২৫ হাজাৰ উৎকোচ লৈ হাতে–লোটে গ্রেপ্তাৰ আবকাৰী অধীক্ষক
নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাক শুকুৰবাৰে গুৱাহাটীৰ পৰা অহা তদাৰক আৰু দুর্নীতি নিৰীক্ষণ সঞ্চালকালয়ৰ এটা দলে গ্রেপ্তাৰ কৰে৷ কোকৰাঝাৰৰ এগৰাকী ব্যৱসায়ীৰ পৰা মাহেকীয়া ভিত্তিত ২৫ হাজাৰ টকা দাবী কৰাত ব্যৱসায়ীগৰাকীয়ে তদাৰক আৰু দুর্নীতি নিৰীক্ষণ সঞ্চালকালয়ক অৱগত কৰে আৰু সেইমর্মে আজি গুৱাহাটীৰ পৰা অহা ১৪জনীয়া অভিযানকাৰী দল এটাই কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাক হাতে–লোটে গ্রেপ্তাৰ কৰে৷ ব্যৱসায়ীগৰাকীয়ে পূর্বনির্ধাৰিত সময় মতে কোকৰাঝাৰ চেণ্ট্ৰেল বেংকৰ পিছপিনে থকা হিমানজ্যোতি বৰাৰ ভাৰাঘৰত উপস্থিত হয় আৰু দাবী কৰা উপঢ়ৌকনৰ ধন ২৫ হাজাৰ টকা আগবঢ়ায়৷ হিমানজ্যোতি বৰাই উপঢ়ৌকনৰ ধন ২৫ হাজাৰ টকা গ্রহণ কৰা মাত্রকে গুৱাহাটীৰ পৰা অহা তদাৰক আৰু দুর্নীতি নিৰীক্ষণ সঞ্চালকালয়ৰ অতিৰিক্তি আৰক্ষী অধীক্ষক কৰুণা বৰদলৈৰ নেতৃত্বত অহা দলটোৱে হিমানজ্যোতি বৰাক হাতে–লোটে গ্রেপ্তাৰ কৰে৷ বর্তমান কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ ভাৰা গৃহত অভিযানকাৰী দলটোৱে তালাচী অভিযান অব্যাহত ৰাখিছে আৰু বিভিন্ন নথি–পত্র, ফাইল তন্ন তন্নকৈ পৰীক্ষা কৰিছে৷ ঘটনা সন্দর্ভত অভিযানকাৰী দলটোৱে কোনোধৰণৰ তথ্য সংবাদ মাধ্যমৰ আগত সদৰী কৰা নাই৷
ধৃত আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ নগাঁৱৰ বাসগৃহত তালাচী
উৎকোচ লৈ দুর্নীতি নিবাৰক শাখাৰ হাতত গ্রেপ্তাৰ হোৱা কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ নগাঁও চহৰৰ ব্লু–বার্ডৰ সমীপৰ নাইটিংগল এপার্টমেণ্টৰ বাসগৃহত উপ–আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায়৷ এই অভিযানকালত বিষয়াজনৰ বাসগৃহৰ পৰা কি জব্দ কৰা হৈছে সেই বিষয়ে প্রকাশ কৰা নাই আৰক্ষীয়ে৷ আনহাতে, আৰক্ষীৰ এটা দলে আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ ধিং নগৰৰ বাসগৃহতো অভিযান চলাবলৈ গৈছিল যদিও সেই ঘৰটো তলাবন্ধ অৱস্থাত থকা হেতুকে আজি আৰক্ষীয়ে অভিযান চলাব নোৱাৰিলে৷