নগৰৰ খোৱা পানী, জাবৰ, বজাৰ, নলা–নর্দমাঃ কি ভাবিছে, মন্ত্রী মহোদয় অশোক সিংঘল?
অসমৰ নগৰ পৰিক্রমা বিভাগৰ মাননীয় মন্ত্রী অশোক সিংঘলদেৱ, নমস্কাৰ গ্রহণ কৰিব৷ আপোনাৰ দায়িত্বত থকা বিভাগটোৰ সঠিক, আনুষ্ঠানিক নামটো ঠিক এই মুহূর্তত মোৰ ভালকৈ মনত নাই৷ দপ্তৰবোৰৰ নামবোৰ প্রায়ে সলনি কৰা হৈ থাকে৷ তৰুণ গগৈৰ প্রথমখন মন্ত্রী সভাত দেৱানন্দ কোঁৱৰ আছিল ৰাজ্যৰ সকলো নগৰ–চহৰৰ বাবে ‘পৌৰ প্রশাসন বিভাগ’–ৰ মন্ত্রী৷ কিন্তু এইটো জানো যে বর্তমান আপুনি, পূর্বৰ সোণোৱাল চৰকাৰৰ আমোলত মন্ত্রী সিদ্ধার্থ ভট্টাচার্য্যৰ দায়িত্বত থকা ‘গুৱাহাটী উন্নয়ন বিভাগ’ (জী ডী ডী), আৰু (অন্যান্য নগৰ–চহৰৰ বাবে) (তদানীন্তন ৰাজ্যিক) মন্ত্রী পীয়ূষ হাজৰিকাৰ দায়িত্বত থকা ‘নগৰ উন্নয়ন আৰু পৰিকল্পনা’, এই দুয়োটা (একত্রিত) দপ্তৰৰে মন্ত্রী৷ এতেকে, এতিয়া সমগ্র ৰাজ্যৰ সকলো নগৰ–মহানগৰৰ সমস্ত পৰিক্রমাৰ দায়িত্ব আপোনাৰ৷ আন কথাত, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণ (জী এ’ম্ ডী এ’) তথা ৰাজ্যৰ আটাই পৌৰ সভা আৰু নগৰ সমিতিৰ কাম–কাজৰ তদাৰকী আৰু নিয়ন্ত্রণ তথা সংশ্লিষ্ট নাগৰিকসকলক তেওঁলোকৰ ন্যায্য প্রাপ্য পৌৰ অধিকাৰ আৰু সেৱা–সুবিধা প্রদান কৰাটো আপোনাৰ কর্তব্য লগতে, তেওঁলোকক তেওঁলোকৰ নিজৰ দায়িত্ব আৰু কর্তব্যৰ বিষয়ে সচেতন কৰা আৰু যি কোনো অন্যায়, অনৈতিক আৰু বে’–আইনী কামৰ পৰা বিৰত ৰখাটোও আপোনাৰ কর্তব্য৷
অসমৰ বহু ঠাই নগৰ হৈছে যদিও, নামতহে৷ বেছিভাগতে নূ্যনতম নগৰীয়া সা–সুবিধাসমূহৰ বেছিভাগ নাই৷ বেছিভাগ নগৰেয় (‘হ’ ধাতুৰ ক্রিয়া ৰূপ উহ্য) গ্রাম্য চহৰ (ৰুৰ্ল্ টাউন্) বা নগৰীয়া গাঁও (অ(ৰ্)বন্ ৱিলিজ্)৷ এসময়ত ‘টাউন্ এণ্ড্ কাণ্ড্রি প্লেনিং’ বুলি এটা বিভাগ আছিল৷ সেইটোৱে কি কৰিছিল, নাজানো৷ এতিয়া সেইটোৰ নাম শুনা নাই৷ এতিয়া গাঁওবোৰৰ দায়িত্ব নিশ্চয় পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ যি কৰিছে, কৰি আছে৷ ৰাইজে দেখি আছে৷
