নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতাৰ নিৰাপত্তা নিশ্চিত নোহোৱালৈ বন্ধ ৰাখক বান্ধ নির্মাণ

বৃহৎ নদীবান্ধ বন্ধৰ দাবীত যুৱ–ছাত্রৰ ৰাজ্যজুৰি ধর্ণা

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে আজি ৰাজ্যজুৰি ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ সমগ্র অসমৰ পৰিষদৰ সকলো জিলা সমিতিয়ে সংশ্লিষ্ট প্রশাসনিক জিলাৰ উপায়ুক্ত কার্যালয়সমূহৰ সন্মুখত নদীবান্ধবিৰোধী বিভিন্ন বেনাৰ–পোষ্টাৰ লৈ এই ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ পাছত সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক প্রেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্রীয় সমিতিৰ সভাপতি ৰাণাপ্রতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে সকলো ধৰণৰ বৃহৎ নদীবান্ধ মানুহৰ জীৱন–সম্পত্তি, সভ্যতা, জৈৱ–বৈচিত্র্য আৰু প্রাকৃতিক ভাৰসাম্যতাৰ বাবে ভয়ংকৰ৷ বিশ্বৰ অন্যান্য দেশত বৃহৎ নদীবান্ধৰ সলনি ইতিমধ্যে শক্তি আহৰণৰ বিকল্প ব্যৱস্থা গ্রহণ কৰা হৈছে৷ সেয়েহে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে সকলো প্রকাৰৰ বৃহৎ নদীবান্ধ নির্মাণৰ বিৰোধিতা কৰে৷ গেৰুকামুখত এন এইচ পি চিৰ দ্বাৰা নির্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ আৰম্ভণিৰে পৰা পৰিষদে বিৰোধিতা কৰি আহিছে আৰু এই বৃহৎ নদীবান্ধ বন্ধৰ দাবীত প্রতিবাদী আন্দোলন অব্যাহত ৰাখিছে৷ কাৰণ অসমৰ সীমান্তত চুবুৰীয়া অৰুণাচল প্রদেশত নির্মাণ কৰি থকা এই নদীবান্ধে উত্তৰ অসমৰ বিশেষকৈ ধেমাজি, লখিমপুৰ, মাজুলী জিলাৰ লাখ লাখ মানুহৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিব৷ এক কথাত এই নদীবান্ধ উত্তৰ অসমৰ এটা বৃহৎ অঞ্চলৰ ৰাইজৰ বাবে মৃত্যদূতস্বৰূপ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণ কৰা দিনৰে পৰা অসমৰ ৰাইজ আৰু বিভিন্ন দল সংগঠনে এই বৃহৎ নদীবান্ধ বন্ধৰ দাবী জনাই আহিছে৷ সমগ্র বিষয়টোৱে গ্রীন ট্রিবিউনেল, আদালত আদিৰ মজিয়া পাইছে৷ বহুবাৰ বৃহৎ নদীবান্ধবিৰোধী আন্দোলনকাৰী, চৰকাৰ আৰু এন এইচ পি চি কর্তৃপক্ষৰ মাজত আলোচনা হৈছে আৰু বিভিন্ন চুক্তি হৈছে৷ কিন্তু সকলো ধৰণৰ চুক্তি, ন্যায়ালয়ৰ নির্দেশনা, বিশেষ সমিতি আদিৰ প্রতিবেদনক নস্যাৎ কৰি লগতে অসমৰ ৰাইজৰ আৱেগক ভৰিৰে মোহাৰি এন এইচ পি চিয়ে বিভিন্ন কৌশলেৰে কেন্দ্রীয় চৰকাৰৰ সহযোগিতাত বান্ধ নির্মাণ কৰি গৈছে৷ বিগত প্রায় দুটা বছৰে ক’ভিড মহামাৰীৰ পৰিপ্রেক্ষিতত হোৱা লকডাউনৰ ফলত বৃহৎ নদীবান্ধবিৰোধী আন্দোলন কিছু স্তিমিত হোৱাৰ সুযোগত অতি গোপনে ক্ষিপ্রতাৰে নির্মাণৰ কাম কৰি সম্প্রতি প্রায় ৭০ শতাংশ কাম সম্পূর্ণ কৰিছে৷ অতি শেহতীয়াভাৱে বাৰিষাৰ ফলত জলস্তৰ বৃদ্ধি হৈ বান্ধৰ দুফুট ওপৰেদি পানী বৈ যোৱাৰ লগতে বান্ধৰ সুৰক্ষা দেৱাল (গার্ডৱাল) আংশিকভাৱে খহিছে আৰু টানেল ভাঙি গৈছে৷ কিন্তু তাৎপর্যপূর্ণ বিষয় যে এই সমগ্র বিষয়টো এন এইচ পি চিয়ে গোপন কৰি ৰাখিছে৷ বর্তমান এন এইচ পি চিৰ নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ চৰম সংকটত আছে আৰু যিকোনো মুহূর্ততে নামনিত থকা অসমৰ ৰাইজৰ বাবে কালধুমুহা হৈ নামি অহাৰ আশংকা আছে৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে এন এইচ পি চি প্রকল্পৰ নামনিত থকা অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিয়তা প্রদান নকৰা পর্যন্ত বৃহৎ নদীবান্ধবিৰোধী আন্দোলন অব্যাহত ৰাখিব বুলি যুৱ–ছাত্র পৰিষদে স্পষ্ট কৰি দিয়ে৷
বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত গুৱাহাটীত যুৱ–ছাত্রৰ ধর্ণা
নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প উত্তৰ অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্রতি চৰম ভাবুকি, এই কথা অঃ জাঃ যুঃ ছাঃ পৰিষদে প্রকল্পটো নির্মাণ কৰা দিনৰে পৰা কৈ আহিছে৷ শেহতীয়াকৈ নির্মীয়মাণ প্রকল্পটোৰ প্রকল্পস্থলীত প্রায় দুফুট ওপৰেদি পানী বৈ থকাৰ লগতে গার্ডৱালসমূহ আংশিকভাৱে খহিব ধৰা দৃষ্টিগোচৰ হোৱাত নৈপৰীয়া ৰাইজৰ লগতে উত্তৰ অসমৰ দুখন বিশেষ জিলা লখিমপুৰ জিলা আৰু ধেমাজি জিলাৰ ৰাইজ শংকিত হৈ পৰা পৰিলক্ষিত হৈছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য বন্ধ কৰাৰ দাবীত পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ শতাধিক সদস্যই গুৱাহাটী মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত আজি দিনৰ প্রায় ১১ বজাত ধর্ণা কার্যসূচী ৰূপায়ণ কৰাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্রধানমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷
যুৱ–ছাত্র পৰিষদৰ বিক্ষোভত উত্তাল ধেমাজি
বিশেষ বার্তা, ধেমাজি ঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ লগতে বৃহৎ জলবিদ্যুৎ প্রকল্পৰ নির্মাণ বন্ধৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ ধেমাজি জিলা সমিতিয়ে আজি ধেমাজি নগৰত বিক্ষোভ কার্যসূচী পালন কৰে৷ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত দুপৰীয়া ধেমাজি নগৰৰ বেচৰকাৰী বাছ আস্থানৰ পৰা এক বৃহৎ ৰেলী উলিয়াই নগৰখনৰ মাজেৰে পৰিভ্রমণ কৰি জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত বিক্ষোভ প্রদর্শন কৰে৷ জাতীয় সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহঁাই, জিলা সমিতিৰ সভাপতি জ্ঞান শর্মা, সম্পাদক বিষ্ণু শর্মা, পৰিষদৰ ভগ্ণী সংগঠন জাতীয় মহিলা পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভানেত্রী ৰেণু ভূঞা আৰু সম্পাদিকা লাৱণ্য গগৈৰ লগতে ধেমাজি সদৰ আঞ্চলিক সমিতিৰ নেতৃত্বত দুই শতাধিক নেতা–কর্মীয়ে বৃহৎ নদীবান্ধবিৰোধী বিক্ষোভ কার্যসূচীত ভাগ লৈ উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷
মাজুলী উপায়ুক্ত কার্যালয়ত ধর্ণা
আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, মাজুলী জিলা সমিতিয়ে বৃহৎ নদীবান্ধ বন্ধৰ দাবীত জিলা উপায়ুক্তৰ কার্যালয় সন্মুখত এক ধর্ণা কার্যসূচী ৰূপায়ণ কৰি ভাৰত চৰকাৰৰ প্রধানমন্ত্রীলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰে৷ বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত কেন্দ্রীয় সমিতিয়ে ঘোষণা কৰা ধাৰাবাহিক আন্দোলনৰ লগত সংগতি ৰাখি আজি পৰিষদে এই কার্যসূচী ৰূপায়ণ কৰি কেন্দ্র আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে৷ কাকতলৈ প্রেৰণ কৰা এক প্রেছ বিজ্ঞপ্তিত পৰিষদৰ সভাপতি মুনীন্দ্র ভূঞা আৰু সাধাৰণ সম্পাদক পৱিত্র বৰাই কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নিচিনা এটা জলবোমাসদৃশ বৃহৎ নদীবান্ধে যে অনাগত সময়ত বিভীষিকাৰ সৃষ্টি কৰিব পাৰে, তাক লৈ সমগ্র উত্তৰ অসমৰ জনসাধাৰণে শংকাত দিন পাৰ কৰিব লগা হৈছে৷ সেয়ে এই বৃহৎ নদীবান্ধৰ নির্মাণ বন্ধ কৰাৰ দাবী জনায় যুৱ–ছাত্র পৰিষদে৷
শিৱসাগৰত যুৱ–ছাত্রৰ ধর্ণা ঃ প্রধানমন্ত্রীলৈ স্মাৰক–পত্র
