নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোকাৱহ দুর্ঘটনাৰ উচ্চ পর্যায়ৰ তদন্ত ঘোষণাঃ চলিব ফৌজদাৰী গোচৰ; এটা ইঞ্জিনৰ নাৱৰ চলাচল বন্ধ

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: ৰাজ্যবাসীক শোকাচ্ছন্ন কৰি তোলা যোৰহাটৰ নিমাতীঘাটত সংঘটিত নাও দুর্ঘটনাৰ ফৌজদাৰী গোচৰ ৰুজু কৰাৰ নির্দেশ দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বুধবাৰে সংঘটিত এই শোকাৱহ দুর্ঘটনাৰ পাছতেই বুধবাৰে পুৱাৰ ভাগতে যোৰহাটত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই ফেৰী দুর্ঘটনাস্থলী পৰিদর্শন কৰে আৰু এন ডি আৰ এফ, এছ ডি আৰ এফে চলোৱা উদ্ধাৰকার্যৰ বুজ লয়৷ মুখ্যমন্ত্রীয়ে এখন যন্ত্রচালিত নাৱত উঠি প্রায় ৪৫ মিনিট সময় ধৰি উদ্ধাৰ অভিযান পর্যবেক্ষণ কৰে৷

উল্লেখ্য যে বুধবাৰে নিমাতীঘাটৰ সমীপতে সংঘটিত এই ফেৰী দুর্ঘটনাত পৰীমিতা দাস নামৰ এগৰাকী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকাৰ মৃত্যু হোৱাৰ বিপৰীতে এতিয়াও দুজন লোক সন্ধানহীন হৈ আছে৷ চালকৰ গাফিলতিৰ ফলত সংঘটিত উক্ত দুর্ঘটনাক লৈ সৃষ্টি হৈ থকা ক্ষোভৰ মাজতে কালি মুখ্যমন্ত্রীৰ স্পষ্ট ঘোষণা– ফেৰী দুর্ঘটনা সম্পর্কত যোৰহাট জিলা প্রশাসনক এটা ফৌজদাৰী গোচৰ ৰুজু কৰিবলৈ নির্দেশ দিয়া হৈছে৷ ৰাজ্য চৰকাৰে এই দুর্ঘটনাৰ এক উচ্চ পর্যায়ৰ তদন্ত কৰিব৷

উল্লেখ্য যে আভ্যন্তৰীণ জল পৰিবহণৰ গুৰুত্বহীনতা আৰু চৰম গাফিলতিৰ বাবে সংঘটিত এই দুর্ঘটনাৰ বাবে ইতিমধ্যে বিভাগটোৰ তিনিজন বিষয়াক নিলম্বন কৰা হৈছে৷ আজি ঘটনাস্থলী পৰিদর্শনৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে কয় যে আজিৰে পৰা মেৰিন ইঞ্জিন নথকা সকলো ব্যক্তিগত ফেৰী সেৱা বন্ধ কৰা হ’ব৷ ব্যক্তিগত খণ্ডৰ ফেৰীসমূহৰ গৰাকীয়ে একক ইঞ্জিনক মেৰিন ইঞ্জিনলৈ পৰিৱর্তন কৰিব বিচাৰিলে ৭৫ শতাংশ ৰাজসাহায্যৰে ৰাজ্য চৰকাৰে ১০ লাখ টকাকৈ আগবঢ়াব৷

মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে এতিয়াৰে পৰা চাৰিখন আভ্যন্তৰীণ জল পৰিবহণৰ ফেৰী কমলাবাৰী আৰু নিমাতীঘাটত চলাচলৰ ব্যৱস্থা কৰা হ’ব আৰু শীঘ্রে দুখন ফেৰী গুৱাহাটীৰ পৰা ১৫ দিনৰ ভিতৰত নিমাতীঘাটলৈ আহিব আৰু তেতিয়া ৬খন ফেৰীৰে যাতায়াত চলিব৷ ইফালে মাজুলীলৈ যাতায়াত সুচল কৰাৰ বাবে চলাচল কৰা কোটিটকীয়া ৰ’পেক্স জাহাজ নচলোৱা বিষয়টো সন্দর্ভত আজি মুখ্যমন্ত্রীয়ে উদ্বেগ প্রকাশ কৰাই নহয়, এই বিষয়টো তদন্তৰ আওতালৈ আহিব বুলি স্পষ্ট কৰে৷ মুখ্যমন্ত্রীয়ে স্থানীয় ৰাইজৰ অভিযোগ সন্দর্ভত কয় যে কাৰোবাৰ ব্যক্তিগত হেঁচাত চৰকাৰী জাহাজ বন্ধ হৈ যোৱা বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে৷ এই জাহাজসমূহ চলিলেও সময় সলনি কৰি দিয়া হয় যাতে জাহাজত মানুহ নহয়৷ তেনে অভিযোগসমূহো লাভ কৰিছোঁ৷ এই গোটেই বিষয়বোৰ পৰীক্ষা কৰা হ’ব৷