মন্ত্রী মহোদয়, পানী প্রাণীৰ প্রাণ৷ এখন ৰাষ্ট্রৰ সকলো নাগৰিকক বিশুদ্ধ খোৱা পানীটোপাৰ যোগান ধৰাটো ৰাষ্ট্রৰ অন্যতম প্রধান কর্তব্য৷ অৱশ্যে, আমাৰ ‘ৰাজনৈতিক’ (হাঃ হাঃ হাঃ) দলবোৰৰ ৱৌট্ Vote)কেন্দ্রিক পাশাখেল অনুসাৰে, পূর্ব বংগ/ পূব পাকিস্তান/ বাংলাদেশৰপৰা জেওৰা ভাঙি দলে–বলে ভাৰতত সোমাই মাটি দখল কৰি খেতি–বাতি, নদী–বিল, চাকৰি–বাকৰি, ব্যৱসায়–বাণিজ্য, মাটিৰ পট্টা, চালকৰ অনুজ্ঞা পত্র, পেন্ কার্ড্ (‘পান্কার্ড্’ নহয় বাংলাত ইংৰাজী ‘পেন্’ শব্দটোPEN (পে’ন্–কলম) ৰূপে উচ্চাৰিত হয় হেতুকে,PAN–টো ‘প্যান’ ৰূপে লিখা হয়৷ কেঁতুৰিয়ে বোলে মোকো খা), আধাৰ কার্ড্, বিনামূলীয়া চাউল আদি সমস্ত জিনিছৰ ‘হাণ্ড্রে’ড্ পে’(ৰ্)ছে’ণ্ট্’ ন্যায্য হিতাধিকাৰী হিন্দু, মুছলমান, জৈন ‘ভাৰতীয় নাগৰিক’ হৈ পৰে হেতুকে, সিসৱকো পানীৰ যোগান ধৰিবলগীয়া হয় নহয়৷ গতিকে, গ্রামাঞ্চলৰ লোক, বিশেষতঃ খেতিয়কসকল, দেশৰ লাই খুঁটা হ’লেও, সিসৱক বিশুদ্ধ খোৱা বা অন্যান্য প্রকাৰৰ ব্যৱহার্য্য পানী যোগানৰ কথাটো, এতিয়াই দুঃখ, যন্ত্রণা, বেদনা আৰু হাঁহিৰ খোৰাক হৈয়ে আছে৷ নাৰকীয় অৱস্থা আটায়ে দেখিছে৷ অনেক ক্ষেত্রতে জল পান মানে বিষ পান৷ তথাপি, আমাৰ আজিৰ বিষয়বস্তু এইটো নোহোৱা হেতুকে গ্রামাঞ্চলৰ পানীৰ বিষয়টোত ইমানতে পানী এচলু ঢ়ালি ৰসতে নাম থ’লোঁ৷
সিংঘলদেউ, এখন স্বাধীন, সার্বভৌম গণতান্ত্রিক দেশৰ ৰাষ্ট্রীয় চৰকাৰে তথা সেই ৰাষ্ট্রৰে কোনো অংগ ৰাজ্যৰ জাতীয় চৰকাৰে, গাৰ চামৰাৰ ছালৰ স্বাধীনতা লাভৰ ৭৪ বছৰ ডেৰ মাহৰ পাছতো স্বয়ং নগৰাঞ্চলৰ বাসিন্দাসকলকে বিশুদ্ধ, স্বাস্থ্যসন্মত, ব্যৱহাৰযোগ্য পানীখিনি যথেষ্ট পৰিমাণে যোগান ধৰিব নোৱৰাটো, সংশ্লিষ্ট আটাইৰে বাবে লাজত নাক লুকুৱাবলগীয়া কথা৷ মোৰ জন্ম উজনি অসমৰ এখন তদানীন্তন গাঁৱলীয়া নগৰত হ’লেও, বিগত ৬০টা বছৰ মই গুৱাহাটীত আছোঁ৷ সভা–সমিতিত যোগদান তথা অন্যান্য হৰেক উদ্দেশ্যত মই অসমৰ অসংখ্য চহৰলৈ গৈছোঁ ক’ৰবাত ক’ৰবাত থাকিছোঁ দুই–তিনি দিন, আন ক’ৰবাত বেছ দীঘলীয়াকৈ৷ অনেকলৈ গৈছোঁ অনেকবাৰ৷ মই শুনিবলৈ পোৱা আৰু জনা মতে, আপোনাৰ ঘৰ হেনো নলবাৰীত পেছাত হেনো আপুনি এজন ‘নির্মাতা’– বিল্ডা(ৰ্)৷ পিচে, আপোনাৰ বিধান সভা সমষ্টি, শোণিতপুৰ (ইংৰাজীত হ’ব লাগিছিলShonitpur) জিলাৰ ঢ়েকিয়াজুলি৷ ২০১৬–’২১ কালত আপুনি আছিল বিধায়ক এইবাৰ, ২০২১–ত মন্ত্রী৷ ঢ়েকিয়াজুলি মহকুমাৰ সদৰ অর্থাৎ প্রশাসনীয় কেন্দ্র হ’ল ঢ়েকিয়াজুলি নগৰখন৷ মই নলবাৰী আৰু ঢ়েকিয়াজুলি দুয়ো ঠাইলৈকে গৈছোঁ৷ দুয়ো ঠাইতে খোৱা পানীৰ ব্যৱস্থা, আৰু অৱস্থা বাটৰ ওপৰত আৰু কাষত দুর্গন্ধময় জাবৰৰ পাহাৰ ৰাজপথত যান–বাহন আৰু হাট–বজাৰৰ জংঘলৰাজ পূতিগন্ধময় নলা–নর্দমা বৰষুণ হ’লে ওফন্দা পানীৰ বান,– এই সকলো দেখিছোঁ৷ মাথোন নলবাৰী আৰু ঢ়েকিয়াজুলিতে নহয়, যি চহৰলৈকে যেতিয়াই গৈছোঁ, য’তেই আছোঁ, তাতেই, ভিন্ ভিন্ সময়ত সেই সেই চহৰবোৰত ভিন্ ভিন্ প্রকৃতিৰ বিচিত্র ‘নয়নাভিৰাম’ ৰূপ দেখা পাইছোঁ৷ অধিক কি, আৱর্ত ভৱন, ডাক বঙলা, বিভিন্ন বিভাগৰ পৰিদর্শন বঙলা, অতিথিশালা,– এই সমস্ততো পানী যোগান, বিজুলী যোগান আদিকে ধৰি সকলোৰে অৱস্থা, ব্যৱস্থা আৰু স্বৰূপ দেখা পাইছোঁ৷ এইবোৰত দলীয় খিয়লা–খিয়লি কৰি, দলীয় চৰকাৰৰ কথাৰে পাৰস্পৰিক বোকা খেল খেলি লাভ নাই৷ লাহে লাহে ৰাইজে সকলো দলৰে স্বৰূপ চিনিছে৷ বহু ঠাইৰ বহু কথা লিখিছোঁ৷ ২০১৭ চনৰ জেনুৱাৰি মাহৰ শেষৰফালে এখন সভাৰ বাবে নলবাৰীলৈ গৈ দুৰাতিমান থাকি ঘূৰি আহি, চহৰখনত যান–বাহনৰ চূড়ান্ত বিশৃংখলা, একাংশ চালকৰ গুণ্ডাগিৰি তথা প্রশাসন আৰু আৰক্ষীৰ নিষ্ক্রিয়তাৰ কথা অতি কঠোৰভাৱে লিখাৰ দুদিনমান পাছত এদিন বাকচৰ পর্দাত দেখিলোঁ– ৰিক্সা, অট’ৰিক্সা, ঠেলা গাড়ী, বাইক্, সূকটা(ৰ্), ম’ট(ৰ্) গাড়ী আদিৰ চালকৰ বিৰুদ্ধে, লাঠীধাৰী আৰক্ষীৰ ‘কঠোৰ পদক্ষেপ’৷ নলবাৰীৰ দুই–চাৰিজনে মোলৈ ফৌনো কৰিলে কোনোৱে ক’লে– ‘ছাৰ, এইবাৰ শেনৰ এজাত, ধন্যবাদ’৷ পিচে, দিনদিয়েক পাছত পুনর্মুষিক
প্রতিখন চহৰৰে পানী যোগান আৰু অন্যান্য পৌৰ সেৱা ব্যৱস্থাৰ কথা সুকীয়া সুকীয়াকৈ কোৱাৰ আৱশ্যকো নাই আৰু তাৰ বাবে ঠায়ো নাই৷ গুৱাহাটী, ৰাজ্যৰ ৰাজধানী তথা সমগ্র উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ৷ স্বাভাৱিকতে ইয়াত সকলো সা–সুবিধা যথেষ্টকৈ প্রদান কৰি ইয়াক জাকতজিলিকা কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা হয়৷ প্রায় স্বতঃসিদ্ধ কথা যে প্রায় সকলো ক্ষেত্রতে আন চহৰসমূহৰ অৱস্থা নিম্নতৰ কিছুমানত অধম৷ এতেকে, গুৱাহাটীৰ কাহিনীয়েই ক’ব ৰাজ্যৰ আন আটাই নগৰ–চহৰৰ কাহিনী৷ পানীৰ কথা৷ আজিপর্য্যন্ত, ৰাজ্যৰ ৰাজধানীখনৰ কৰদাতা নাগৰিকসকলৰ বাবে বিশুদ্ধ আৰু পর্য্যাপ্ত পৰিমাণৰ খোৱা পানীৰ যোগান হৈ নুঠিল৷ পাণবজাৰ, উজানবজাৰ, চেনিকুঠি, চানমাৰি, পল্টনবজাৰ, ফাঁচীবজাৰ, ভৰলুমুখ, শান্তিপুৰ আদি কৰি পুৰণা গুৱাহাটীৰ যিবোৰ এলেকাত প্রথমে গুৱাহাটী পৌৰ সভাই আৰু পাছত গুৱাহাটী পৌৰ নিগমে পানীৰ যোগান ধৰিছিল, সেইবোৰত এতিয়াও নিগমেই যোগান ধৰি আছে৷ নিগমৰ পানী, ‘পানীকল’–ৰ সাতপুখুৰী প্রকল্প আৰু পাণবজাৰৰ চৌবাচাৰ যোগে দুয়োবেলা যোগান ধৰা হয় যদিও, সেয়াও নিয়মিত নহয়৷ গ্রাহক–ৰাইজৰ অভিযোগৰ অন্ত নাই৷ কেতিয়াবা চৌবাচাত ফাট মেলা হেতুকে আৰু চৌবাচা প্রায়ে বহুদিন ধৰি ভালকৈ পৰিষ্কাৰ নকৰাকৈ ৰখা হেতুকে শেলুৱৈ, পোক আৰু ভেকুলীৰো উৎপত্তি/জন্ম/আৱির্ভাৱ আদিৰ অভিযোগ এসময়ত আছিল বেছ প্রৱল৷ আনকি, মাজে–মাজে গ্রাহকৰ ঘৰৰ পানীৰ টেপেদি কেঁচু আদি ওলোৱাৰ বাতৰিও বৰ সেৰেঙা নাছিল৷ লগতে, ব্লীচিং পাউদাৰৰ গোন্ধযুক্ত, ঘোলা পানীৰ বতৰাও৷ আনহাতে, চৌর্য্য বৃত্তিৰ বহু লোকৰ দুষ্কার্য্য, আৰু প্রশাসনৰ কটকটীয়া ব্যৱস্থাৰ অভাৱত বহু ঠাইত, নিগমৰ ৰাজহুৱা পানী যোগান ব্যৱস্থাৰ নলীৰ বিব্ কক্বোৰ অন্তর্ধান হোৱাৰ ফলত প্রচুৰ পৰিমাণৰ পানীৰ অপচয় এসময়ত আছিল এক নিত্য নৈমিত্তিক পৰিক্রমা৷ এতিয়া কেনে, নাজানো৷
দক্ষিণ–পূব গুৱাহাটীস্থ ৰাজধানী প্রকল্প তথা চৌহদৰ দৌতা–ডাঙৰীয়াসকলৰ্ বাবে জন স্বাস্থ্য কাৰিকৰী বিভাগৰ যোগে অবিৰাম, নিৰন্তৰ পানী যোগান ব্যৱস্থাৰ বাদে, ৰাজধানী মহানগৰীৰ সমগ্র দক্ষিণ–পূব অঞ্চলটোত ৰাজহুৱা পানী যোগানৰ একো ব্যৱস্থা নাছিল৷ আটাই বাসিন্দাৰে নিজা নিজা কুঁৱা৷ মোৰ যদি ভুল হোৱা নাই, সম্ভৱতঃ ১৯৯২ চনত স্থাপন কৰা হৈছিল ‘অসম নগৰ পানী যোগান আৰু পয়ঃপ্রণালী পৰিষদ’ AUWSSBOARD)৷ তাৰ যোগে গুৱাহাটীৰ ৰাধাগোৱিন্দ বৰুৱা পথকে ধৰি পূব অঞ্চলৰ এটা ডাঙৰ এলেকাত পানী যোগানৰ বাবে পৰিষদৰ প্রথমটো মণ্ডল (ডিৱিয্ন্) স্থাপন কৰা হ’ল গুৱাহাটীত পাছলৈ যোৰহাট, শিলচৰ আৰু ধুবুৰীতো একোটাকৈ মণ্ডল৷ মুঠ এই চাৰিটা মণ্ডলৰ ভিতৰত সকলোতকৈ লাভদায়ক হৈ উঠি আহিছিল গুৱাহাটী মণ্ডলটো৷ তেনেতে আৱির্ভাৱ ঘটিল ‘গুৱাহাটী মহানগৰ খোৱাপানী আৰু পয়ঃপ্রণালী (নিষ্কাসন) পৰিষদ’, চমুকৈ ‘জল বৌর্ড’–ৰ৷ ২০১২ নে ২০১৩ চন কিমান মনত ৰাখিম আৰু স্বাভাৱিকতে জল বৌর্ডৰ চকু পৰিল গুৱাহাটী মণ্ডলৰ ওপৰত৷ লাগে সেইটো মণ্ডল নতুন অৱতাৰক৷ কিছু চিঞৰ–বাখৰ, প্রতিবাদ, নাগৰিক সভা হ’ল কিন্তু লাভ নহ’ল পালে লাভদায়ক সেইটো মণ্ডল ঃ গুৱাহাটী ডিৱিয্ন্৷ এতিয়া ‘জল বৌর্ড্ গুৱাহাটী ডিৱিয্ন্’৷ সেই ফেৰায়ে ‘পানী খুৱাই দিছে’ বাপ্পেকে পূর্বৰAUWSSB–ৰ হতভগীয়া পানী খাৱৈয়া (পীৱৈয়া?) গ্রাহকগণক৷ দুবেলা পানী যোগানৰ কথা বাদ দিয়ক পুৱাবেলাও ঘৰখনৰ বাবে প্রয়োজনীয় পানীখিনি দিব নোৱাৰে৷ দিয়াকণো গধূলিতে, কেতিয়াবা আবেলিতে শেষ, মানে ‘খত্ম্’৷ প্রায়ে সদায় অট’ৱেন্ চালকে বেচা পানী কিনিব লাগে৷ ক’ৰবাত কিবা এটা ডাঙৰ ৰহস্য তথা ষড়যন্ত্র আছে৷ জল বৌর্ডে যিকণ পানী দিয়ে, সেইকণো ইমান বোকাময় আৰু ঘোলা যে বাচন–বর্তন, কাপোৰ–কানি সকলোৱে মদৰুৱা ৰং ধৰে৷ বৌর্ডৰ সংশ্লিষ্ট লোকক ফৌন কৰিলে শুনিব ইটোৰ পাছত সিটো অজুহাত৷ ইফালে ক’ৱিডৰ কাৰণে ৰাজহুৱা প্রতিবাদী সভা–সমিতি একো নোহোৱাৰ পূর্ণ সুবিধা লৈ বৌর্ডে বিগত ডেৰ–দুবছৰত পানীৰ মাচুল প্রায় দুগুণ বৃদ্ধি কৰিলে৷ স্বয়ং গুৱাহাটীতে, ‘ব্যৱহার্য্য’ পানীটোপা যোগানৰ এনে অৱস্থাত, ৰাজ্যৰ সৰু–সুৰা চহৰবোৰৰ কথা বাদ, আনহে নালাগে, জিলা সদৰ আৰু মহকুমা সদৰবোৰৰে নাগৰিকসকলক বিশুদ্ধ আৰু পর্যাপ্ত পানী যোগানৰ বাবে আপুনি কি কৰিব, সেই বিষয়ে কিবা ভাবিছেনে মন্ত্রী মহোদয় সিংঘলদেউ? ময়লা নিষ্কাসনৰ বেলিকা জল বৌর্ডে কি কৰিব, সেইটো ভগৱন্ত বস্তুৱেহে জানে৷ ইফালে, শুনা মতে,AUWSSB–ৰ ধুবুৰী, শিলচৰ আৰু যোৰহাটৰ মণ্ডলকেইটা,– লেঙেৰিয়াই লেঙেৰিয়াই, হেলেক–পেলেক, ঘটং–মটংকৈ কোনোমতেহে জীয়াই আছে৷ অথচ, সৰগৰ নন্দন কাননত থকা ‘জন প্রতিনিধি’গণৰ মুখত ৰাইজৰ এনে হাজাৰটা সমস্যাৰ বিষয়ে ক’তো টু শব্দ এটাও নাই৷ সিসৱক লাগে মাথোঁ নির্বাচন, উপ–নির্বাচন৷
