নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ পৰা গৈ সোণোৱাল মুখ্যমন্ত্রীৰ পৰা কেন্দ্রীয় মন্ত্রী হ’ল, কিন্তু আজিও নহ’ল দলং

  • ‘চৰকাৰ–প্রশাসন’ৰ দায়িত্বজ্ঞানহীনতাৰ ফল ভুগিলে ৰাইজেঃ আছু
  • আইডব্লিউটিৰ হঠকাৰী সিদ্ধান্তই ফেৰী দুর্ঘটনাৰ বাবে জগৰীয়াঃ ৰাইজৰ দল
  • দায়িত্ব মূৰপাতি লওক মন্ত্রী পাটোৱাৰীয়েঃ হিন্দু যুৱ–ছাত্র
  • কেৱল ভোটৰ বাবেই মাজুলীবাসীক দলং নির্মাণৰ আশ্বাস দিছিল বিজেপিয়েঃ অজাপ

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: নিমাতীঘাটত বুধবাৰে মহাবাহু ব্রহ্মপুত্রৰ বুকুত সংঘটিত শোকাৱহ ফেৰী দুর্ঘটনাক লৈ চৰকাৰ তথা আভ্যন্তৰীণ জল পৰিবহণ (আই ডব্লিউ টি) বিভাগৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰিছে বিভিন্ন দল–সংগঠন৷ ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছেও এই ক্ষেত্রত বাদ পৰা নাই৷

‘মাজুলীৰ মানুহৰ ভোটৰ মূল্য  আছে৷ জীৱনৰ মূল্য নাই৷ নৈপৰীয়া বতাহ খাই এতিয়া সাগৰৰ বতাহ খাই আছে সর্বানন্দ সোণোৱালে৷ মাজুলীৰ মানুহৰ মূৰৰ ওপৰত দলং সাজি সোণোৱাল মুখ্যমন্ত্রীৰ পৰা কেন্দ্রীয় মন্ত্রী হ’ল৷ কিন্তু মাজুলীত দলং নহ’ল৷’ – এই মন্তব্য প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ৷

বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত নিমাতীঘাটৰ ঘটনাৰ বাবে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি সভাপতি বৰাই কয় যে এই শোকাকুল পৰিৱেশত দুর্ভাগ্যজনক দুর্ঘটনাটোক লৈ প্রদেশ কংগ্রেছে ৰাজনীতি কৰিব বিচৰা নাই৷ কিন্তু একে সময়তে বিৰোধী দল হিচাপে নির্বাচনৰ সময়ত মাজুলী আৰু যোৰহাটবাসীক বাৰে বাৰে দিয়া প্রতিশ্রুতিসমূহ মনত পেলাই দিয়াটো নৈতিক দায়িত্ব৷ ২০১৮ চনত উত্তৰ গুৱাহাটীত সংঘটিত হোৱা নাও দুর্ঘটনাৰ পৰা শিক্ষা নোলোৱাটো অত্যন্ত দুর্ভাগ্যজনক৷ সেই ঘটনাৰ পাছত বিজেপি চৰকাৰখনে কোনোধৰণৰ প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ নকৰাৰ ফলতেই নিমাতীঘাটত নাও দুর্ঘটনা সংঘটিত হ’বলৈ পালে৷ সংকটৰ সময়ত অতিকৈ তাৎক্ষণিকভাৱে প্রয়োজন হোৱা নিৰাপত্তাৰ সঁজুলি, লাইফ জেকেট, ছুইমিং টিউব থকাটো অত্যন্ত জৰুৰী৷ কিন্তু সেয়াটো দেখা নগ’লেই৷ আন কোনো এগৰাকী উদ্ধাৰকাৰী কর্মীকো দেখা নগ’ল৷ বাতৰি মতে, দুর্ঘটনা হোৱাৰ এক ঘণ্টা পাছতহে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ কর্মী ঘটনাস্থলীত উপস্থিত হৈছিল৷ মাজুলী–নিমাতীঘাটৰ মাজৰ জল পৰিবহণ ব্যৱস্থা পৰিদর্শন কৰাৰ বাবে আৰক্ষী চকী আছে নে নাই, সেয়াহে এক ডাঙৰ প্রশ্ন৷ সেইদৰে অনুকূল বতৰৰ মাজত দিনৰ পোহৰতে কেনেকৈ দুখন নাও/ফেৰীয়ে মুখামুখি খুন্দা মাৰিব পাৰে? জল পৰিবহণ বিভাগে নাৱ্যপথ সঠিকভাৱে নিৰূপণ কৰিছিলনে? নাও/ফেৰী ড্রাইভাৰৰ লাইছেন্স আছিলনে? কোনে ফেৰী আৰু নাৱৰ বহন ক্ষমতা নিৰীক্ষণ কৰিছিল, যিহেতু নাও আৰু ফেৰীসমূহে নিজৰ ক্ষমতাতকৈ অধিক যাত্রী কঢ়িওৱা বুলি সততে চর্চা গৈ থাকে৷ নাও/ফেৰীসমূহে যাত্রী কঢ়িয়াব পৰাকৈ উপযুক্ত হৈ আছিল নে নাই, কোনে পৰীক্ষা কৰিছিল? আটাইতকৈ লজ্জাজনক বিষয় যে যোৱা তিনি বছৰত দুবাৰকৈ নিলম্বিত হোৱা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্রাধিকৰণৰ কার্যকৰী অভিযন্তাগৰাকীৰ হাততে দায়িত্ব ন্যস্ত আছিল৷ উত্তৰ গুৱাহাটীৰ ফেৰী দুর্ঘটনাৰ সময়ত নিলম্বন হোৱা সেই একেগৰাকী বিষয়াৰ হাততে কিয় পুনৰ মানুহৰ জীৱন–মৃত্যুৰ লগত জড়িত দায়িত্ব ন্যস্ত কৰা হৈছিল বুলি তেওঁ প্রশ্ন কৰে৷

সংবাদ মেলখনত তেওঁ আৰু কয় যে ২০১৬ চনত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিয়ে ব্রহ্মপুত্রৰ ওপৰেদি মাজুলী–যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিছিল, কিন্তু সুদীর্ঘ যোৱা পাঁচ বছৰত দলঙৰ নামত এটা শিলগুটিও নপৰিল৷ বিগত ২০২১ৰ নির্বাচনৰ আগমুহূর্তত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিয়ে পুনৰ এবাৰ যোৰহাট–নিমাতীঘাট সংযোগী সেই একেখন দলঙৰ আধাৰশিলা স্থাপন কৰিছে৷ সংবাদ মেলখনত তেওঁ দুর্ঘটনা সংঘটিত হোৱাৰ ২০ ঘণ্টা পাছতো চৰকাৰে ফেৰীত কিমান যাত্রী আছিল চৰকাৰে সেই বিষয়ে সঠিককৈ ক’ব নোৱাৰা কার্যৰো তীব্র সমালোচনা কৰে৷ কালিৰ ঘটনাৰ বাবে পৰিবহণ মন্ত্রী পাটোৱাৰীকে দৃষ্টান্ত ৰাখি পদত্যাগ কৰাৰ বাবে সভাপতি বৰাই আহ্বান জনায়৷ সংবাদ মেলৰ আৰম্ভণিতে কালিৰ দুর্ঘটনাত অকাল বিয়োগ ঘটা অধ্যাপিকা পৰীমিতা দাসৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ সেইদৰে সন্ধানহীন হোৱা আটাইবোৰ যাত্রী জীৱন্তে উদ্ধাৰৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনায়৷

You might also like