‘কেইবা সহস্রাধিক’, ‘বহু লক্ষাধিক’…
এসময়ৰ ‘অসমীয়া’ নামৰ শুৱলা ভাষাটো তীব্র গতিত এটা দোৱানলৈ, অর্থাৎ, সুনির্দিষ্ট নিয়ম–বিধিবিশিষ্ট ব্যাকৰণ আৰু অভিধানবিহীন, তথা যাৰে যেনেকৈয়ে মন যায়, সিয়েই তেনেকৈয়ে ক’ব পৰাৰ ‘স্বাধীনতা’ থকা এক অবিকশিত, অপৰিপুষ্ট খেচেৰা শব্দসমষ্টিলৈ পর্য্যবসিত হৈ গৈ আছে৷ বৃহৎসংখ্যক অসমীয়াভাষী মানুহক বাৰী ভূতে কিলাইছে সিসৱৰ গাত বীৰাই লম্ভিছে৷
দশকৰ পাছত দশক জুৰি, অসমীয়া মানুহে নিজৰ মাতৃ ভাষাটোৰ বেলিকা সংঘটিত কৰি অহা অপৰাধসদৃশ অলেখ মাৰাত্মক ভুল–ত্রুটী আঙুলিয়াই দিয়াৰ উপৰি সিবোৰৰ উৎস বা কাৰণসমূহ তথা সিবোৰৰ বিপৰীতে, শুদ্ধ ৰূপসমূহো উদাহৰণসহ দেখুৱাই দি আহিছোঁ৷ বহু ক্ষেত্রত অসংখ্য লোকে তেনে ভুলবোৰ বিসর্জন দি শুদ্ধ ৰূপবোৰ আদৰি ল’লেও, আজিকোপতি কোনো এখন চৰকাৰে ক্ষমতাধিষ্ঠিত কিম্বা বিৰোধী কোনো ৰাজনৈতিক দলে কোনো ‘জাতীয় সংগঠন’–এ, কোনো এখনো বিশ্ববিদ্যালয়ে কোনো বিদ্যায়তনিক/শৈক্ষিক অনুষ্ঠান–প্রতিষ্ঠান– কোনো গ্রন্থকাৰ তথা গ্রন্থ প্রকাশন গোষ্ঠীয়ে কোনো ‘সহ্য কৰা নহ’ব’পন্থী জুমুঠি দাহ গোটে ছপা শাখা তথা বৈদ্যুতিন শাখাৰ কোনো এটা সংবাদ প্রতিষ্ঠানে,– এনে অপৰাধমূলক ভুলবোৰ দূৰ কৰাৰ অর্থে নাওমান গুৰুত্ব সহকাৰে চিন্তা–চর্চা কৰা বা কিবা পদক্ষেপ গ্রহণত আগভাগ লোৱাটোতো দূৰৰে কথা, বৰং, অনেকেই প্রাকে–প্রকাৰান্তৰে সিবিলাকৰ ব্যাপক প্রসাৰত সাৰ–পানী যোগাই সিবিলাকৰ পৃষ্ঠপোষকতাহে কৰি আহিছে৷ অনেক স্বনামধন্য লিখকৰ লেখাত আকৌ ‘পদক্ষেপ হাতত লোৱা’ও পোৱা যায়৷
প্রিয় পাঠক, আজি আপোনাসৱক, বিগত বহু বছৰৰ আগৰেপৰা, লেখ–জোখহীন অসমীয়া মানুহৰ জিভা আৰু কলমৰ আগত বাৰুকৈয়ে লম্ভা, টোপা–খহু সদৃশ এটা ব্যাধিৰ কথাকে কওঁ দিয়ক৷ ক’ৰবাত কিবা কাৰণ বা উদ্দেশ্যত সমৱেত হোৱা হওক কিম্বা অন্য প্রকাৰে হওক শ্রোতা–দর্শক ৰূপে হওক বা অন্য ৰূপে হওক গোট খোৱা বা থকা মানুহ,– ডাঙৰ, সৰু, ল’ৰা–ছোৱালী, ছাত্র–ছাত্রী, জীৱ–জন্তু, সৈন্য–সামন্ত, চোৰ–ডকাইত টকা–পইচা চুৰি হোৱা বস্তু বা সা–সম্পত্তিৰ মূল্য জব্দ হোৱা নিচাযুক্ত দ্রৱ্য (ড্রাগ্য্)ৰ বিত্তীয় মূল্য সংঘর্ষ বা দুর্ঘটনাত আহত কিম্বা নিহত মানুহ কিম্বা অন্য কিবা প্রাণী,– মুঠৰ ওপৰত, যিয়েয় হওক, সিবোৰৰ মোটামুটি সংখ্যা, শ, হাজাৰ (বা সহস্র), লাখ আদিতকৈ বেছি হ’লে, কোৱা বা লিখা যায় (মানে, ক’ব বা লিখিব লাগে কিন্তু নকয়, নিলিখে) শতাধিক, হাজাৰোধিক/সহস্রাধিক, লক্ষাধিক ইত্যাদি৷ আৰু, যদি সেই শ, সহস্র, লাখ আদি সংখ্যাগত সংজ্ঞাৰ বস্তুবোৰ এটা এককতকৈ বেছি হয়, তেতিয়া সেইবোৰ হ’ব পাৰে পাঁচ শতাধিক, দহ সহস্রাধিক, সাত লক্ষাধিক আদি ইত্যাদি৷ কিন্তু যদি কোৱা হয় বা লিখা হয় (‘যদি’ নহয় দস্তুৰমত হয়েই অহর্নিশে হাজাৰ হাজাৰজনে পাইকাৰী হাৰত কৈ কৈ কর্ণপটহ বিদীর্ণ কৰিয়েই আছে লিখি লিখি চকুত হুলে বিন্ধাদি বিন্ধিয়েই আছে) যে,– ‘প্রায় পাঁচ শতাধিক’, ‘প্রায় দহ সহস্রাধিক’, ‘প্রায় সাত লক্ষাধিক’, তেনে হ’লে, সিবোৰৰ অর্থ কি? আচলতে কিমান? মই অংক বা গণিতৰ কথা কোৱা নাই৷ গাণিতিকভাৱে সংখ্যাবোৰ শুদ্ধ বা ভুল হোৱাটো এটা সুকীয়া কথা৷ ৰাজনীতি বা সংবাদ জগতৰ বা আন যি কোনো ক্ষেত্রৰ কথা হ’লে, কওঁতা বা লিখোঁতাৰ ৰাজনৈতিক/সাংবাদিক প্রতিদ্বন্দ্বীসকলে মুখ চুপতি মাৰি থাকিব৷ মই ভাষাৰ কথাহে কৈছোঁ৷
পাঠক, ধৰি লওক, আপুনিয়েই কৈছে যে অমুক বা তমুক বিদ্যালয়ত পাঁচশ বা পাঁচ শতাধিক ছাত্র–ছাত্রী আছে৷ তাৰ মানে, আপুনি জানে যে বিদ্যালয়খনত পাঁচশ বা পাঁচশতকৈ কিছু বেছি ছাত্র–ছাত্রী আছে৷ কিন্তু যদি আপুনি কয় যে বিদ্যালয়খনৰ ছাত্র–ছাত্রী ‘প্রায় পাঁচ শতাধিক’, তেনে হ’লে, তাৰপৰা কোনে কি বুজিব? মই কি বুজিম? ‘প্রায় পাঁচশ’ৰ অর্থ হ’ল,– ছাত্র–ছাত্রী পাঁচশ নহয়৷ তেনে হ’লে কিমান? ৪৮৯? ৪৯২, ৪৯৭? তেনে হ’লে, তাকেনো নকয় কিয়? কিন্তু আপুনি যেতিয়া নিজেই নিশ্চিত যে মুঠ ছাত্র–ছাত্রী পাঁচশজন নহয়, পাঁচশৰ ওচৰা–উচৰিহে, অথচ প্রকৃততে কিমান, সেইটোও নাজানে বা নকয়, তেন্তে আপুনি কিহৰ ভিত্তিত কয় বা ক’লে যে বিদ্যালয়খনৰ মুঠ ছাত্র–ছাত্রী ‘প্রায় পাঁচ শতাধিক’? ৪৮৯ জনতকৈ, নে, ৪৯২ জনতকৈ, নে ৪৯৭ জনতকৈ অধিক? এইবোৰ কেনেকুৱা জংঘলী ‘অসমীয়া’ প্রকাশশৈলী?