বহু কথা আছিল কিন্তু নহ’ব জঁপিয়াই জঁপিয়াই এৰি এৰি থৈ যাব লাগিব৷ ঠাইৰ নাটনিয়ে চুলিত ধৰি টানি আছে৷ জল বৌর্ডৰ আৱির্ভাৱৰ সমান্তৰালকৈ আৱির্ভূত হ’ল ধন যোগান প্রতিষ্ঠান, ‘জাইকা’,JNURM নির্মাণৰ ঠিকাদাৰী প্রতিষ্ঠান গেম্ন্ ইণ্ডিয়া আদি৷ জল বৌর্ডে বৃহত্তৰ গুৱাহাটীত পানী যোগানৰ বাবে উত্তৰ গুৱাহাটীকো ধৰি সৃষ্টি কৰিলে মুঠ চাৰিটা মণ্ডল Zone)৷ বিশেষ গুৰুত্ব দিয়া হ’ল, পাণ্ডু, মালিগাঁও, আদাবাৰী, জালুকবাৰী, আজাৰা, বৰঝাৰ আদি অঞ্চল সামৰি সৃষ্ট দক্ষিণ–পূব (ছাউথ্ ইস্ত্) গুৱাহাটী মণ্ডল৷ দীর্ঘদিন জুৰি, কাম সমাপ্ত নোহোৱাৰ ব্যাপক অভিযোগ৷ বাকীকেইটা মণ্ডলৰ কাম আৰম্ভ নোহোৱাৰে নিচিনা৷ হ’লেও, হেলেক নেচা হৈ–নেচা৷ সেই সময়ত গুঃ মঃ উঃ প্রাধিকৰণৰ অধ্যক্ষ আছিল পূর্বে ‘ছেইৱ্ Save) গুৱাহাটী, বিল্ড্ গুৱাহাটী’ৰ অধ্যক্ষ ধীৰেন বৰুৱা৷ ২০১৫ চনৰ ২৮ এপ্রিল তাৰিখে প্রাধিকৰণে এখন সভা পাতি, ৰাজহুৱা কথাত সততে সৰৱ (‘সোচ্চাৰ’ নহয়), প্রাক্তন বিধায়ক অজয় দত্ত আৰু মোক নিমন্ত্রণ কৰি নিছিল যিখন সভাত গোটাদিয়েক নির্মাণ প্রতিষ্ঠানৰ প্রতিনিধিও উপস্থিত আছিল৷ আমাক পাণ্ডু–মালিগাঁও অঞ্চলৰ কিছু পাহাৰীয়া ঠাইলৈ নি, পানীৰ ডাঙৰ নলী বহুওৱাৰ (পাইপ্ লেয়িং) কামো দেখুওৱা হৈছিল৷ প্রাধিকৰণৰ কার্য্যালয়লৈ উভতি অহাৰ পাছত অধ্যক্ষ বৰুৱাই আমাক কৈছিল যে সম্পূর্ণ দক্ষিণ–গুৱাহাটী মণ্ডলৰ সকলো গ্রাহকে সেই বছৰৰে (২০১৫) ১ ছে’প্ঢে’ম্বৰৰ পৰা পানী পাব৷ সিংঘলদেউ, এতিয়া অধ্যক্ষ আপুনি নিজেয় বৰুৱা আৰু অজয় দত্তৰ পৰা সত্যাসত্য নির্ণয় কৰিব পাৰে মই কোৱা এই কথাষাৰৰ৷ কিন্তু পানী যোগানৰ কাম আৰম্ভ হ’ল, যোৱা এবছৰমানৰ আগেয়েহে তাতো, ওখ ঠাইবোৰৰ বাসিন্দাই ভালকৈ নাপায়৷ উত্তৰ গুৱাহাটী প্রকল্পৰ কাম এতিয়াও শতকৰা ৪০ ভাগ মানহে হৈছে৷ তেনে স্থলত, আপুনি ভাবেনে যে আগন্তুক চাৰি বছৰ আঠ মাহত ৰাজ্যৰ সমগ্র নগৰাঞ্চলত আপোনাৰ বিভাগে বিশুদ্ধ তথা পর্য্যাপ্ত পৰিমাণৰ পানী যোগান ধৰিব পাৰিব?
