এ পি ডি চি এলৰ অনাদায় বিলৰ পৰিমাণ ৩০০ কোটি টকা হৈছেগৈ৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি বিল আদায়ৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে জনোৱা আহ্বানৰ পাছতে মাচুল আদায় বৃদ্ধি পাইছিল যদিও শেহতীয়াকৈ পুনৰ ই লেহেমীয়া হ’বলৈ ধৰিছে৷ ইতিমধ্যে এ পি ডি চি এলে বিগত ১০০ দিনত বিল আদায় নিদিয়া ২,৬৯,৪০৩জন উপভোক্তাৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছে৷ আনহাতে, পুনৰ সংযোগ স্থাপনৰ জৰিয়তে এ পি ডি চি এলে ৯২.২৮ কোটি টকা আদায় কৰিবলৈ সক্ষম হৈছে৷ এ পি ডি চি এলক ধাৰৰ বোজাৰ পৰা উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰে বিল আদায়ৰ ক্ষেত্রত সর্বাধিক গুৰুত্ব দিয়াৰ সময়তে প্রতিমাহত বিল আদায়ৰ নামত সংগ্রহ হৈছিল ৪৫০ কোটি টকা৷ যোৱা জুলাই মাহত এ পি ডি চি এলে আদায় কৰিছিল ৭৩৫.১৬ কোটি টকা৷
ইয়াৰ বিপৰীতে জুন মাহত আদায় কৰিছিল ৫৫৫ কোটি টকা৷ লক্ষণীয়ভাৱে এই সংখ্যাৰ বিপৰীতে জানুৱাৰী মাহত এ পি ডি চি এলৰ ৰাজহ আদায়ৰ পৰিমাণ আছিল ৩৮২ কোটি টকা, ফেব্রুৱাৰী মাহত ৩২০ কোটি টকা, মার্চ মাহত ৩১৯ কোটি টকা আৰু এপ্রিল মাহত ৩৩৬ কোটি টকা৷ সূত্রটোৱে ইয়াকো উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ তৎপৰতা আৰু মুখ্যমন্ত্রীৰ আহ্বানৰ পাছত এ পি ডি চি এলে বিদ্যুৎ মাচুল আদায়ৰ ক্ষেত্রত কিছু সকাহ পাব বুলি ধাৰণা কৰা হৈছিল যদিও একাংশ গ্রাহকে বিল আদায়ৰ ক্ষেত্রত দেখুওৱা গুৰুত্বহীনতাই পুনৰ বিদ্যুৎ বিতৰক সংস্থাটোক লোকচানৰ দিশলৈ ঠেলি দিছে৷ এ পি ডি চি এলক প্রতিবছৰে বিদ্যুৎ ক্রয় আৰু কর্মচাৰীৰ দৰমহাৰ বাবদ আৱশ্যক হয় ৬,৮২৫ কোটি টকা৷ ইয়াৰ ৬ হাজাৰ কোটি টকা বিদ্যুৎ ক্রয়ৰ বাবদ৷ আনহাতে প্রায় ৭০০ কোটি টকা ব্যয় হয় কর্মচাৰীৰ দৰমহাৰ বাবদ৷ মাচুল আদায়ক লৈ এ পি ডি চি এলে চলাই থকা এনে তৎপৰতাৰ বিপৰীতে কিন্তু বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত এতিয়াও শক্তিহীন এ পি ডি চি এল৷ বর্তমান প্রতিদিনে বিদ্যুতৰ চাহিদা হ’ল ১,৯৪৮ মেগাৱাট৷ কিন্তু এ পি ডি চি এলে ৰাজ্যত উৎপাদন কৰি আছে মাত্র ৩১৩ মেগাৱাট বিদ্যুতহে৷
বিদ্যুতৰ বিল সময় মতে আদায় দিয়াৰ
আহ্বান আছাম ষ্টেট ইলেক্ট্রিচিটী ছাপ্লাই ৱর্কার্ছ ইউনিয়নৰ
আছাম ষ্টেট ইলেক্ট্রিচিটী ছাপ্লাই ৱর্কার্ছ ইউনিয়নে ৰাজ্যৰ প্রায় ৬৪ লাখ বিদ্যুৎ গ্রাহকক সময়মতে বিদ্যুৎ বিল আদায় দিয়াৰ আহ্বান জনাইছে৷ এক বিবৃতিযোগে সংগঠনটোৰ প্রধান সম্পাদক নয়নজ্যোতি চক্রৱর্তীয়ে উল্লেখ কৰিছে যে ৰাজ্যৰ মুঠ বিদ্যুৎ গ্রাহকৰ প্রায় ৯২ শতাংশ গ্রাহক হ’ল ঘৰুৱা শ্রেণীৰ বিদ্যুৎ গ্রাহক৷ কিন্তু এই গ্রাহকসকলৰ অধিকাংশই সময়মতে আদায় নিদিয়ে বিদ্যুৎ মাচুল৷ ৰাজ্য চৰকাৰৰ আবেদনৰ পাছতো এতিয়াও মুঠ বিদ্যুৎ গ্রাহকৰ প্রায় ৫৫ শতাংশ প্রতিমাহৰ বিদ্যুতৰ বিল সময়মতে আদায় নিদিয়ে৷ এনে ঋণাত্মক আচৰণে এহাতে বিদ্যুৎ গ্রাহকৰ পৰৱর্তী বিদ্যুৎ বিলৰ অতিৰিক্ত মাচুল সংযোজন ঘটাই বিল ঊর্ধ্বগামী কৰে, আনহাতে সামগ্রিকভাৱে বিদ্যুৎ বিতৰণ কোম্পানীৰ অনাদায় ৰাজহৰ পৰিমাণ বৃদ্ধি ঘটাই সমগ্র বিদ্যুৎ ব্যৱস্থাটোৰ ওপৰত বিৰূপ প্রভাৱ পেলায়৷ শেহতীয়াভাৱে কেতবোৰ ন্যস্ত স্বার্থ মহলৰ উদ্যোগত কিছু উদ্যোগ–প্রতিষ্ঠানত বিদ্যুৎ চুৰিৰ দুষ্কার্য সংঘটিত হৈছে৷ ফলত বিভাগে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ ইউনিয়নে এনে দুষ্কার্যৰ তীব্র গৰিহণা দিছে আৰু মত পোষণ কৰে যে এনে দুষ্কার্যৰ মাজেৰে প্রকৃততে ৰাজ্যৰ বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ ওপৰত আক্রমণ সংঘটিত হৈছে৷ অসমৰ সামগ্রিক স্বার্থৰ পৰিপন্থী বিদ্যুৎ চুৰি দুষ্কার্যৰ বিৰুদ্ধে শক্তিশালী জনমত গঠন কৰি দুষৃকতিকাৰীসকলক একাষৰীয়া কৰিবলৈ ইউনিয়নে অসমৰ উদ্যোগ সমাজৰ প্রতি আহ্বান জনাইছে৷