নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওপজা দিনত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক সোঁৱৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ কায়িকভাৱে নাথাকিলেও প্রতিজন অসমীয়াৰ হূদয়ত জীয়াই আছে প্রাণৰ আপোন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা৷ আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৫সংখ্যক ওপজা দিন। ৰাজ্যজুৰি গীতে-মাতে প্ৰাণৰ শিল্পীজনক সোঁৱৰিলে ৰাজ্যবাসীয়ে।

পুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্রতিচ্ছবিত মাল্যৰ্পণ কৰি সেৱা জনায়।

টুইটাৰ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “জীৱন সিন্ধু বহু বিন্দুৰে হয়, যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ”
আজি আমাৰ সকলোৰে হিয়াৰ আমঠু সুধাকণ্ঠ ভূপেনদাৰ ওপজা দিন। ‘ভাৰতৰত্ন’ৰে সন্মানিত ড: ভূপেন হাজৰিকাদেৱৰ অসমৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰলৈ যি অৱদান সেয়া হয়তো দুনাই দোহৰাৰ প্ৰয়োজন নাই। চিৰ প্ৰবহমান লুইতৰ দৰেই তেখেতৰ সৃষ্টিৰাজি অসমৰ প্ৰতিগৰাকী লোকৰ ধমনীত প্ৰবাহিত হৈ থাকিব যুগ যুগ ধৰি। চিৰপ্ৰোজ্জ্বল ব্যক্তিসত্তাৰে সমাজ-সংস্কৃতিক প্ৰাণৱন্ত কৰা এইগৰাকী বিশ্ববৰেণ্য ব্যক্তিত্বক আজি ৯৫সংখ্যক ওপজা দিনত শ্ৰদ্ধাৰে সেৱা জনালোঁ।”

You might also like