বেছিভাগ বাকচ সাংবাদিকৰে মুখত সততে শুনা যায়– ‘কেইবা সহস্রাধিক’, ‘বহু লক্ষাধিক’ আদি উদ্ভট শব্দ সমষ্টি এইবোৰৰ অর্থ–পদার্থ, ‘মাথা–মুণ্ড’ কিবা আছেনে? প্রথমতে লোৱা হওক– ‘কেইবা সহস্রাধিক’ অমুকটো বা তমুকটো মুঠতে কেই সহস্র, আপুনি সেই বিষয়েই নিশ্চিত নহয়৷ তেন্তে কেই সহস্রতকৈ বা কেই হাজাৰতকৈ অধিক? অর্থাৎ, কথাটো এনেকুৱা নেকি? প্রথমতে সেই অমুকটো বা তমুকটোৰ এক সহস্রতকৈ বেছি এটা গোট তাৰ পাছত, তেনে আন এক সহস্রতকৈ কিছু বেছি আৰু এটা গোট তাৰ পাছত আৰু এক সহস্রাধিক পাছে, আৰু এক সহস্রাধিক তাতে যোগ দিয়ক আৰু এক সহস্রাধিক এনেদৰে জাপি গৈ থাকক, লাদি গৈ থাকক এটা সহস্রাধিকৰ ওপৰত আৰু একোটাকৈ, যিমান পাৰে, সিমান সহস্রাধিক বছ, হৈ গ’ল ‘কেইবা সহস্রাধিক’ সেই একেদৰে, ‘বহু লক্ষাধিক’ ঃ প্রথম এক লক্ষাধিকৰ লগত যোগ দিয়ক দ্বিতীয় এক লক্ষাধিক তাৰ পাছত তৃতীয় এক লক্ষাধিক তাৰ পাছে, চতুর্থ, পঞ্চম, ষষ্ঠ, সপ্তম আদি লক্ষাধিক বছ, নহ’লনে এতিয়া ‘বহু লক্ষাধিক’? হয়তোবা আপুনি এই বিষয়েও নিশ্চিত নহয় যে সেই অমুকটো বা তমুকটো, সংখ্যাগতভাবে মুঠতে এক লাখো হয়নে নহয়৷ অধিক কি, কেতিয়াবা কেতিয়াবা অনেক সাংবাদিকৰ মুখত এনে বাক্যৰত্নও শুনা যায় ঃ ‘বিশাল সভাখনত প্রায় তিনি লক্ষাধিকতকৈও বেছি লোক উপস্থিত থাকে’৷ এই বাক্যটোত কোনটো শব্দই কি অর্থ তথা তথ্য বহন কৰিছে? ৮ আগস্তত নিমাতীঘাটত ঘটা দুর্ঘটনা সন্দর্ভত পৰিৱেশিত ‘বাতৰি’ চাওক– ‘ফেৰীখনত আছিল প্রায় ডেৰ শতাধিক যাত্রী’৷ এইবোৰ দেখিলে, শুনিলে বুজা যায় যে বহু লোকৰ মন, ধাৰণা আৰু চেতনাত ‘শত’ আৰু ‘শতাধিক’–ৰ মাজত, ‘সহস্র’ আৰু ‘সহস্রাধিক’–ৰ মাজত তথা ‘লক্ষ’ আৰু লক্ষাধিক’–ৰ মাজত একো পার্থক্য নাই প্রতি দুয়োটাৰে একেই অর্থ হাঃ হাঃ হাঃ৷
বাকচবোৰ আৰু বাতৰি কাকতবোৰত একোজন মুখ্য সম্পাদক বা সম্পাদকৰ উপৰি বিভিন্ন বর্গ, সংজ্ঞা তথা পদমর্য্যাদাৰ ভালেকেইগৰাকীকৈ সম্পাদক থাকে৷ বছৰদিয়েক পূর্বে, এটা বাকচৰ এক বিশেষ পদমর্য্যাদাৰ এগৰাকী বেছ জ্যেষ্ঠ সম্পাদকে নিজেই বাতৰি পৰিৱেশন কৰি থাকোঁতে, এটা সময়ত এটা বিশেষ ঘটনাৰ বাতৰি দিবলগীয়া হ’ল, য’ত তেখেতে শ্রোতা–দর্শকক কিবা এটা বিশেষ সন্দর্ভত, মানুহৰ সংখ্যাৰ কথা ক’বলগীয়া হ’ল৷ গাণিতিক বা পৰিসংখ্যাগতভাবে সংখ্যা একোটা ভুল হোৱা বা শুদ্ধ হোৱাটো এটা সুকীয়া বিষয়, সেই কথা আগেয়েই কৈছোঁ৷ কিন্তু সিদিনাৰ বাতৰিত সেই নির্দিষ্ট ঘটনাটোৰ লগত জড়িত সংখ্যাটোৰ বিষয়ে তেখেতৰ শ্রী মুখৰ পৰা নির্গত তেখেতৰ মাতৃ ভাষা শুনক৷ সেই নির্দিষ্ট বাতৰিটো, আৰম্ভণিৰে পৰা, মোটামুটিভাবে বেছ খৰকৈয়ে পঢ়ি গৈ গৈ, সেই বিশেষ সংখ্যাটো উল্লেখ কৰিবৰ সময় আহি পৰিলত, মচোৱা সাপ এডাল হঠাৎ আগেদি পাৰ হৈ যোৱা যেন দেখাৰ দৰে, তেখেত তভক মাৰি ৰ’ল৷ তাৰ পাছত, পোৰা গৰৈ মাছটোৰ দৰে, কিছু সময় ঠৰঙা লাগি থাকি, তেখেতে উচ্চাৰিলে– ‘সংখ্যা প্রায় বহুত’৷ ‘বহুত’ এটা অনির্দিষ্ট কথা৷ ভিন্ ভিন্ লোকৰ বাবে, ইয়াৰ পৰিমাণগত বা সংখ্যাগত ধাৰণাও ভিন্ ভিন্ ঃ কাৰোবাৰ বাবে হয়তো পঁচিশ আন কাৰোবাৰ বাবে, চাৰি লাখ৷ ‘বহুত’– এনেয়েই ইমান অনির্দিষ্ট৷ তাতে আকৌ ঃ ‘প্রায় বহুত’ বুজক যি বুজে
বহুবাৰ কৈছোঁ যে ‘প্রায়’ আৰু ‘মান’,– এই দুয়োটা শব্দ সমার্থক৷ দুয়োটাৰে অর্থ হ’ল, সময়, দূৰত্ব, সংখ্যা আদি বহু বিষয়ত,– ‘ওচৰা–উচৰি’৷ এতেকে, একেটা প্রসংগত একেটা অর্থ বুজাবলৈ একেটা বাক্যতে ‘প্রায়’ আৰু ‘মান’ দুয়োটা শব্দৰ ব্যৱহাৰ ভুল এটা অপ্রয়োজনীয় দ্বিৰুক্তি৷ কিন্তু, বেছিভাগ লোকে, প্রায় সকলো প্রসংগতে, নিতান্ত অনাৱশ্যকীয়কৈ একেটা কথাকে বুজাবলৈ, এই দুয়োটা সমার্থক শব্দ একেলগে ব্যৱহাৰ কৰে৷ যেনে ঃ প্রশ্ণ– ‘আপুনি ইয়াত থকা কিমান বছৰ হ’ল’? উত্তৰ– ‘প্রায় দহ বছৰমান হৈছে’৷ নহয় ভুল৷ হয়– ‘প্রায় দহ বছৰ’, নহয়/ অথবা– ‘দহ বছৰমান’ (হ’ল/হৈছে)৷ দিনদিয়েক পূর্বে, মাটি সম্পর্কীয় কিবা এটা বাতৰিত আমাসৱৰ ‘গুহেটী’ৰ প্রায়কেউটা বাকচে কৈও থাকিল, লিখিও থাকিল বোলে ‘প্রায় আঠ বিঘা মান মাটি’ নহয় ভুল৷ হয়,– ‘প্রায় আঠ বিঘা’ নহ’লে,– ‘আঠ বিঘা মান’৷ উল্লিখিত অপ্রয়োজনীয় দ্বিৰুক্তিবোৰ– ‘হাত কৰযোৰ’, ‘এতিয়া বর্তমান’, ‘মূৰৰ শিতান’, ‘ভৰিৰ পথান’, ‘ভৰিৰে গচকা’, ‘ল’ৰালি কাল’, ‘ধাননি পথাৰ’, ‘ফুলনি