নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেঙেৰাবাৰীৰ স্বাস্থ্য সেৱা সঞ্চালকৰ কার্যালয়ত জুৱাৰ আড্ডা বিষয়া–কর্মচাৰীৰ

গুৰুত্বপূর্ণ কার্যালয়ত বান্ধিছে ফাইলৰ দ’ম

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ সমগ্র বিশ্বৰ লগতে অসমতো ক’ভিড মহামাৰীয়ে জুৰুলা কৰাৰ সময়তে স্বাস্থ্য বিভাগৰ দৰে এটা গুৰুত্বপূর্ণ কার্যালয়ত চলিছে নাভূত–নাশ্রুত ঘটনা৷ দিছপুৰৰ নিচেই কাষতে থকা হেঙেৰাবাৰীস্থিত স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কার্যালয় এতিয়া পৰিণত হৈছে জুৱাৰ ৰমৰমীয়া আড্ডাস্থলীত৷ কামচোৰ একাংশ নিষ্কর্মা কর্মচাৰীয়ে মোটা হাৰত চৰকাৰী বেতন লৈ চৰকাৰী কার্যালয়তে এতিয়া খেলিছে জুৱা৷

স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কেণ্টিনৰ কাষত থকা এটা কক্ষ অধিগ্রহণ কৰি একাংশ কর্মচাৰীয়ে চৰকাৰী কার্যালয় পৰিণত কৰিছে মদ–ভাং, জুৱাৰ আড্ডাস্থলীত৷ স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ দৰে অতি গুৰুত্বপূর্ণ এটা কার্যালয়ত একাংশ কামচোৰ কর্মচাৰীয়ে টেবুল, ডেক্স পাৰি জুৱা খেলে৷ স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ সঞ্চালক ডাঃ ৰথীন্দ্র ভূঞাৰ চকুত ধূলি মাৰি একাংশ কর্মচাৰীয়ে নিতৌ দুপৰীয়া, আবেলি খেলে জুৱা৷

উল্লেখ্য যে এইটো স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কার্যালয়ৰ পৰাই পৰিচালনা হয় বহু গুৰুত্বপূর্ণ চৰকাৰী কাম–কাজ৷ তেনেস্থলত একাংশ কর্মচাৰীয়ে কামৰ বিপৰীতে ভাগ লৈ আহিছে জুৱা খেলত৷ সমান্তৰালভাৱে সঞ্চালকৰ চকুত ধূলি মাৰি কার্যালয় চলি থকাৰ সময়তে জুৱা খেলৰ আড্ডাক লৈ এতিয়া সৃষ্টি হৈছে গভীৰ ৰহস্য৷ মন কৰিবলগীয়া যে এনে একাংশ দায়িত্বজ্ঞানহীন কর্মচাৰীৰ বাবে কার্যালয়ত আধৰুৱা হৈ ৰয় বহু কাম৷ কামচোৰ একাংশ কর্মচাৰীৰ বাবে কার্যালয়ত সৃষ্টি হয় ফাইলৰ দ’ম৷ তদুপৰি এনে একাংশ কামচোৰ মনোবৃত্তিৰ কর্মচাৰীৰ বাবে দূৰ–দূৰণিৰ পৰা বহু গুৰুত্বপূর্ণ কাম লৈ অহা আন একাংশ লোক নিৰাশমনে উভতিব লগা হৈছে৷

You might also like