কোকৰাঝাৰৰ আৰক্ষী-উগ্ৰপন্থীৰ সংঘৰ্ষৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত ঢালিগাঁৱত ৰুদ্ধদ্বাৰ বৈঠক
নিয়মীয়া বাৰ্তা,২২ ছেপ্টেম্বৰ: যোৱা ১৮ ছেপ্টেম্বৰত কোকৰাঝাৰ জিলাৰ লুংছুং বনাঞ্চলত আৰক্ষী আৰু সদ্য আত্মপ্ৰকাশ কৰা ইউ এল বি নামৰ অখ্যাত উগ্ৰপন্থী সংগঠনৰ মাজত সংঘটিত গুলীয়া-গুলীত দুজন ব্যক্তি নিহত হোৱা ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আজি ঢালিগাঁৱত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু বিভিন্ন পক্ষৰ এক ৰূদ্ধদ্বাৰ বৈঠক অনুস্থিত হয়। বঙাইগাঁও শোধনাগাৰৰ মানস অতিথিশালাত অনুষ্ঠিত বৈঠকত বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, এন ডি এফ বিৰ আটাইকেইটা গোটৰ শীৰ্ষ নেতৃত্ব আৰু বিৰোধী দল বি পি এফৰ হৈ খাম্ফা বৰগয়াৰীৰ পৃথকে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান ক্ৰমে হীৰেণ নাথ,জি পি সিং আৰু এল আৰ বিষ্ণয়ৰ মাজত আলোচনা অনুষ্ঠিত হয়।আলোচনাৰ পিছত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বিপিএফ নেতা খাম্ফা বৰগয়াৰীয়ে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত আলোচনা সম্পৰ্কে কিছু কথা ব্যক্ত কৰে।
ইউপিপিএল দলৰ সভাপতি তথা বৰ্তমানৰ বিটিআৰ প্ৰধান জনে কয় যে শান্তিৰ পৰিৱেশ ঘূৰি অহা বিটিআৰ অঞ্চলত কোনো এজন যুৱক-যুৱতীৰ অবাঞ্ছিত মৃত্যুৰ কামনা নকৰে। তেদৰে ৰাজনৈতিক লাভালাভৰ বাবে কোনো এজন যুৱক যুৱতীক হাতত অস্ত্ৰ তুলিল’বলৈ বিদ্ৰোহ কৰাৰ নামত নিজৰ জীৱন আৰু পৰিয়ালক বিপদাপন্ন কৰাৰ উপৰিও সমাজত অশান্তি সৃষ্টি নকৰিবলৈ সকলো পক্ষকে আহ্বান জনায়। প্ৰমোদ বড়োই নৱ প্ৰজন্মৰ যুৱক যুৱতী সকলক সমাজৰ উন্নয়ণ আৰু প্ৰগতিৰ বাবে চিকিৎসক,অভিযন্তা, প্ৰৱক্তা আদি হ’বলৈ আহ্বান জনায়। শান্তিৰ পৰিৱেশ ঘূৰি অহা বিটিআৰৰ পৰিৱেশ বিনষ্ট কৰিব বিচৰা সকলক সতৰ্ক কৰি দিয়াৰ লগতে যিদৰে ভুৱা সংঘৰ্ষৰ বিৰোধিতা কৰো,তেনেদৰে ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ মন গ’লেই হাতত অস্ত্ৰ তুলি লৈ জংঘলত আত্মগোপন কৰা সকলকো সমৰ্থন নকৰে বুলি দৃঢ়তাৰে মন্তব্য কৰে। প্ৰমোদ বড়োই এন এল এফ বিৰ পাছত নতুনকৈ ইউ এল বি নামৰ অখ্যাত উগ্ৰপন্থী সংগঠনৰ জন্মৰ আঁৰত ৰাজনৈতিক পৃষ্ঠপোষকতা থকাৰো তেওঁ সন্দেহ প্ৰকাশ কৰে। উই এল বিত যোগদান কৰা যুৱক সকলক অস্ত্ৰ ত্যাগ কৰি ঘূৰি অহাৰ বাবে তেওঁ আহ্বান জনায়। আনহাতে কালি কোকৰাঝাৰৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত একাংশই কৰা দাদাগিৰী তথা উদ্ভান্দলী কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি মন্তব্য কৰে। শান্তি শৃংখলা বজাই ৰাখিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কোকৰাঝাৰ সংঘৰ্ষৰ উচিত তথা নিৰপেক্ষ তদন্ত কৰি প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনায়।
আনহাতে বিপিএফ দলৰ অন্যতম শীৰ্ষ নেতা খাম্ফা বৰগয়াৰীয়ে বিটিচিৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে তেওঁ আজি অসম আৰক্ষীৰ শীৰ্ষ বিষয়াত্ৰয়ক সাক্ষাৎ কৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত খাম্ফা বৰগয়াৰীয়ে কয় যে, কোনো উগ্ৰপন্থী সংগঠনে ৰাজনৈতিক পৃষ্ঠপোষকতাত দীৰ্ঘ সময় ধৰি তিকি থাকিব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এন ডি এফ বিৰ ফালৰ পৰা আজিৰ ৰূদ্ধদ্বাৰ বৈঠক সম্পৰ্কে বিশেষ একো তথ্য প্ৰকাশ কৰা নাই। ইয়াৰ বিপৰীতে জিলা সদৰ কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত ভুৱা সংঘৰ্ষ বন্ধ কৰাৰ দাবীত দুঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শতাধিক এবছু সদস্যই প্ৰতিবাদী ধৰ্মঘট অংশগ্ৰহণ কৰি ‘ইউ ৱান্ট জাষ্টিচ, ভুৱা সংঘৰ্ষ বন্ধ কৰক,আমাক উচিত বিচাৰ লাগে’ ইত্যাদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। দিনৰ ১১ বজাত আৰম্ভ কৰা প্ৰতিবাদী ধৰ্মঘট তথা ধৰ্ণা কাৰ্যসূচী বিয়লি ১বজাত সামৰণি পৰে।