সন্দেহযুক্ত নাগৰিকেৰে ভৰিছে দিছপুৰ সমষ্টি
জলপথেৰে সোণাপুৰ–ডিমৰীয়া–হঁহৰালৈ আহিছে শ শ অচিনাক্ত লোক
নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ দৰং জিলাৰ গৰুখুঁটিত উচ্ছেদ আৰম্ভ হোৱাৰ পাছতে বেদখলকাৰীয়ে এইবাৰ খোদ ৰাজধানীৰ দাঁতিতে পুনৰ বেদখল আৰম্ভ কৰিছে৷ গৰুখুঁটিত উচ্ছেদ চলি থকাৰ কেইদিনৰ ভিতৰতে কামৰূপ মহানগৰ জিলাৰ অন্তর্গত ডিমৰীয়া, সোণাপুৰ আৰু হঁহৰা পঞ্চায়তৰ বিভিন্ন অঞ্চলত প্রৱেশ কৰিছে বহু সন্দেহজনক নাগৰিক৷– এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই৷ এই অভিযোগ উত্থাপন কৰি আনকি বিধায়কগৰাকীয়ে মহানগৰ জিলা উপায়ুক্তক এখন স্মাৰক–পত্র প্রদান কৰি বিহিত ব্যৱস্থা গ্রহণৰ দাবী জনাইছে৷
স্মাৰক–পত্রখনত বিধায়কগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে গৰুখুঁটিত শেহতীয়াকৈ উচ্ছেদ কার্য চলি থকাৰ পাছতে হাজাৰ হাজাৰ সন্দেহযুক্ত নাগৰিকে ডিমৰীয়া, সোণাপুৰৰ উপৰি হঁহৰা পঞ্চায়তৰ অন্তর্গত কচুতলী, পাৰঘুমা, বেলটিলা আদি অঞ্চলত সংগোপানে আহি নিশাটোৰ ভিতৰতে ঘৰ–দুৱাৰ সাজি বসবাস কৰিবলৈ লৈছে৷ এই সন্দেহযুক্ত লোকসকল কোনোদিনেই ইয়াৰ বাসিন্দা নাছিল৷ আকস্মিকভাৱে আহি থিতাপি লোৱা এই লোকসকল সম্প্রতি স্থানীয় খিলঞ্জীয়া লোকৰ বাবে একপ্রকাৰ ভাবুকি হৈ পৰিছে৷ সেয়ে স্মাৰক–পত্রৰ জৰিয়তে শীঘ্রে পুনৰ উচ্ছেদ কৰাৰ দাবী জনাইছে বিধায়কগৰাকীয়ে৷
ছিপাঝাৰৰ নির্দিষ্ট স্থানত উচ্ছেদ আৰম্ভ হোৱাৰ দিনটোৰ পৰা সোণাপুৰৰ এইসমূহ অঞ্চললৈ জলপথেৰে বৃহৎ বৃহৎ যন্ত্রচালিত নাৱেৰে যাত্রা কৰিছে সন্দেহজনক নাগৰিকসকলে৷ উচ্ছেদিত লোকসকলে এনেদৰে ব্রহ্মপুত্রৰে আহি পাছত কলং আৰু দিগাৰু নৈৰে দিনে–নিশাই ধাপলি মেলিছে সোণাপুৰৰ অঞ্চলসমূহলৈ৷ খোদ ৰাজধানীৰ দাঁতি–কাষৰীয়া ডিমৰীয়া–সোণাপুৰ অঞ্চল দ্বিতীয় গৰুখুঁটি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিধায়কগৰাকীৰ লগতে স্থানীয় ৰাইজে৷