৩০ নৱেম্বৰৰ ভিতৰত তাই আহোম উন্নয়ন পৰিষদলৈ ১২৫ কোটি
নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ ৰাজ্যখনৰ তাই আহোম আৰু মটক সম্প্রদায়ৰ বিভিন্ন সংগঠনৰ প্রতিনিধিৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে সুকীয়া সুকীয়াকৈ দুখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সদৌ তাই আহোম ছাত্র সন্থা, তাই আহোম যুৱ পৰিষদ, পূর্বাঞ্চল তাই সাহিত্য সভা, সদৌ অসম আহোম সভা, মহন দেওধাই বাইলুং সন্মিলনৰ প্রতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই তাই ভাষাটো জনপ্রিয়কৰণ কৰাৰ লগতে বর্তাই ৰখাৰ বাবে ৰাজ্য চৰকাৰে তাই ভাষা শিক্ষণ কেন্দ্র এটা স্থাপন কৰিব বুলি প্রকাশ কৰে৷ ৰাজ্যখনত ট্রাইবেল বেল্ট আৰু ব্লকসমূহত আহোমসকলক সংৰক্ষিত শ্রেণীৰ মর্যাদা প্রদান কৰা হ’ব বুলিও কয়৷
সেইদৰে যোৰহাটত থকা চুকাফা সমন্বয় ক্ষেত্রক পর্যটনৰ এক উল্লেখযোগ্য স্থান হিচাপে ৰূপান্তৰিত কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ সকলো কাম দুবছৰৰ ভিতৰত সম্পূর্ণ কৰা হ’ব৷ একেদৰে শিৱসাগৰৰ জয়সাগৰত এটা তাই সংগ্রহালয় আৰু ৰংঘৰ চৌহদত জয়মতী সংগ্রহালয় স্থাপন কৰা হ’ব৷ অসম দর্শন আঁচনিৰ অধীনত আহোমসকলৰ উপাসনা থলীসমূহ সংৰক্ষণ আৰু সংবর্ধন কৰাৰ লগতে জনতা ভৱনত চুকাফাৰ এটা প্রতিমূর্তি স্থাপন কৰা হ’ব বুলি কয়৷ উক্ত বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই তাই আহোম উন্নয়ন পৰিষদলৈ প্রদান কৰিবলগীয়া ১২৫ কোটি টকা এই বর্ষৰ ৩০ নৱেম্বৰৰ ভিতৰত মোকলাই দিয়া হ’ব বুলি প্রকাশ কৰে৷ সম্প্রদায়টোৰ কমকৈ জ্ঞাত ঐতিহাসিক স্থান তথা সমলসমূহৰ সংৰক্ষণৰ বাবে এই পুঁজি ব্যৱহাৰ কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায়৷ স্বর্গদেউ চুকাফা বিশ্ববিদ্যালয় স্থাপনৰ প্রস্তাৱটো চৰকাৰে ইতিবাচক দিশেৰে বিবেচনা কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রতিনিধিসকলক অৱগত কৰে৷ তাইসকলক জনজাতিকৰণৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই তাই আহোম সম্প্রদায়ৰ সংগঠনসমূহৰ লগত ট্রাইবেল সংঘৰ প্রতিনিধিৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনায়, যাতে বিষয়সমূহৰ সমাধান সূত্র উলিয়াই আগবাঢ়িব পৰা যায়৷
বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ সকলো খিলঞ্জীয়া সম্প্রদায়ক একত্রিত হৈ থকাৰ প্রয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি কয় যে প্রব্রজনকাৰীসকল পৰা চুকাফাৰ অসমখনক তেতিয়াহে সুৰক্ষিত কৰিব পৰা যাব৷ আজিৰ এই বৈঠকখনত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত থাকে৷
আনহাতে মুখ্যমন্ত্রী ড০ শর্মাই দেওবাৰে মটক সম্প্রদায়ৰ বিভিন্ন সংগঠনৰ প্রতিনিধিৰ সৈতে আন এখন বৈঠকত মিলিত হয়৷ মটক স্বায়ত্তশাসিত পৰিষদ, সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ–ছাত্র সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদৰ প্রতিনিধিসকলৰ সৈতে হোৱা বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মটক সম্প্রদায়ৰ লোকসকললৈ অন্যান্য পিছপৰা শ্রেণীৰ প্রমাণ–পত্র প্রদান কৰাৰ দিশত সদৌ অসম মটক সন্মিলনীক সম্পূর্ণ কর্তৃত্ব প্রদান কৰা হ’ব৷ ৰাজ্যখনৰ বিভিন্ন শৈক্ষিক প্রতিষ্ঠানত মটক সম্প্রদায়ৰ আসন সংৰক্ষণ নির্ধাৰণ কৰাৰ বাবে বিভিন্ন বিভাগৰ মন্ত্রীসকলক সামৰি এখন সমিতি গঠন কৰা হ’ব৷ সম্প্রদায়টোৰ ভূমি সম্বন্ধীয় বিষয়সমূহ আলোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মিছন বসুন্ধৰাৰ অধীনত সময়সাপেক্ষ আৰু স্বচ্ছতাৰে এই বিষয়সমূহ নিষ্পত্তি কৰা হ’ব৷ ৰাজ্য চৰকাৰে মটক সম্প্রদায়লৈ জনজাতিৰ মর্যাদা প্রদানৰ অনুমোদন কেন্দ্রীয় চৰকাৰলৈ প্রেৰণৰ দিশত নীতিগতভাৱে সন্মতি প্রদান কৰিছে৷
ৰাজ্য চৰকাৰে মটক উন্নয়ন পৰিষদক শক্তিশালীকৰণৰ বাবে পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পৰিষদখনলৈ ২৫ কোটি টকা প্রদানৰ দায়বদ্ধতা অহা ৩০ নৱেম্বৰৰ ভিতৰত প্রদান কৰা হ’ব৷ এই পুঁজি ব্যৱহাৰ তথা প্রস্তাৱসমূহৰ ওপৰত ভিত্তি কৰি আৰু অধিক পুঁজি আগবঢ়োৱা হ’ব৷ গুৱাহাটীত মটক ভৱন নির্মাণৰ বাবে ভূমি প্রদান, মায়ামৰা সত্রক বেদখলৰ পৰা মুক্ত কৰা, সম্প্রদায়টোৰ ঐতিহাসিক স্থান আৰু সমল সংৰক্ষণ, ডিব্রুগড় বিশ্ববিদ্যালয়ত অনিৰুদ্ধ দেৱ আসন কার্যক্ষম কৰাৰ দিশত ৰাজ্য চৰকাৰে ক্ষিপ্রতাৰে পদক্ষেপ গ্রহণ কৰিব৷ মটক সম্প্রদায়ৰ সংগঠনসমূহক সম্প্রদায়টোৰ মাজত শৈক্ষিক পৰিৱেশ সৃষ্টি তথা মটক সম্প্রদায়ৰ শিক্ষিত যুৱক–যুৱতীসকলক্ সম্প্রদায়টোৰ সামূহিক উন্নয়নৰ দিশত ঐকান্তিকতাৰে কাম কৰাৰ বাবেও আজিৰ বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায়৷ বৈঠকখনত ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগু আৰু চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাও উপস্থিত থাকে৷