নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জল পৰিবহণ’ৰ চূড়ান্ত গাফিলতিঃ এবছৰে ফুলদানি হৈ ৰ’ল ৰ’পেক্স

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ নিমাতীঘাট ট্রেজেডীৰ পাছতেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতা, হেমাহি, গাফিলতিৰ নতুন নতুন তথ্য নিতৌ উন্মোচিত হৈ আহিছে৷ যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীলৈ সুচল আৰু নিৰাপদ যাত্রাৰ বাবে এবছৰ পূর্বেই ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্রাধিকাৰীৰ পৰা অনা হৈছিল দুখনকৈ অত্যাধুনিক ৰ’পেক্স জাহাজ৷ কিন্তু ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যোৱা এটা বছৰে কার্যতঃ নিমাতীঘাটত ফুলদানি কৰি সজাই ৰাখিলে অত্যাধুনিক ৰ’পেক্স দুখন৷ যোৱা ৮ ছেপ্ঢেম্বৰত নিমাতীঘাটত ব্রহ্মপুত্রৰ বুকুত দুখনকৈ ফেৰীৰ মুখামুখি সংঘর্ষৰ ঘটনাৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশত অৱশেষত আৰম্ভ হ’ল সেই ৰ’পেক্স সেৱা৷

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক গৌতম দাসে জানিবলৈ দিয়া মতে, পুৱা ৯ বজাত আৰু বিয়লি ৩ বজাত নিমাতীঘাট আৰু মাজুলীৰ অফলামুখৰ মাজত সেই ৰ’পেক্স সেৱা আৰম্ভ কৰা হৈছে৷ একোখন জাহাজত একে সময়তে ২০০ যাত্রী কঢ়িওৱাৰ লগতে ট্রাককে ধৰি ৬–৭খন সৰু বাহন কঢ়িয়াব পাৰে এই ৰ’পেক্সে৷ নিমাতীঘাটৰ পৰা অফলামুখ পাওঁতে ৰ’পেক্সখনৰ সময় দুঘণ্টা ১৫ মিনিট লগাৰ বিপৰীতে অফলামুখৰ পৰা নিমাতীঘাট পাওঁতে ৪৫ মিনিটৰ পৰা এঘণ্টা সময়ৰ প্রয়োজন হয়৷ বিগত এবছৰে পৰিত্যক্ত অৱস্থাত অত্যাধুনিক জাহাজ দুখন পৰি থকাৰ প্রসংগত তেওঁ কয় যে ঘাটত চপাওঁতে হোৱা অসুবিধাৰ বাবেই জাহাজ দুখন চলাব পৰা হোৱা নাছিল৷

শেহতীয়াকৈ জাহাজখনৰ ৰেম্পৰ এটা অংশ কাটি নতুন ৰূপত সজাই ঘাটত চপোৱাৰ ব্যৱস্থা কৰা হৈছে৷ সেই অনুসৰি এতিয়া ৰ’পেক্সৰ চলাচল আৰম্ভ হৈছে৷ সঞ্চালক দাসৰ এই ভাষ্যতেই এটা কথা স্পষ্ট হৈছে– সামান্য কিছু সংশোধনীৰ অভাৱতেই অত্যাধুনিক জাহাজ দুখন আজি এটা বছৰে নিমাতীঘাটত পৰিত্যক্ত হৈ আছিল৷ ইয়াতেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোৰ দায়বদ্ধতাৰ বাস্তৱ চিত্রখন উন্মোচিত হৈছে৷ আজিৰ পৰা এটা বছৰ পূর্বেই জাহাজ দুখনত সেই সংশোধনীৰ ব্যৱস্থা কৰিলে নিমাতীঘাট ট্রেজেডীৰ ঘটনাই সংঘটিত নহ’লহেঁতেন৷ আনহাতে, ৰ’পেক্সৰ চলাচল আৰম্ভ কৰাৰ প্রাক্মুহূর্তত জাহাজঘাটৰ অব্যৱস্থাৰ প্রতিচ্ছবি এখনো কালি নিশা পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক গৌতম দাসৰ সন্মুখতে উন্মোচিত হয়৷ আজি নিমাতীঘাটৰ পৰা মাজুলীলৈ যাত্রা কৰিবলগীয়া ৰ’পেক্সখন কালি নিশা ঘাটত চপোৱাৰ ব্যৱস্থা কৰা হয়৷ বিভাগটোৱে আজিলৈকে ঘাটটো অত্যাধুনিক ৰূপত নির্মাণ নকৰাৰ বাবে ৰ’পেক্সখন চপোৱাত যথেষ্ট অসুবিধা হয়৷