মন্ত্রী মহোদয়, মই নিৰপেক্ষ মানুহ কোনো দলৰ অনুৰক্ত নহওঁ৷ সুদীর্ঘ কাল পর্য্যবেক্ষণৰ পাছত, বিশেষতঃ অসম সন্দর্ভত মই ভাবোঁ,– ‘কংগ্রে’ছেই দেশ খালে, কংগ্রে’ছক নেৰিবাঁ পালে’ (মাৰ–পিট কৰাৰ কথা কোৱা নাই আকৌ)৷ কিন্তু মই এইটোও ভাবোঁ যে কংগ্রে’ছৰ যিবোৰ কূট–কৌশল, সেইবোৰৰ অনেকৰে বেলিকা ভাৰতীয় জনতা পার্টী উৎকৃষ্টতাৱাদী (পে’(ৰ্)ফে’ক্শ্নিস্ত্)৷ আপোনালোকৰ যিগৰাকী শীর্ষ কেন্দ্রীয় নেতা, সেইগৰাকীয়ে যে মুঠেও একো কৰা নাই, তেনেকৈ ক’লে, মই মিছা কোৱা হ’ব নকওঁ৷ কিন্তু যিজনে ব্যাপক হাৰত কৈছিল– ‘আপোনালোকে কংগ্রে’ছক ৬০ বছৰ দিলে, মোক (আমাক) ৬০ মাহ দিয়ক, কি কৰোঁ দেখা পাব,’– সেইজনে ষাঠি মাহতো পালেই, ইতিমধ্যে আঠাশী (৮৮) মাহো পালে৷ পিচে, এই ৮৮ মাহত দেশৰ কিছুমান নিতান্ত মৌলিক, গুৰুত্বপূর্ণ দিশত কি হৈছে, ৰাইজে সেই সমস্ত দেখিছে৷ ডাঙৰ কথাবোৰ আছেই, কিন্তু ‘স্বচ্ছ্ ভাৰ্ত’ অভিযানৰ ক্ষেত্রতে একপ্রকাৰে হাত দাঙি দিয়াৰ দৰে হ’ল৷ ঠাইৰ নাটনিৰ হেতু বহু কথা ঠেলা মাৰি থৈছোঁ৷ কিন্তু অসম আৰু অসমীয়াৰ বুকু পুৰি ক’লা কৰা জীৱন–মৰণ সমস্যাসমূহৰ সমাধান সন্দর্ভত তেখেতে আৰু তেখেতৰ অনুগামীসকলে বাৰম্বাৰ দিয়া গগন ফলা অলেখ প্রতিশ্রুতিৰ সম্পর্কত তেখেতৰ সম্পূর্ণ ঋণাত্মক আচৰণ আৰু কাণ তাল মৰা নিস্তব্ধতাই মানুহক আশ্চর্য্যান্বিত, হতচকিত আৰু মর্মাহত কৰি ৰাখিছে৷
সিংঘলদেৱ, আপুনি নাভাবেনে যে গুৱাহাটীৰ উপৰি অসমৰ ইমূৰৰপৰা সিমূৰলৈ সৰু, ডাঙৰ, মজলীয়া সকলো চহৰৰে পথ, পদপথ আৰু অন্যান্য ৰাজহুৱা স্থানত দেখা পোৱা, প্লাস্তিক, পলিথীন, পেলনীয়া খাদ্য বস্তু আৰু অন্যান্য পেলনীয়া পদার্থ, জীৱ–জন্তুৰ মৃতদেহ আৰু জাবৰ–জোঁথৰৰ পূতিগন্ধময় দ’মে