বাৰী’, ‘শাকনি বাৰী’ আদিৰ দৰেই, গৰিষ্ঠসংখ্যক অসমীয়া মানুহৰ গাত লম্ভা এটা দুৰাৰোগ্য ব্যাধি৷ বাকচটো খুলিয়েই দিনে–ৰাতিয়ে সেইসোপাকে শুনি মন আৰু ‘মগজু’ত ভৰাই লোৱা কণ কণ ল’ৰা–ছোৱালীহঁতে নিজেও সেইসোপাকে ওকালি নাথাকি ‘কিডাল’ ওকালিব? মই ভাবি ভাবি পাৰ নাপাওঁ,– সেই ‘পেটচলা ইসূকল’ৰেপৰা, একেবাৰে ‘বিদ্যাৰ জাহাজ’বোৰলৈকে, বিভিন্ন বর্গৰ ‘মাষ্টৰ’ maaSHtor!)সৱে বাৰু কি শিকায়? ১৯১৭ চনত শিৱসাগৰত পদ্মনাথ গোহাঞি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্রথম অধিৱেশন৷ আন একো নহ’লেও, অন্ততঃ খকা–খুন্দা, ঠেলিয়া–ঠেলি, গতিয়া–গতিৰ কথা (হাতীত উঠা) ওলালেই মনত পৰে, ২০১৭ চনত সেই শিৱসাগৰতে ছেদেলি–ভেদেলিকৈ ঘটা, সভাৰ শতবর্ষীয় দ্বন্দোৎসৱৰ কথা৷ ১০৪ বছৰ ছমাহ বয়স হ’ল৷ সেইখনেনো বাৰু এতিয়া কি কৰি আছে, হয়নে? এনে ধৰণৰ কোনো কোনো ‘জাতীয় অনুষ্ঠান’ৰ বিয়াগোম কর্মকর্তাৰ মুখতো শুনিছোঁ– ‘প্রায় অর্ধশতাধিক’ অর্ধশতেক মানে হৈছে এশৰ আধা, অর্থাৎ পঞ্চাশ (৫০)৷ এতেকে কোনোবাই ‘প্রায় অর্ধশতেক’ বুলিলে বাৰু বুজিব পাৰোঁ যে, হয়তো, ৪৫, ৪৭ বা তেনে কিবা এটা৷ কিন্তু ‘প্রায় অর্ধশতাধিক’ বুলিলে কি বুজিব লাগিব? ৪৫, ৪৭ বা ৪৮–তকৈ অধিক? তেনে হ’লে, অর্থাৎ ইমানলৈকে যদি নিশ্চিত, তেন্তে, পোনে পোনে,– ৪৯– বুলিনো কৈ নিদিয়ে কিয়? নে, কিবা আওপকীয়া ‘যুক্তি’ৰে এনেকৈ বুজাবলৈ বিচাৰিব নেকি যে পঞ্চাশতকৈ ‘অলপ’ বেছি? মানে ৫৩, ৫৪ তেনে কিবা এটা? সেই কাৰণেহে প্রায়ে সুধি থাকোঁ, বোলোঁ,– অসমীয়া ভাষাটো দিনে দিনে ক’লৈ গৈ আছে?
শতকৰা ৯৫ ভাগমান অসমীয়া মানুহে ‘নূ্যনতম’ শব্দটো উচ্চাৰণ কৰিব নোৱাৰে কৰে– ‘নুইন্নতম’ বুলি৷ তেনেকৈয়ে অনেকে বা–বাতৰি শুনাই আছে৷ ঐওন্ত, ঐধ্বৈক্ষ্য, ঐধ্বাপক, ঐন্ন্যাইন্ন, অৱৈচ্ছে, ঐন্ন্যাই, বৈন্ন প্রাণী আদি, সততে কাণ সুৰসুৰাই থকা ‘শব্দ’৷ ‘ধন্যৱাদ’টোক বোলে ‘ধৈন্নবাদ’, ‘সামঞ্জস্য’–ক বোলে ‘সামজৈন্স/ঞ্চ’৷ লাখ লাখজনে য়–কাৰ ()ডালক বোলে ‘য–কাৰ’, অনেকেই বোলে ‘য’–কাৰ’৷ কোনো কোনো লোকে মোক ফৌন্ কৰি সোধে– ‘ছাৰ, এটা কথা মন কৰিছেনে?’ মই বোলোঁ– ‘এটা নহয় হাজাৰ হাজাৰ কথা মন কৰিছোঁ আপুনি বা কোনটোৰ কথা কৈছে’ ‘নহয়, মানে ছাৰ, আজিকালি যে বহুত মানুহে ‘গৌৰৱান্বিত’–টো ‘গৌৰান্বিত’ বুলি কয়’– ‘ঁ কৰিছোঁ পিচে, মোক কিয় ক’লে?’ ‘নহয়, মানে ছাৰ, কেতিয়াবা লিখিবচোন’৷ মই বোলোঁ,– ‘হেৰি শুনক, দৈনিক হাজাৰ হাজাৰ খাৰখোৱাই এনেকুৱা হাজাৰ হাজাৰ ভুল কৰি আছে৷ কিমান লিখি থাকিম? মোক দুই–আঢ়ৈ ঘণ্টাও শুবলৈ নিদিয়েনে? মাকৰ গাখীৰ খোৱা কেঁচুৱাই যে গাখীৰ ‘ছাদে’, তেনেকৈ ছাদি কৰে বুলি ধর্ব দ’ক৷ সদায় ভেজাল গাখীৰ বা ভেজাল ঘিউ খাই থকা মানুহে এদিন হঠাৎ বিশুদ্ধ গাখীৰ বা ঘিউ খাই দিলে, পেটৰ অসুখ হৈ যাব পাৰে৷’
এতিয়া শুনো আহক আমাসৱৰ জনদিয়েক দৌতা–ডাঙৰীয়াৰ শ্রীমুখৰ বাইক৷ পূর্বৰ ‘মাথাউৰি’ মন্ত্রী, বর্তমান স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই, যোৱা ৯ আগস্তত এখন সংবাদ মেলতSOP–ৰ বার্তা দিওঁতে শুনিলোঁ ‘যোৱা কালি’ (গত কাল) আৰু ‘অহা কালি’ (আগামী কাল)ৰ পাইকাৰী ‘ইস্তে’মাল’ অধিকন্তু ‘বাৰটা (বাৰ) বজাত’ আৰু ‘সিধান্ত’ (সিদ্ধান্ত) যুক্তাক্ষৰ থাকিলেই অলেখ অসমীয়াৰ মহা মস্কিল৷ মন্ত্রী মহোদয়েMask (মাস্ক্)ক বুলিলে ‘মাক্স্’POSITIVITY RATE (ৰেইট্–হাৰ)ৰ বতৰা দিওঁতেRATE–ক বুলিলে ‘ৰেট্’ RAT?–এন্দুৰ?)৷ আৰু শুনিলোঁ ঃINTERDISTIC (DISTRICT) এইবোৰ বাৰু ইংৰাজী শব্দ৷ পিচে, ১৩ মাহ টিকি থকা দ্বিতীয়খন ৱাজপেয়ী চৰকাৰৰ কার্য্যকালত এখেত আকৌ এগৰাকী সাংসদো আছিল৷ এইবাৰ শুনক, প্রাক্তন মন্ত্রী, বর্তমান বিধায়ক তথা অসম ভাজপাৰ অধ্যক্ষ ভৱেশ কলিতাৰ মুখৰ ‘অসমীয়া’৷ প্রসংগ ঃ বৰাক–ব্রহ্মপুত্র–প্ প্রাক্তন মুখ্য মন্ত্রী, বর্তমান কেন্দ্রীয় মন্ত্রী, সর্বানন্দ সোণোৱালৰ ‘আশীর্ৱাদ যাত্রা’ৰ ‘জানকাৰি’৷ শুনক– ‘সেইদিনা সোণোৱালে গুৱাহাটীত থাকিব’ সোণোৱালে থাকিব, নে, সোণোৱাল থাকিব? ‘–তেখেতে যোৰহাটলৈ যাব’ যাবৰ দিনা, যোৰহাটলৈ তেখেতে গ’ল, নে, তেখেত গ’ল বা ‘ৰাতিটো তেখেতে (উস্) কাজিৰঙাত থাকিব’ কাজিৰঙাত কোন থাকিল বা, তেখেত, নে, তেখেতে? ‘তাৰ পাছত সোণোৱালে ডিব্রুগড়লৈ যাব’ হওঁতে, যোৱাটো হয় পিচে, সোণোৱালে গ’ল, নে, সোণোৱাল গ’ল? এয়া হৈছে অসমীয়া ভাষাত প্রত্যয়ৰ দশা অৱশ্যে, কথাখিনি কওঁতে কলিতাৰ মুখমণ্ডলত দেখা গৈছিল বেছ আত্মপ্রত্যয়৷ চূর্ণাকৃত ৰাজ্য ভাষা (তথা মাতৃ ভাষা)সহ জাতি–মাটি–ভেটি ৰক্ষাৰ কথা আছেতো
