নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই বিষয়াক ৮ ঘণ্টা জেৰা চিএম ভিজিলেঞ্চৰ

এপিডিচিএলৰ নিযুক্তি পৰীক্ষা কেলেংকাৰি

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টম্বৰঃ এ পি ডি চি এলৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰিৰ তদন্ত চলাই থকা মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই লাভ কৰিছে অগ্রগতি৷ ইতিমধ্যে এই কেলেংকাৰিত জড়িত উপ–মহাপ্রবন্ধক, অ’ এছ ডিকে ধৰি ১১জন লোকক গ্রেপ্তাৰ কৰাৰ পাছত বুধবাৰে তদন্তকাৰী দলটোৱে এ পি ডি চি এলৰ দুজন শীর্ষ বিষয়াক আঠ ঘণ্টাকৈ জেৰা কৰে৷ ২০১৯ চনত অনুষ্ঠিত কৰা পৰীক্ষা সমিতিৰ অধ্যক্ষ ৰূপে থকা সঞ্জয় ভৌমিক আৰু সদস্য ডেইজিম হাজৰিকাক বুধবাৰে মুখ্যমন্ত্রী তদাৰকী শাখাৰ মাৰাথন জেৰা চলায়৷

লক্ষণীয়ভাৱে এই জেৰাকালতেই দুয়োজন বিষয়াই কিধৰণে পৰীক্ষাত জড়িত হৈ আছিল, অ’ এছ ডি দীপাংকৰ দিহিঙীয়াৰ সৈতে কেনেকৈ সংযুক্ত হৈ আছিল এই বিষয়সমূহৰ বিস্তৃত তথ্য সংগ্রহ কৰে তদন্তকাৰী গোটে৷

উল্লেখ্য যে এ পি ডি চি এলৰ বিগত দীর্ঘসময় ধৰি খুঁটি পুতি বহি থকা অ’ এছ ডি দীপাংকৰ দিহিঙীয়াৰ সৈতে যথেষ্ট ঘনিষ্ঠ আছিল সঞ্জয় ভৌমিক৷ এই ঘনিষ্ঠতাৰ সুবাদতেই সঞ্জয় ভৌমিকে নিজৰ জীয়াৰীক এ আই জি চি এলত চাকৰি দিবলৈ সক্ষম হৈছিল৷ লক্ষণীয়ভাৱে পৰীক্ষা কমিটীৰ অধ্যক্ষ ৰূপে থকা সঞ্জয় ভৌমিকে নিজৰ ঘনিষ্ঠতা বজাই ৰাখিবলৈ অ’ এছ ডি দিহিঙীয়াক পৰীক্ষাৰ প্রশ্ণকাকত প্রস্তুত কৰিবলৈও দায়িত্ব দিছিল৷ বুধবাৰে জেৰাকালত এই বিষয়বোৰ তুলি ধৰে তদাৰকী শাখাই৷

ইফালে ডেইজিম হাজৰিকাই ২০১২ বর্ষত এ পি ডি চি এলত যোগদান কৰাৰ পাছৰে পৰা বিভাগটোৰ একপ্রকাৰ হর্তাকর্তা হৈ পৰিছিল৷ চাকৰি কার্যকালৰ যোৱা ১০টা বছৰতে ডেইজিম হাজৰিকাই সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছিল৷ ২০১৯ বর্ষত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত ডেইজিম হাজৰিকা আছিল আই টি বিভাগৰ উপ–প্রবন্ধক৷ কিন্তু সকলো দিশতে মেনেজ কৰিবলৈ সক্ষম হোৱা এইজন বিষয়াই সহকাৰী প্রবন্ধকলৈ পদোন্নতি লাভ কৰে৷ এয়াই নহয়, দীপাংকৰ দিহিঙীয়াৰ সৈতে ঘনিষ্ঠতা বজাই ৰখা ডেইজিম হাজৰিকাই পৰীক্ষাৰ প্রার্থীৰ সৈতে যোগাযোগ কৰাৰো অভিযোগ উত্থাপন হৈছে৷

বুধবাৰে তদন্তকাৰী গোটে এই বিষয়সমূহক লৈ হাজৰিকাক প্রশ্ণ কৰে৷ দীঘলীয়া জেৰাৰ অন্তত দুয়োজন বিষয়াক যাবলৈ দিয়া হয় যদিও পুনৰ প্রয়োজনত জেৰাৰ সন্মুখীন হ’বলৈ সাজু থাকিবলৈ নির্দেশ দিয়ে৷ ইফালে বুধবাৰে তদাৰকী শাখাই এ পি ডি চি এলৰ চি জি এম কৰবী ডেকা বৰাকো সোধা–পোছা কৰে৷ অৱশ্যে তদাৰকী শাখাৰ নির্দেশৰ পাছতো আজি জেৰাত উপস্থিত নাথাকিল এ পি ডি চি এলৰ বিষয়া বিশ্বজিৎ গগৈ৷ আজি বিষয়াজনক দিনৰ ১১ বজাত তদাৰকী শাখাৰ কার্যালয়ত হাজিৰ হ’বলৈ  স্পষ্ট নির্দেশ দিয়া হয়৷

You might also like