নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে এ আই ইউ ডি এফৰে মিত্রতা ছেদৰ সিদ্ধান্ত লোৱাৰ পাছত প্রথমবাৰৰ বাবে প্রতিক্রিয়া প্রকাশ কৰিছে এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে৷ সংবাদ মাধ্যমৰ আগত এই সম্পর্কত আজমলে কয় যে মিত্রতা শেষ হৈ গ’ল৷ ইয়াক লৈ কোনো ক’ব লগা নাই৷ বিগ ব্রাদাৰ হিচাপে কংগ্রেছে যি সিদ্ধান্ত লৈছে, মানি লৈছোঁ, সমর্থন কৰিছোঁ৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা ৰাজনৈতিক মিত্রতা আছিল৷ এতিয়া ভাঙি দিলে, শেষ হৈ গ’ল৷ বিগ ব্রাদাৰৰ বিগ হোৱাৰ চান্স থাকিব৷ এই মিত্রতা ভংগই কংগ্রেছ আৰু এ আই ইউ ডি এফ দুয়োটা দলকে লাভান্বিত কৰিব বুলি উল্লেখ কৰি আজমলে কয় যে দুয়োটা দলৰে ভাল হ’ব৷ দুয়োটা দলৰে ভাল হোৱাৰ বাবে আজমলে দোৱা জনাব বুলিও কয়৷ সেইদৰে মিত্রতা ভংগৰ পাছত এতিয়া দলৰ নেতা–কর্মী–সমর্থক আনৰ সহায় এৰি দিয়াৰ আহ্বান জনাব বুলি জানিবলৈ দিয়ে৷
ইপিনে ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈক তীব্র কটাক্ষ কৰি আজমলে কয় যে হতাশাগ্রস্ত অখিল গগৈয়ে সস্তীয়া প্রচাৰ বিচাৰি আছে৷ তেওঁ এটা দলৰ এজনেই বিধায়ক৷ দ্বিতীয় এজন নাই৷ সেয়ে তেওঁ কেতিয়াবা মমতা বেনার্জী, কেতিয়াবা ৰাহুল গান্ধী, কেতিয়াবা আন কাৰোবাৰ দুৱাৰত টুকুৰিয়াই ফুৰিছে৷ নির্বাচনত ১৫–২০খন আসন পাম বুলি ভাবিছিল৷ কিন্তু নাপালে৷ সেয়ে হতাশা দূৰ কৰিবলৈ এতিয়া মিডিয়াত প্রচাৰ বিচাৰি ফুৰিছে৷ মিডিয়াত প্রচাৰ লাভৰ বাবেই মাত্র এজন বিধায়ক হৈও সর্বভাৰতীয় জোঁটবন্ধনৰ অংশীদাৰ হোৱাৰ সপোন দেখিছে৷ এয়া হাস্যকৰ৷ মিডিয়াত প্রচাৰ লাভৰ বাবেই অখিল গগৈয়ে আমাক বিজেপিৰ বি টীম বুলিও কৈছে৷ তেনে কথা ক’লে মিডিয়াত প্রচাৰ হ’ব আৰু তাৰ জৰিয়তে তেওঁ প্রচাৰ লাভ কৰিব বাবেই তেনে কথা কৈছে৷