নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষামন্ত্রী ডাঃ পেগুৰ ঘোষণাঃ ছেপ্টেম্বৰতে আৰম্ভ হ’ব দশম–একাদশ শ্রেণীৰো পাঠদান

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ উচ্চতৰ মাধ্যমিক–স্নাতক–স্নাতকোত্তৰ শ্রেণীৰ চূড়ান্ত বর্ষৰ পাঠদান শিক্ষানুষ্ঠানসমূহত আৰম্ভ হোৱাৰ পিছত এই মাহতেই দশম আৰু একাদশ শ্রেণীৰো পাঠদান আৰম্ভ হ’ব বুলি প্রকাশ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই প্রত্যাশিত ভাল খবৰটো ব্যক্ত কৰি মন্ত্রী ডাঃ পেগুৱে কয় যে এতিয়া আৰু অনলাইন ক্লাছ নহয়৷ শ্রেণীসমূহ লাহে লাহে খোলা হ’ব৷ এই মাহতেই দশম আৰু একাদশ শ্রেণীৰ পাঠদান আৰম্ভ কৰা হ’ব৷ অহা বুধ, বৃহস্পতিবাৰৰ পিছত ভাল খবৰটো পাব৷ পৰৱর্তী কেবিনেটত এই বিষয়টো আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰা হ’ব৷

উল্লেখ্য যে যোৱা এপ্রিল মাহৰ মাজভাগৰ পৰা ৰাজ্যখনত আৰম্ভ হোৱা ক’ভিডৰ দ্বিতীয় ঢ়ৌৰ পৰিপ্রেক্ষিতত যোৱা আগষ্ট মাহলৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পাঠদান সম্পূর্ণৰূপে বন্ধ হৈ আছিল৷ শেহতীয়াকৈ ৰাজ্যখনত ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ পৰিপ্রেক্ষিতত চৰকাৰে যোৱা এক ছেপ্টেম্বৰৰ পৰা আন্তঃজিলা যাতায়াত ব্যৱস্থা মুকলি কৰাৰ লগতে পূর্বৰ বাধ্যবাধকতাসমূহ যথেষ্ট শিথিল কৰি দিয়ে৷ আনকি যোৱা ৬ ছেপ্টেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিক–স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বর্ষৰ শ্রেণীসমূহৰ পাঠদান প্রক্রিয়াও শিক্ষানুষ্ঠানত আৰম্ভ কৰে৷ এতিয়া পৰৱর্তী পদক্ষেপ হিচাপে এই মাহতেই চৰকাৰে দশম আৰু একাদশ শ্রেণীৰ পাঠদান শিক্ষানুষ্ঠানত আৰম্ভ কৰিব বুলি শিক্ষামন্ত্রী ডাঃ পেগুৱে কৰা মন্তব্যত ছাত্র–ছাত্রী, অভিভাৱকসকলৰ লগতে শিক্ষকসকলো উৎসাহিত হৈ পৰিছে৷

ইপিনে, বৰাক উপত্যকাত অসমীয়া মাধ্যমৰ বিদ্যালয় বিলুপ্তি হ’ব বুলি একাংশ প্রচাৰ মাধ্যম (‘নিয়মীয়া বার্তা’ নহয়)ত প্রচাৰিত বাতৰি খণ্ডন কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে অসম চৰকাৰে তেনেধৰণৰ কোনো প্রস্তাৱ বা পৰিকল্পনা লোৱা নাই৷ বৰাক উপত্যকাত অসমীয়া মাধ্যমৰ ১৫খন নিম্ন প্রাথমিক, ৪খন উচ্চ প্রাথমিক আৰু এখন হাইস্কুল আছে৷ অসমীয়া মাধ্যমৰ সেই বিদ্যালয়সমূহৰ দুখন বিদ্যালয়ে একত্রিত কৰাৰ প্রস্তাৱহে লোৱা হৈছে, সিদ্ধান্ত এতিয়াও লোৱা নাই৷ তদুপৰি দুটা বেলেগ মাধ্যমৰ বিদ্যালয় কেতিয়াও একত্রিত কৰা নহয়৷ সেয়ে বৰাক উপত্যকাত অসমীয়া মাধ্যমৰ বিদ্যালয় বিলুপ্ত হ’ব বুলি যি প্রচাৰ কৰা হৈছে, সেয়া সত্য নহয় বুলি মন্ত্রী ডাঃ পেগুৱে স্পষ্ট কৰি দিয়ে৷
১ অক্টোবৰৰ পৰা বিশেষ মেট্রিক পৰীক্ষা
বিকল্প মূল্যায়ন পদ্ধতিৰে মেট্রিক আৰু হাইমাদ্রাছাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত পুনৰ পৰীক্ষাত বহিবলৈ আগ্রহ প্রকাশ কৰা শিক্ষার্থীৰ বাবে অনুষ্ঠিত হ’ব বিশেষ মেট্রিক পৰীক্ষা৷ অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)–এ  প্রকাশ কৰা সূচী অনুসৰি অহা ১ অক্টোবৰৰ পৰা এই বিশেষ মেট্রিক পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ এই পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ সূচী অনুসৰি ১ অক্টোবৰত ইংৰাজী, ৪ অক্টোবৰত সাধাৰণ গণিত, ৬ অক্টোবৰত সাধাৰণ বিজ্ঞান, ৮ অক্টোবৰত সমাজ বিজ্ঞান, ৯ অক্টোবৰত ঐচ্ছিক বিষয় আৰু ১১ অক্টোবৰত আধুনিক অসমীয়া ভাষাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু বিয়লি ডেৰ বজাৰ পৰা ৪.৩০ বজালৈ দুটা শাখাত এই পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷
১১৩খন হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণত অনুমতি
বিকল্প মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰা ফলাফলত উত্তীর্ণৰ হাৰ বৃদ্ধি পোৱাৰ বাবে আসনৰ অভাৱ পূৰণ কৰিবলৈ ৰাজ্যৰ ১১৩খন হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণত ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে অনুমতি দিছে৷ অৱশ্যে এই বিদ্যালয়সমূহ উন্নীতকৰণ হ’লেও এতিয়া নতুন পদ সৃষ্টি কৰা নহ’ব৷ এই বিদ্যালয়সমূহত অতিৰিক্তভাৱে দুটা শ্রেণীকোঠা থাকিব লাগিব৷

You might also like