নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ ক’ভিড চিকিৎসাৰ ক্ষেত্রত আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্রীয় ফ্ল’ৰেঞ্চ নাইটিংগেল বঁটা লাভ কৰিছে অসমৰ এগৰাকী নার্ছে৷ মহেন্দ্র মোহন চৌধুৰী হাস্পতালৰ নার্ছ ৰজিলা ৰয়ক প্রদান কৰা হৈছে এই সন্মান৷ বুধবাৰে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে এক ভার্চুৱেল অনুষ্ঠানৰ জৰিয়তে ৰয়ক এই সন্মান প্রদান কৰে৷ এই বঁটাত আছে পদক, মানপত্র আৰু ৫০ হাজাৰ টকা৷ ৰজিলা ৰয়ৰ লগতে দেশৰ মুঠ ৫১গৰাকী নার্ছলৈ এই সন্মান আগবঢ়োৱা হৈছে৷
ইফালে, ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ বুধবাৰে ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৪৪৪গৰাকী লোক৷ আক্রান্ত লোকসকলৰ ভিতৰত সর্বাধিক ৯৪গৰাকী কামৰূপ মহানগৰ জিলাৰ৷ ক’ভিডত বুধবাৰে আঠজন লোকৰ মৃত্যু ঘটিছে৷ মুঠ ৬১,৬৪২টা নমুনাৰ পৰীক্ষা বুধবাৰে সম্পন্ন কৰা হয়৷ আক্রান্তৰ হাৰ হৈছে ০.৭২ শতাংশ৷ আনহাতে, ৰাজ্যত ক’ভিডৰ টিকাকৰণ প্রক্রিয়া অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগে৷ অহা ১৭ ছেপ্টেম্বৰত ক’ভিড টিকাকৰণৰ বিশাল অভিযানৰ জৰিয়তে আঠ লাখ লোকক ভেকচিন প্রদানৰ লক্ষ্য বান্ধি লৈছে৷ ইয়াৰ বাবে ৰাজ্যজুৰি চাৰি হাজাৰ ভেকচিন কেন্দ্র স্থাপন কৰা হ’ব৷ প্রতিটো ভেকচিন কেন্দ্রত ২০০জনকৈ লোকক ভেকচিন প্রদানৰ লক্ষ্য বান্ধি লোৱা হৈছে৷
১৭ ছেপ্টেম্বৰত প্রদান কৰিবলগীয়া আঠ লাখ লোকৰ ভিতৰত দুই লাখক প্রথম পালি আৰু ৬ লাখ লোকক দ্বিতীয় পালি ভেকচিন প্রদান কৰিবলৈ লক্ষ্য বান্ধি লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ এই ক’ভিড টিকাকৰণৰ বিশাল অভিযানৰ যাৱতীয় প্রস্তুতি আৰু পৰিকল্পনাৰ বুজ লোৱাৰ লগতে অভিযান সফল কৰি তোলাৰ বাবে আজি জিলাসমূহৰ উপায়ুক্তৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷
এই বৈঠকত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে যোৱা ২১ জুনৰ পৰা ২৩ জুনলৈ অনুষ্ঠিত কৰা ব্যাপক টিকাকৰণ অভিযানত প্রায় ৯.৭৫ লাখ লোকক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ এতিয়া সেইসকল লোকৰ দ্বিতীয় পালি ভেকচিন লোৱাৰ সময় আহিছে৷ সেয়েহে প্রতিগৰাকী লোক আগবাঢ়ি আহি যাতে ভেকচিন গ্রহণ কৰে, তাৰ বাবে ব্যাপক সজাগতামূলক কার্যসূচী গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ তেওঁ কয়– ‘ৰাজ্যত দুর্গাপূজাকে ধৰি আগন্তুক বিভিন্ন উৎসৱৰ সময়ছোৱাৰ পূর্বেই অধিকসংখ্যক লোকক যাতে ক’ভিড ভেকচিনৰ দ্বাৰা সামৰি ল’ব পৰা যায়, তাৰ বাবে ব্যাপক তৎপৰতাৰে কর্মক্ষেত্রত সংশ্লিষ্ট সকলোৱে নামি পৰিব লাগিব৷ যোৱা ২১ৰ পৰা ২৩ জুনলৈ টিকাকৰণ কার্যসূচী অনুষ্ঠিত হোৱা কেন্দ্রসমূহতে ১৭ ছেপ্ঢেম্বৰত দ্বিতীয় পালি ভেকচিন প্রদান কৰা হ’ব৷ আশাকর্মী, এ এন এম আদিকে ধৰি স্বাস্থ্যকর্মীসকলে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব৷’
উক্ত অভিযান কালত জিলাসমূহৰ অভিভাৱক মন্ত্রী তথা অভিভাৱক সচিবসকলে সংশ্লিষ্ট জিলাসমূহত অৱস্থান কৰি সমগ্র কার্যব্যৱস্থা তদাৰক কৰিব৷ বিশেষকৈ ভেকচিন প্রদানৰ হাৰ কম হৈ থকা অঞ্চলসমূহত অধিক গুৰুত্ব প্রদান কৰিবলৈও মুখ্যমন্ত্রীয়ে বিষয়াসকলক নির্দেশ দিয়ে৷ আজিৰ বৈঠকত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, কৃষিমন্ত্রী অতুল বৰা, পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাস, বনমন্ত্রী পৰিমল শুক্লবৈদ্য, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, হস্ততাঁত আৰু বস্ত্রশিল্প মন্ত্রী উর্খাও গৌৰা ব্রহ্ম, চাহ জনজাতি কল্যাণ মন্ত্রী সঞ্জয় কিষাণ, জলসিঞ্চন মন্ত্রী অশোক সিংঘল, মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