ৰ’পেক্স জাহাজৰ চলাচল সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– অচিৰেই ৰ’পেক্স সেৱা কার্যক্ষম কৰা হ’ব আৰু সমগ্র বছৰজুৰি যাতে ৰ’পেক্স সেৱা অব্যাহত ৰাখিব পৰা যায়, সেয়া নিশ্চিত কৰিবলৈ প্রয়োজনত ব্রহ্মপুত্রৰ বুকু খনন কৰি জাহাজ চলাচলৰ বাবে উপযোগী কৰি তোলা হ’ব৷ উল্লেখ্য যে এই পৰিদর্শন কালত মুখ্যমন্ত্রীক স্থানীয় লোকে অভিযোগ কৰে যে চৰকাৰী ফেৰীসমূহ যাতে প্রয়োজনীয় সময়ত নচলে, তাৰ বাবে এক চক্রই জল পৰিবহণ বিভাগক হেঁচা প্রয়োগ কৰি আহিছে৷ মুখ্যমন্ত্রীয়ে এই বিষয়টোও তদন্ত কৰা হ’ব বুলি স্পষ্ট কৰে৷ এই সন্দর্ভত তেওঁ কয়– যোৰহাট আৰু মাজুলী জিলাৰ উপায়ুক্তই ফেৰী সেৱাৰ সময়সমূহ পুনৰ নির্ধাৰণ কৰিব৷ মাজুলী জিলাৰ এগৰাকী আৰু যোৰহাটৰ এগৰাকী দণ্ডাধীশে সময়মতে ফেৰী সেৱা সুনিশ্চিত কৰা দিশটো পর্যবেক্ষণ কৰিব৷

আনহাতে ৰাজ্য চৰকাৰে এই নাওসমূহত কাম কৰা লোকসকলৰ বাবে স্বাস্থ্য পৰীক্ষাৰ কাৰণে নির্ধাৰিত বিধি–বিধান প্রস্তুত কৰিব৷ মন কৰিবলগীয়া যে কালি দুর্ঘটনাত পতিত হোৱা মা কমলা নামৰ ফেৰীখনত ৯০জন যাত্রী আছিল৷ দুর্ঘটনা হোৱাৰ পাছত ইতিমধ্যে ৮৭জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে৷ আনহাতে দুর্ঘটনাত পৰীমিতা দাস নামৰ অধ্যাপিকাগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে যোৰহাটৰ ডাঃ বিক্রমজিৎ বৰুৱা আৰু নাওবৈচাৰ ইন্দ্রেশ্বৰ বৰা নামৰ দুজন লোক সন্ধানহীন হৈ আছে৷ মুখ্যমন্ত্রীয়ে আজি দুর্ঘটনাত নিহত হোৱা গুৱাহাটীৰ কাহিলিপাৰাৰ পৰীমিতা দাসৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে৷ পৰীমিতা দাসৰ পিতৃ–মাতৃক মুখ্যমন্ত্রীয়ে সাক্ষাৎ কৰিব বুলি উল্লেখ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পৰিয়ালটোলৈ প্রয়োজনীয় সকলো সহায়–সহযোগিতা আগবঢ়াব বুলি কয়৷

ইফালে যোৰহাট আৰু মাজুলী সংযোগী দলং নির্মাণক লৈ মাজুলীত উত্থাপন হোৱা দাবী আৰু দলঙৰ আধাৰশিলা স্থাপনৰ পাছতো নির্মাণ বিলম্বক লৈ সৃষ্টি হোৱা ক্ষোভৰ বিষয়টো সন্দর্ভত আজি মুখ্যমন্ত্রীয়ে কয়– দলং নির্মাণৰ যাৱতীয় পদক্ষেপ চলি আছে আৰু অহা নৱেম্বৰ মাহৰ পৰা এই দলঙৰ নির্মাণকার্য আৰম্ভ হ’ব৷ দলংখন চাৰি বছৰৰ ভিতৰত সম্পূর্ণ উঠিব৷ তদুপৰি দলং নির্মাণৰ অগ্রগতি পর্যালোচনাৰ বাবে এক মন্ত্রীগোট গঠন কৰা হ’ব৷ বৃহস্পতিবাৰে মুখ্যমন্ত্রীৰ এই পৰিদর্শনৰ সময়ত তেওঁক সংগ দিয়ে মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, যোগেন মহন, বিমল বৰা, সাংসদ তপন গগৈ, প্রদান বৰুৱা, বিধায়ক হিতেন্দ্র নাথ গোস্বামী, ভবেন ভৰালী, ৰেণুপমা ৰাজখোৱা আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷ এই পৰিদর্শনৰ পাছতেই মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্রীয়ে আৱর্ত ভৱনত স্থানীয় কেইবাটাও সংগঠনৰ সৈতে এক আলোচনাত মিলিত হয়৷ এই আলোচনাত উপস্থিত থাকে আছু, টি এম পি কে, এ জে ৱাই চি পি, এন এছ ইউ আই আদিকে কৰি কেইবাটাও সংগঠনৰ প্রতিনিধিসকল৷ সংগঠনসমূহে যাতায়াতৰ বিভিন্ন সমস্যাৰ লগতে কেইবাটাও দিশ মুখ্যমন্ত্রীৰ ওচৰত উত্থাপন কৰে আৰু বিস্তৃত আলোচনা কৰে৷

মুখ্যমন্ত্রীয়ে সংগঠনৰ প্রতিনিধিসকলক আশ্বাস দি কয় যে যাত্রীৰ নিৰাপত্তা সুনিশ্চিত কৰা, কমলাবাৰী আৰু নিমাতীঘাটৰ মাজত ফেৰী সেৱা সুচলভাৱে চলাচল সুনিশ্চিত কৰাৰ ক্ষেত্রত চৰকাৰে সকলো প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব৷ সংগঠনসমূহক ইয়াকো জানিবলৈ দিয়ে যে প্রতিখন নাৱত কিমানজন যাত্রী যাব পাৰিব, তাক নির্ধাৰিত কৰি দিয়াৰ লগতে এইক্ষেত্রত কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হ’ব৷ যদি কোনো নাৱে নির্ধাৰিত কৰি দিয়া সংখ্যাতকৈ অধিক যাত্রী কঢ়িয়ায়, তেনে নাৱৰ চালক আৰু গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ মাজুলীৰ এই আলোচনাকালত মুখ্যমন্ত্রীক সংগ দিয়ে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্রী যোগেন মহন আৰু শক্তিমন্ত্রী বিমল বৰাই৷

You might also like