নিয়মীয়া বার্তা, শিৱসাগৰ ঃ শেহতীয়াকৈ অৰুণাচল প্রদেশত হোৱা প্রবল বৃষ্টিপাতে নামনি সোৱণশিৰি বান্ধৰ গুৰুত্বপুর্ণ অংশ খহাই নামনি অসমৰ অংশত সৃষ্টি কৰা প্রলয়ৰ পৰিপ্রেক্ষিতত এনে বান্ধ তাৎক্ষণিক বন্ধৰ দাবীৰে ৰাজ্যৰ আন স্থানৰ লগতে আজি শিৱসাগৰতো উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ জিলা সমিতিয়ে বৃহৎ নদীবান্ধ বন্ধৰ দাবীত জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত এক ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ পৰিষদৰ শতাধিক কর্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে–কার্ড, বেনাৰ লৈ বৃহৎ নদীবান্ধ বন্ধ কৰক, মোদী চৰকাৰ হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ যদিহে অচিৰেই অসমত বৃহৎ নদীবান্ধ নির্মাণ বন্ধ নকৰে, তেন্তে ৰাজ্যজুৰি আন্দোলন তীব্র কৰি তুলিব বুলিও হুংকাৰ দিয়ে যুৱ–ছাত্র পৰিষদে৷ ধর্ণাৰ অন্তত পৰিষদে উক্ত দাবী সন্দর্ভত শিৱসাগৰ জিলা উপায়ুক্ত যোগেদি প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷
যোৰহাটত ধর্ণা যুৱ–ছাত্র পৰিষদৰ
২০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদুৎ প্রকল্প বন্ধৰ দাবী জনাই অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, কেন্দ্রীয় সমিতিয়ে ঘোষণা কৰা সমগ্র অসমৰ লগতে পৰিষদৰ যোৰহাট জিলা সমিতিয়েও জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ দুই শতাধিক যুৱ–ছাত্র পৰিষদৰ যোৰহাট জিলা সমিতিৰ সদস্যই হাতে হাতে প্লে–কার্ড আৰু বেনাৰ লৈ বৃহৎ নদীবন্ধ কৰক, এন এইচ পি চি গ’ বেক, মিছলীয়া বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে আৰু যোৰহাট জিলা উপায়ুক্তৰ যোগেদি ভাৰতৰ প্রধানমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷ আজি এই ধর্ণা কার্যসূচীত অংশ লয় পৰিষদৰ কেন্দ্রীয় সমিতিৰ কার্যনির্বাহক সদস্য জাকিৰ হুছেইন আৰু অসীমজ্যোতি শইকীয়াৰ লগতে পৰিষদৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা নৃপেন ৰাজখোৱাই৷
কলিয়াবৰত যুৱ–ছাত্রৰ উত্তাল প্রতিবাদ
নিয়মীয়া বার্তা, কলিয়াবৰ ঃ নামনি সোৱণশিৰি নদীবান্ধ আৰু জলবিদ্যুৎ প্রকল্প বন্ধৰ দাবীত কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ আহ্বানক্রমে কলিয়াবৰতো মহকুমা কার্যালয়ৰ সন্মুখত ধর্ণা দি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে প্রতিবাদ সাব্যস্ত কৰে৷ নদীবান্ধৰ বিৰোধিতাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ধর্ণা দি কলিয়াবৰ তিনিআলিৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সদস্যসকলে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷
নগাঁৱত যুৱ–ছাত্র পৰিষদৰ উত্তাল প্রতিবাদ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য বন্ধ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিয়ে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ পৰিষদৰ নগাঁও জিলা সমিতিৰ শতাধিক সদস্যই নগাঁও জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত ধর্ণা কার্যসূচী ৰূপায়ণ কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য বন্ধ কৰিবলৈ দাবী জনায়৷ পৰিষদৰ সদস্যসকলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য বন্ধ কৰক, এন এইচ পি চি হুচিয়াৰ, বিজেপি চৰকাৰ হায় হায়, কেন্দ্রীয় চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্লোগান দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য বন্ধ নোহোৱালৈকে আন্দোলন চলি থাকিব বুলি পৰিষদৰ সদস্যসকলে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক সতর্ক কৰি দিয়ে৷ প্রতিবাদী কার্যসূচীত পৰিষদৰ জিলা সমিতিৰ সভাপতি দীপমণি বৰা আৰু সাধাৰণ সম্পাদক প্রাগজ্যোতিষ বণিয়াকে ধৰি বহুকেইজন বিষয়ববীয়াই অংশগ্রহণ কৰে৷
যুৱ–ছাত্রৰ চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল মৰিগাঁও