এটা কদর্য্য পৰিৱেশ সৃষ্টি কৰাৰ উপৰি জন স্বাস্থ্যৰ প্রতি চৰম ভাবুকিৰ সৃষ্টি কৰিছে আৰু স্থানীয় পৌৰ নিকায়সমূহৰ লগতে চৰকাৰৰ পৌৰ প্রশাসন বিভাগ তথা সামগ্রিকভাৱে অসম চৰকাৰৰ দুর্নীতি, অকর্মণ্যতা আৰু বিফলতাকো প্রতিপন্ন কৰিছে? এই অৱস্থা অন্ত কৰাৰ বিষয়ে আপুনি কি ভাবিছে?
মন্ত্রী মহোদয়,Foot Path (ফূট্ পাথ ডাবল–০০–থাকিলে, দীর্ঘ ঊ () কাৰ) মানে হৈছে পদ পথ, অর্থাৎ যি পথেদি যাবলৈ পদ বা ভৰি ব্যৱহাৰ কৰা হয়৷ কিন্তু অসমৰ বেছিভাগ মানুহে এই কথা নাজানে বুলি ক’লেও ডাঙৰ ভুল নহয় মন্ত্রী, বিধায়ক, আমোলা, আৰক্ষী, ‘ৱিদ্বান’ লোকসকলো ইয়াৰ ব্যতিক্রম নহয়৷ দৰাচলতে, নগৰীয়া অঞ্চলত, অন্ততঃ পদপথ থকা ঠাইত, খোজকাঢ়ি যাবৰ বাবে পদপথ ব্যৱহাৰ কৰা অভ্যাসটো এটা অত্যাৱশ্যকীয় নাগৰিক আচৰণ তথা সংস্কৃতিৰূপে গঢ়ি তুলিবলৈ কোনো চৰকাৰে আজিকোপতি একো ব্যৱস্থা নল’লে৷ বজাৰ বলিয়া নাগৰিকসকল, ‘উচ্চ শিক্ষা’ গ্রহণ কৰি থকা ছাত্র–ছাত্রী, আটাই ‘বিন্দাছ’ দৰাচলতে অসমত পদপথৰ অর্থ হৈছে হৰেকমালৰ দোকান–বজাৰ ফাস্ত্ ফূড্ জইণ্ট বাইক্, সূকটা(ৰ্) আদিৰ আস্থান তথা মেৰামতি কাৰখানা বিহাৰীৰ ফুস্কা, কুঁহিয়াৰ ৰসৰ বেহা তথা ‘মস্তান’ লোকৰ দাদাগিৰিৰ স্থান৷ আপুনি নাভাবেনে যে পদপথৰ এনে অসভ্য, বর্বৰ, জঘন্য অৱস্থাৰ বাবেই পথচাৰী লোক মূল ৰাজপথেদি খোজ কাঢ়িবলৈ বাধ্য হয়, আৰু, তাৰ ফলতে প্রতিবছৰে, যান–বাহনৰ খুন্দাত অলেখ লোক য়মপুৰীৰ যাত্রী হয়? অথচ, চৰকাৰে লাভ্লীনা বৰগোহাঁইক ব্যৱহাৰ (য়ূয্) কৰি প্রচাৰ কৰে বোলে পথ দুর্ঘটনাত ঘটা মনুষ্য মৃত্যুৰ ৭৫ শতাংশ ভাগৰ প্রধান কাৰণ তীব্র বেগ ৰাষ্ট্রীয় ঘাইপথ হাঃ হাঃ হাঃ৷ আপুনি এতিয়া কি কৰিব?