নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূর্বাঞ্চলৰ খিলঞ্জীয়াৰ প্রতি ভাবুকি আনিছে বিজেপিয়ে

টিপ্রাৰ অধ্যক্ষ প্রদ্যুৎ বিক্রম মাণিক্য দেৱবার্মাৰ গুৰুতৰ অভিযোগ

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ অহা ২০২৩ চনত হ’বলগীয়া বিধানসভা নির্বাচনত ত্রিপুৰাৰ ‘দ্য ইণ্ডেজিনিয়াছ প্রগ্রেছিভ ৰিজি’নেল এলায়েঞ্চ’ চমুকৈ ‘টিপ্রা’ একক বৃহত্তম দল হ’ব৷ –এই দাবী ‘টিপ্রা’ৰ অধ্যক্ষ প্রদ্যুৎ বিক্রম মাণিক্য দেৱবার্মাৰ৷ মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ হোটেল পেলেচি’ত সাংবাদিক–বুদ্ধিজীৱী– ধৰি সমাজৰ বিভিন্ন ক্ষেত্রৰ ব্যক্তিৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত দেৱবার্মাই কয় যে এইবাৰ ত্রিপুৰাত খিলঞ্জীয়াই যুঁজিব৷ এয়া চূড়ান্ত সিদ্ধান্ত৷ যুৱ আৰু মহিলাৰ ৮০–৯০ শতাংশৰ সমর্থন আমাৰ পক্ষত আহিব৷ ৰাজ্যখনৰ পার্বত্য অঞ্চলত তৃণমূল কংগ্রেছে যুঁজিব নোৱাৰে৷ ভৈয়াম অঞ্চলত বিজেপি, চিপিআই (এম) আৰু তৃণমূল কংগ্রেছৰ মাজত যুঁজ হ’ব৷ সেয়ে আমি একক বৃহত্তম দল হোৱাটো নিশ্চিত৷ এই বিষয়ত আমি সম্পূর্ণ আত্মবিশ্বাসী৷ বিজেপিৰ কোনো প্রলোভনত ত্রিপুৰাৰ জনসাধাৰণ এইবাৰ প্রৰোচিত নহয়৷ নির্বাচনৰ সময়ত জনসাধাৰণক যি দিয়ে গ্রহণ কৰক, কিন্তু ভোটৰ দিনা আমাক ভোট দিয়ক৷ বিজেপিক উৎখাতৰ বাবে বিভিন্ন দলৰে মিত্রতাৰ পোষকতা কৰি তেওঁ কয় যে ইতিমধ্যে বহু ৰাজনৈতিক দলে এই প্রস্তাৱত সন্মতি প্রকাশ কৰিছে৷ প্রতাৰণা আৰু বিশ্বাসঘাতকতাৰ দীঘলীয়া ইতিহাস অতিক্রম কৰি উত্তৰ–পূর্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব আজি সংকটৰ গৰাহত বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে এই কথা সকলোৱে জানে যে দেশে স্বাধীনতা লাভৰ ৭৫ বছৰীয়া জয়ন্তী সগৌৰৱে উদ্যাপন কৰি থকাৰ সময়তো উত্তৰ–পূর্বাঞ্চলৰ থলুৱা জনগোষ্ঠীসমূহে স্বাভিমানৰ সৈতে ভাৰতৰ মানচিত্রৰ ভিতৰত টিকি থাকিবলৈ সংগ্রাম কৰিবলগীয়া হৈছে৷ ই নিঃসন্দেহে দুর্ভাগ্যজনক৷

বিজেপিৰ সাম্প্রদায়িক আৰু কেন্দ্রীভূত নীতিৰ অংগ হিচাপে দলৰ চৰকাৰসমূহে এই অঞ্চলত তেওঁলোকৰ নিজস্ব ধাৰণাৰ হিন্দুত্ববাদৰ প্রসাৰ কৰিবলৈ যোৱাৰ ফলত অঞ্চলটোৰ স্থানীয় কৃষ্টি–সংস্কৃতিৰ প্রতি ভাবুকি আহি পৰিছে৷ জনগোষ্ঠীয় ভাষা–সংস্কৃতি বিপন্ন হোৱাৰ আশংকা অধিক ঘনীভূত হৈ পৰে, যেতিয়া বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে কেৱল ভোটবেংক সৃষ্টিৰ লক্ষ্যৰে উত্তৰ–পূর্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ তীব্র বিৰোধক আওকাণ কৰি ‘কা’ প্রৱর্তন কৰে৷ ‘কা’ৰ বিৰুদ্ধে অসম আৰু ত্রিপুৰাই তীব্র আন্দোলন কৰিলে৷ কিন্তু ভাৰত চৰকাৰে জনসাধাৰণৰ স্বতঃস্ফূর্ত আন্দোলনক কোনো গুৰুত্ব নিদিলে৷ এয়া দুর্ভাগ্যজনক৷ এই প্রসংগতে তেওঁ অসম আন্দোলনৰ বিষয়ে উল্লেখ কৰি কয় যে ১৯৮৪ চনত প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ দিনত সংসদত চৰকাৰৰ শক্তি ৪৮৪ আছিল, যিটো বর্তমানৰ নৰেন্দ্র মোদী চৰকাৰতকৈ বেছি৷ তথাপি চৰকাৰে অসম চুক্তি কৰিবলৈ বাধ্য হৈছিল৷