নিয়মীয়া বার্তা, মৰিগাঁও ঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণৰ কাম বন্ধ কৰাৰ দাবীত সমগ্র ৰাজ্যখনৰ লগতে মৰিগাঁও জিলাতো আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ মৰিগাঁও জিলা জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মির্জা আৰিফ আলমৰ নেতৃত্বত জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা ধর্ণা কার্যসূচীত প্রতিবাদকাৰীসকলে বৃহৎ নদীবান্ধ বন্ধ কৰক, মোদী চৰকাৰ হায় হায়, এন এইচ পি চি হুচিয়াৰ আদি চৰকাৰবিৰোধী শ্লোগানেৰে তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ লগতে সমগ্র পৰিৱেশ উত্তাল কৰি তোলে৷
নলবাৰীত যুৱ–ছাত্র পৰিষদৰ ধর্ণা কার্যসূচী ৰূপায়ণ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণৰ বিৰোধিতাৰে আজি উত্তাল হৈ পৰিল নলবাৰী৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত বৃহৎ নদীবান্ধবিৰোধী ধর্ণা কার্যসূচী ৰূপায়ণ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ ভাৰপ্রাপ্ত সভাপতি সঞ্জয় কলিতা আৰু সাধাৰণ সম্পাদক কৌশিক বর্মনৰ নেতৃত্বত শতাধিক কার্যকর্তাই হাতে হাতে বৃহৎ নদীবান্ধবিৰোধী প্লে–কার্ড, ফেষুটন লৈ এন এইচ পি চিৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ আহ্বানমর্মে ৰূপায়িত উক্ত কার্যসূচীত কেন্দ্রীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বর্মন, কার্যনির্বাহক সদস্য নগেন শালৈ, জিলা সমিতিৰ যুটীয়া সম্পাদক চিত্তৰঞ্জন তালুকদাৰ, প্রাঞ্জল কলিতাসহ সংগঠনটোৰ ভালেমান নেতা–কর্মী উপস্থিত থাকে৷ দিনৰ ১১.৩০ বজাত যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ৰূপায়িত কার্যসূচীৰ ফলত নলবাৰী–বৰমা ৰোডৰ যাতায়াত বহু সময় ধৰি স্তব্ধ হৈ পৰা পৰিলক্ষিত হয়৷
নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প বন্ধৰ দাবীত উত্তাল বাক্সা
আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ বাক্সা জিলা সমিতিয়ে আজি জিলা সদৰ মুছলপুৰৰ দুর্গামন্দিৰ খেলপথাৰ প্রাংগণত দিনৰ ১১ বজাৰ পৰা গণ অৱস্থান কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদস্থলীত অংশগ্রহণ কৰি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় প্রচাৰ সম্পাদক মদন কুমাৰে কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পই অসমৰ সভ্যতা–সংস্কৃতি আৰু ইতিহাস সম্পূর্ণ ধ্বংস কৰিব৷ আনহাতে উন্নয়নৰ নামত চৰকাৰে অসমৰ ভৌগোলিক সৌন্দর্য ধ্বংস কৰিব বিচৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণৰ তীব্র বিৰোধিতা কৰে নেতাগৰাকীয়ে৷ কার্যসূচীত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ বাক্সা জিলা সমিতিৰ অর্ধশতাধিক কর্মীয়ে অংশগ্রহণ কৰে৷
যুৱ–ছাত্রৰ প্রতিবাদত উত্তাল তিনিচুকীয়া
নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ লগতে সমূহ নদীবান্ধ বন্ধ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, তিনিচুকীয়া জিলা সমিতিয়ে আঞ্চলিক সমিতিসমূহৰ সহযোগত তিনিচুকীয়া উপায়ুক্ত কার্যালয়ৰ সন্মুখত ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ এই কার্যসূচীত উপস্থিত থাকে পৰিষদৰ কেন্দ্রীয় যুটীয়া সম্পাদক সুৰজিৎ মৰাণ, তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্রাপ্ত সভাপতি যদু সোণোৱাল, সাধাৰণ সম্পাদক কাঞ্চন বৰা, উপ–সভাপতি সোণমণি চলিহা, সীমান্ত দাস, সাংগঠনিক সম্পাদক প্রবীণ তামুলী, সঞ্জু গোহঁাই, মনোজ বডা, নিযুত দুৱৰাৰ লগতে সদস্যসকল৷

You might also like