পুচ্ছপট ঃ ‘হোল্ফাছ্’– ৰাজমিস্ত্রি, কাঠ মিস্ত্রি, পানী মিস্ত্রি, বিদ্যুৎ মিস্ত্রি, যোগালি, দিন হাজিৰা শ্রমিক, সংশ্লিষ্ট সামগ্রী আদিৰ দোকানী ইত্যাদিৰ বেছিভাগৰে মুখত শুনা বেছিভাগ সামগ্রীৰ নামবোৰ, শুনোতাৰ চকু অমৰাগুটীয়া কৰাকৈ আশ্চর্যকৰ আৰু আমোদজনক৷ কথাষাৰ মই মুঠেও একো নেতিবাচক ভাবেৰে কোৱা নাই৷ আনুষ্ঠানিক শিক্ষাৰপৰা বঞ্চিত লোকৰ বেলিকা এইটো নিতান্ত স্বাভাৱিক৷ ৩৬/৩৭ বছৰ হৈ গ’ল মই (গুৱাহাটীৰ) সুন্দৰপুৰত নিজা ঘৰটো সজোৱা সময়ৰ কথা৷ বেছ সুন্দৰ অসমীয়া কোৱা, প্রে’মচান্দ্ নামৰ (‘গো দান’–ৰ গ্রন্থকাৰৰ সৈতে একে বুলি তেওঁৰ লগত মোৰ চেনেহীয়ে বেছ ধেমালি কৰিছিল) বিহাৰী ঠিকাদাৰ–মিস্ত্রিজনে এদিন মোক, কেইটামান নির্মাণ সামগ্রীৰ ফৰমাইছ দিলে৷ মই হাতত কাগজ–কলম লৈ, তেওঁক, বস্তুবোৰৰ নাম, সংখ্যা, পৰিমাণ আদি কৈ যাবলৈ ক’লোঁ৷ প্রে’মচান্দে কৈ গ’ল৷ মাজতে এটা বস্তুৰ নাম শুনি মই উচাপ খাই উঠিলোঁ ঃ ‘হোল্ফাছ্ ষাঠিডাল’৷ মঞি মূঢ়মতিয়ে বোলোঁ– ‘হোল্ফাছ্ এইটো কি বস্তুহে, প্রে’মচান্দ্’? প্রে’মে বোলে– ‘এঃ হোল্ফাছ্ বুলিয়ে কয় দিয়ক, ছাৰ দোকানীয়ে বুজি পাব’৷ কথাটো হয়ও উচ্চাৰণ, আখৰৰ কিচিম যিয়েয় নহওক, হা(ৰ্)ড্ৱে’(ৰ্) দোকানীয়ে ঠিকেই বুজি পায়৷ দৰৱৰ দোকানীয়ে চিকিৎসকৰ ব্যৱস্থা–পত্র বুজি পোৱাৰ দৰে৷ সেইবোৰো একো একোবিধ বেলেগ সাহিত্যৰ জগত৷ গোমস্তাই উলিয়াই দিয়া এডাল ‘হোল্ফাছ্’ হাতত লৈ বুজিলোঁ,– কাঠৰ দুৱাৰৰ চৌকাঠ আৰু ইটাৰ বেৰ, এই দুয়োটাই ইটোৱে সিটোক এৰাব নোৱৰা প্রেমৰ বান্ধোনেৰে টানকৈ খামোচ মাৰি ধৰি থাকিবৰ বাবে, ‘হোল্ফাছ্’ হ’ল, ফেৰেঙণি থকা এবিধ লোহাৰ সৰঞ্জাম৷ খন্তেক তভক মাৰি (‘মাথা মাৰি’?) আৱিষ্কাৰ কৰিলোঁ,– অ’, তাৰ মানে–TO HOLD FAST! বস্তুটো হ’ল–HOLD-FAST (হৌল্ড্–ফাস্ত্)৷ গোমস্তাজনক ক’লোঁ– ‘হেৰা, দিয়াঁহে ষাঠিডাল ‘হোল্ফাছ্’৷ দোকানীয়ে বোলে– ‘ছাৰ, বহক৷ ঐ, চাহ আন’