ইফালে, নিমাতীঘাট–মাজুলীৰ মাজত ৰ’পেক্স সেৱা আৰম্ভ হৈছে যদিও এই সেৱাৰ স্থায়িত্বক লৈও নানা প্রশ্ণ উত্থাপন হৈছে বিভাগটোৰ ভিতৰে–বাহিৰে৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এক সূত্রই সদৰী কৰা অনুসৰি অত্যাধুনিক ৰ’পেক্স দুখন হৈছে ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্রাধিকাৰীৰ৷ নিয়ম অনুসৰি ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্রাধিকাৰীৰ সৈতে হ’বলগীয়া বুজাবুজিৰ চুক্তি এতিয়াও অসমৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰে সম্পন্ন হোৱা নাই৷ নিমাতীঘাট কাণ্ডৰ পাছত শেহতীয়াকৈ বিভাগে গুৱাহাটীস্থিত ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্রাধিকাৰীৰ কর্মচাৰী নি ৰ’পেক্স দুখন চলোৱাৰ ব্যৱস্থা কৰিছে৷ কিন্তু বুজাবুজিৰ চুক্তি নোহোৱাকৈ কিমান দিনলৈ এই ব্যৱস্থাৰে সেৱা অব্যাহত ৰাখিব নে নিমাতীঘাট কাণ্ড জনসাধাৰণৰ স্মৃতিৰ পৰা আঁতৰাৰ লগে লগে পুনৰ ৰ’পেক্স সেৱা পৰিত্যক্ত হ’ব সেয়াও চিন্তনীয় হৈ পৰিছে৷ মূলতঃ এক বিশেষ চক্রই নিমাতীঘাট–মাজুলীৰ ফেৰী সেৱা ব্যৱস্থা তদাৰকী কৰি অহাৰ বাবেই ৰাইজৰ মাজত সেই সন্দেহ অধিক ঘনীভূত হৈছে৷

অভিযোগ অনুসৰি ৰাজ্যৰ বিজেপিৰ এজন শীর্ষ নেতাৰ অতি ঘনিষ্ঠ ৰূপে পৰিচিত যোৰহাটৰ বৰা উপাধিৰ এজন ব্যৱসায়ী, যিজন অগপৰ পৰা বিজেপিত যোগদান কৰা, সেইজন ব্যক্তিৰ আছে নিমাতীঘাট–মাজুলীৰ মাজত চলাচল কৰা ব্যক্তিগত ফেৰী–নাৱৰ ব্যৱসায়৷ তেওঁৰ ব্যৱসায়িক লাভালাভৰ স্বার্থতেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নিজা জাহাজ চলাচলৰ সময়সূচীও বছৰৰ পাছত বছৰ ধৰি বিসংগতিপূর্ণভাৱে চলি আহিছে৷ আনকি একেই কাৰণতে এবছৰ ধৰি ৰ’পেক্স দুখনৰো চলাচলৰ ব্যৱস্থা কৰা হোৱা নাছিল৷ ইমানেই নহয়, তেওঁৰ এই ব্যৱসায়ত যাতে যতি নপৰে, তাৰ বাবে আজিলৈকে নিমাতীঘাটেই হওক বা অফলামুখকে ধৰি মাজুলীৰ ঘাটসমূহো ডাঙৰ জাহাজ ৰখাব পৰাকৈ আন্তঃগাঁথনি প্রস্তুত কৰা নাই৷ নিমাতীঘাট ট্রেজেডীৰ পাছতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে আজিৰ তাৰিখতো নিমাতীমুখত বাহৰ পাতি থকা পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে বিভাগটোত চলি অহা সেই অনিয়ম, দুর্নীতিসমূহ নিৰাময়ৰ লগতে ব্যক্তিগত ব্যৱসায়ীৰ কবলৰ পৰা বিভাগটোক কেনেদৰে উদ্ধাৰ কৰে সেয়াহে অনাগত দিনত লক্ষণীয় হ’ব৷

You might also like