নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ এইবাৰ যোগী চৰকাৰৰ বিজ্ঞাপনক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। ২০১৭ চনৰ পৰা উত্তৰ প্ৰদেশৰ উন্নয়নত যোগী আদিত্যনাথে কৰা কামৰ ওপৰত আলোকপাত কৰিবলৈ এক বিজ্ঞাপন দিয়া হৈছিল। সেই বিজ্ঞাপনটোক লৈ এতিয়া সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে চৰ্চা। কিয়নো তৃণমূল কংগ্ৰেছে দাবী কৰিছে যে বিজ্ঞাপনটোত ব্যৱহৃত উৰণীয়া সেঁতুৰ ছবিখন কলকাতাৰ ‘মা’ ফ্লাইঅভাৰৰ। আনকি কলকাতাৰ চাৰিওফালে থকা ডাঙৰ অট্টালিকাৰ ছবিও ব্যৱহাৰ কৰা হৈছে সেই বিজ্ঞাপনত।
তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ইতিমধ্যে বিজ্ঞাপনটোৰ এখন ফটোৰ সৈতে টুইট কৰি লিখিছে- “যোগী আদিত্যনাথৰ বাবে উত্তৰ প্ৰদেশৰ উন্নয়নৰ অৰ্থ হৈছে মমতা বেনাৰ্জীৰ বংগৰ উন্নয়নৰ ছবি চুৰি কৰা আৰু সেই ছবিখন নিজে কৰা কাম বুলি প্ৰচাৰ চলোৱা।”
ইপিনে তৃণমূলৰ এই দাবীৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কি প্ৰতিক্ৰিয়া হয় সেয়া হ’ব লক্ষণীয়।
Transforming UP for @myogiadityanath means stealing images from infrastructure seen in Bengal under @MamataOfficial‘s leadership and using them as his own!
Looks like the ‘DOUBLE ENGINE MODEL’ has MISERABLY FAILED in BJP’s strongest state and now stands EXPOSED for all! https://t.co/h9OlnhmGPw
— Abhishek Banerjee (@abhishekaitc) September 12, 2021