নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰক্ষিত কৰিব লাগিব জনজাতিৰ ধর্ম–সংস্কৃতি

সোণাপুৰত উত্তৰ–পূবৰ জনজাতীয় নেতৃত্বৰ সন্মিলনত মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে মহানগৰীৰ পার্শ্বৱর্তী সোণাপুৰৰ টেপেছিয়াস্থিত ৰাণী লক্ষ্মীবাই ৰাষ্ট্রীয় শাৰীৰিক শিক্ষা প্রতিষ্ঠানত জনজাতি ধর্ম–সংসৃকতি সুৰক্ষা মঞ্চৰ উদ্যোগত আয়োজিত ‘ভইচ অৱ নর্থ–ইষ্ট’ শীর্ষক উত্তৰ–পূবৰ জনজাতীয় নেতৃত্বৰ সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে উত্তৰ–পূর্বাঞ্চলৰ বর্ণাঢ়্য জনজাতীয় ধর্ম আৰু সংসৃকতিয়ে অঞ্চলটোৰ সাংসৃকতিক পথাৰখন জীপাল কৰি তুলিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা আৰু সংসৃকতিক শক্তিশালীকৰণৰ ক্ষেত্রত জনজাতিসকলৰ ভূমিকা অনন্য৷ জনজাতিসকলৰ পৰম্পৰা, ধর্ম, সংসৃকতি, ভাষা–সাহিত্য সুৰক্ষিত কৰাৰ লগতে ইয়াৰ প্রসাৰ আৰু প্রচাৰ সাধন কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে জনজাতীয় লোকসকলৰ ধর্ম আৰু সংসৃকতিৰ সংৰক্ষণ আৰু উত্তৰণৰ ক্ষেত্রত অজনজাতীয় লোকসকলেও বিশেষ ভূমিকা গ্রহণ কৰিব লাগিব৷ চৰকাৰৰো এইক্ষেত্রত বিশেষ দায়িত্ব আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতি নামেৰে এটা নতুন বিভাগ খুলিছে৷ খিলঞ্জীয়াৰ ভাষা–সংসৃকতি, পৰম্পৰাক সুৰক্ষিত কৰাৰ লগতে ইয়াক অধিক বিকশাই তোলাৰ বাবে ৰাজ্য চৰকাৰে এই বিভাগ আৰম্ভ কৰিছে বুলি তেওঁ কয়৷

চলিত বর্ষৰ বাজেটত ইয়াৰ বাবে এশ কোটি টকা ধার্য কৰা হৈছে আৰু পৰৱর্তী পাঁচ বছৰত ৰাজ্যিক বাজেটত বিভাগটোলৈ আবণ্টিত ধনৰ পৰিমাণ পাঁচশ কোটিলৈ বৃদ্ধি কৰিব বিচাৰে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ কয় যে জনজাতীয় ভাষা–সংসৃকতিৰ সুৰক্ষা, সংবর্ধন আৰু বিকাশৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ সহযোগিতা আগবঢ়াই যাব৷ ধর্ম আৰু সংসৃকতি সুকীয়া হ’ব নোৱাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয়– এই দুয়োটাকে সুৰক্ষিত কৰি ৰখাটো আমাৰ দায়িত্ব আৰু কর্তব্য৷ ধর্ম সুৰক্ষিত হ’লেহে ৰাষ্ট্র সুৰক্ষিত হ’ব বুলি তেওঁ কয়৷ জনজাতীয় সংসৃকতি আৰু ধর্মৰ পৰা ভাৰতীয় সংসৃকতি ডদ্ভাসিত হৈ ডঠিছে আৰু সেইবাবে নতুন প্রজন্মক জনজাতীয় ধর্ম, সংসৃকতি আৰু পৰম্পৰাক লৈ গৌৰৱান্বিবত হোৱাৰ বাবে ডৎসাহিত কৰিব লাগিব বুলিও তেওঁ কয়৷ পথ বিচ্যুত হোৱাসকলক জনজাতীয় পৰম্পৰা, ধর্ম আৰু সংসৃকতি সম্পর্কত সঠিকভাৱে আভাস দিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে জনজাতীয় খাদ্য, নৃত্য, পোছাক–পৰিচ্ছদে পর্যটকসকলকো আকর্ষিত কৰি আহিছে৷ আজিৰ এই সন্মিলনত অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্রমৰ ৰাষ্ট্রীয় অধ্যক্ষ ৰামচন্দ্র খাৰাডী, অনুসূচিত জনজাতি আয়োগৰ ৰাষ্ট্রীয় অধ্যক্ষ হর্ষ চৌহান আৰু ডত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন জনজাতি সংগঠনৰ বহুসংখ্যক প্রতিনিধি ডপস্থিত থাকে৷

You might also like