আন্দোলন তীব্রতৰ হ’লে, চৰকাৰ যিমানেই শক্তিশালী নহওক কিয়, সেও মানিবলৈ বাধ্য হয়৷ বর্তমানৰ অগপ নেতৃত্বক সমালোচনা কৰি তেওঁ কয় যে তেওঁলোকৰ অন্তৰৰ কথা ভাবিলে লাজ লাগে৷ মুখেৰে একো ক’ব নোৱাৰে৷ আনহাতে বিজেপিৰ আমোলত উত্তৰ–পূর্বাঞ্চলত অর্থনৈতিক কার্যকলাপ চলিছে যদিও উন্নয়ন হোৱা নাই বুলি মন্তব্য কৰি কয় যে বর্তমান যি উন্নয়ন চলিছে ফ’ৰেইন কনচেপ্ঢত চলিছে৷ ব্যুৰ’ক্রেটে ঠিকাদাৰৰ স্বার্থত কাম কৰিছে৷ কৃষি, জৈৱিক খণ্ড, শীতল ভঁৰাল স্থাপন, শিক্ষাৰ সৈতে দক্ষতা বিকাশ স্থাপনৰ জৰিয়তেহে সমাজত ব্যাপক উন্নয়ন সাধন কৰিব পাৰি৷ কিন্তু বর্তমান আন্তঃগাঁথনি উন্নয়নৰ নামত ঠিকাদাৰৰ উন্নয়ন কৰা হৈছে৷

ইপিনে, অসম জাতীয় পৰিষদৰ আমন্ত্রণমর্মে মঙলবাৰে গুৱাহাটীলৈ অহা দেৱবার্মাই জাতীয় পৰিষদৰ জাতীয় কর্মীসভা এখনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে৷ কর্মীসভাখনত ভাষণ দি দেৱবার্মাই কয় যে পূর্ববংগৰ পৰা হোৱা অবাধ প্রব্রজনৰ ফলত ত্রিপুৰাৰ খিলঞ্জীয়া ত্রিপুৰী জনগোষ্ঠী ইতিপূর্বেই সংখ্যালঘু জনগোষ্ঠীত পৰিণত হৈছে৷ ১৯৪১ চনৰ লোকপিয়লত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৬২.০৬ শতাংশ দখল কৰি থকা ত্রিপুৰী খিলঞ্জীয়া জনগোষ্ঠীৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়লত ৩১.৭৮ শতাংশলৈ হ্রাস পায়৷ অবাধ প্রব্রজনে সংখ্যালঘুত পৰিণত কৰি তোলাৰ বাবে ত্রিপুৰীসকলে নিজৰ মাতৃভাষা ককবৰকক ৰাজ্যভাষা হিচাপে প্রতিষ্ঠিত কৰাত ব্যর্থ হোৱাৰ পৰিপ্রেক্ষিতত বাংলাভাষা ৰাজ্যখনত ৰাজ্যভাষা হিচাপে ঘোষিত হয় আৰু পৰিণতিত ককবৰক ভাষা আজি বিলুপ্তপ্রায় ভাষাৰ পর্যায়লৈ গতি কৰে৷ অসমতো হোৱা অবাধ প্রব্রজনৰ ফলত ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত অসমীয়াভাষী মানুহৰ সংখ্যা ৪৭ শতাংশলৈ নামি আহিছে৷

ইফালে, টিপ্রাৰ অধ্যক্ষ দেৱবার্মা আৰু অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এখন যুটীয়া সংবাদ মেলত কয় যে উত্তৰ–পূর্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব আৰু পৰিচয় সুৰক্ষাৰ ৰাজনৈতিক সংগ্রামখনক ঐক্যবদ্ধভাৱে আগবঢ়াই নিয়াৰ বাবে দুয়োটা দলে ৰাজনৈতিক মিত্রতা স্থাপন কৰে৷ আগন্তুক দিনত উত্তৰ–পূর্বাঞ্চলৰ সকলো আঞ্চলিক দলক লৈ এক শক্তিশালী ৰাজনৈতিক আন্দোলন গঢ়ি তুলিব৷ দুয়োটা ৰাজনৈতিক দলে ‘কা’ বাতিল কৰা, অসমত এনআৰচি উন্নীতকৰণৰ কাম শীঘ্রেই সম্পূর্ণ কৰা, ত্রিপুৰীসহ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব আৰু পৰিচয় সংৰক্ষণৰ বাবে সাংবিধানিক ব্যৱস্থা প্রৱর্তন কৰাৰ লগতে বৃহত্তৰ ত্রিপালেণ্ডৰ দাবী মানি লোৱা আৰু অসম চুক্তিৰ সকলো দফা সঠিকভাৱে ৰূপায়ণৰ লগতে ৬নং দফা কমিটীৰ প্রতিবেদন ৰূপায়ণেৰে অসমীয়া জাতিক সাংবিধানিক ৰক্ষাকৱচ প্রদান আৰু ভাষা–সাহিত্য–সংস্কৃত্ ৰক্ষাৰে জাতিটোৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনায়৷

You might also like